মণিপুৰৰ ৰাজ্যপালক বিধানসভাৰ জৰুৰী অধিবেশন আহবান কংগ্ৰেছৰ

মণিপুৰ বিধানসভাৰ বিৰোধী দলৰ (কংগ্ৰেছ বিধানসভা পাৰ্টি)ৰ পাঁচজন সদস্যই মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰে

author-image
Asomiya Pratidin
New Update
 মণিপুৰৰ ৰাজ্যপালক বিধানসভাৰ জৰুৰী অধিবেশন আহবান কংগ্ৰেছৰ

ডিজিটেল সংবাদ,বেকাজান: বুধবাৰে সন্ধিয়া চিএলপি নেতা ওক্ৰম ইবোবি সিঙৰ নেতৃত্বত মণিপুৰ বিধানসভাৰ বিৰোধী দলৰ (কংগ্ৰেছ বিধানসভা পাৰ্টি)ৰ পাঁচজন সদস্যই মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰে। এই সাক্ষাতত ৰাজ্যখনত চলি থকা অভূতপূৰ্ব অস্থিৰতাক লৈ মণিপুৰ বিধানসভাৰ জৰুৰী অধিৱেশন আহ্বান কৰিবলৈ দাবী জনায়।

Advertisment

ভাৰতীয় সংবিধানৰ ১৭৪(১) অনুচ্ছেদৰ অধীনত মণিপুৰৰ জনসাধাৰণৰ স্বাৰ্থত জৰুৰীকালীন অধিৱেশন আহ্বান কৰি চলি থকা সংকটৰ বিষয়ে আলোচনা কৰিবলৈ দাবী জনায় বিৰোধীয়ে। তেওঁলোকে কয় যে, চলি থকা অস্থিৰতাক লৈ আলোচনা আৰু বিতৰ্কৰ বাবে মণিপুৰ বিধানসভাই আটাইতকৈ উপযুক্ত মঞ্চ । যাৰ বাবে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ ব্যৱস্থাৰ পৰামৰ্শ দাখিল কৰি আলোচনা কৰিব পাৰি।

Also Read: বহি:ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা দেৰগাঁৱৰ ব্যক্তি নিৰুদ্দেশ...

manipur