মেঘালয়ৰ কুলিয়াঙত সংঘটিত ভূমিস্খলন এলেকা যানবাহন চলাচলৰ বাবে মুকলি

মেঘালয়ৰ কুলিয়াঙত সংঘটিত ভুমিস্খলনৰ‌ ফলত বন্ধ হৈ থকা ৬ নং শিলচৰ -  জোৱাই- শ্বিলং  ঘাইপথ অৱশেষত যাতায়তৰ বাবে মুকলি কৰি দিলে মেঘালয় চৰকাৰে।

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ কুলিয়াঙত সংঘটিত ভূমিস্খলন এলেকা যানবাহন চলাচলৰ বাবে মুকলি

মেঘালয়ৰ কুলিয়াঙত সংঘটিত ভূমিস্খলন এলেকা যানবাহন চলাচলৰ বাবে মুকলি

ডিজিটেল সংবাদ, শিলচৰঃ মেঘালয়ৰ কুলিয়াঙত সংঘটিত ভুমিস্খলনৰ‌ ফলত বন্ধ হৈ থকা ৬ নং শিলচৰ -  জোৱাই- শ্বিলং  ঘাইপথ অৱশেষত যাতায়তৰ বাবে মুকলি কৰি দিলে মেঘালয় চৰকাৰে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ কুলিয়াঙত সংঘটিত ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰা পথটোৰ মাটি আৰু পানী আতৰাই যানবাহন চলাচলৰ বাবে মুকলি কৰি দিলে প্ৰশাসনে।‌ 

Advertisment

মেঘালয়ত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত শিলচৰ - জোৱাই-শ্বিলং ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথটোৰ কুলিয়াঙত পাহাৰৰ মাটি , শিল আৰু বোকা নামি অহাৰ ফলত পথটো সম্পুৰ্ণ বন্ধ হৈ পৰিছিল ।  এই পথটো বন্ধ হৈ পৰাৰ পিচত বৰাক উপত্যকাৰ লগতে চুবুৰীয়া ৰাজ্য মনিপুৰ মিজোৰাম আৰু ত্ৰিপুৰা দেশৰ বাকী অংশৰ সৈতে যাতায়ত বিচ্ছিন্ন হৈ পৰিছিল। ইয়াৰ পিছতে জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধ কালীয় তৎপৰতাৰে কাম কৰি অৱশেষত পথচোৱাৰ পৰা মাটি আৰু শিল  আতৰাই যান বাহন চলাচলৰ বাবে পথটো মুকলি কৰি দিয়ে। অৱশ্যে পথটো "অন ৱে" কৰি যানবাহন সমূহ চলাচলৰ ব্যৱস্থা কৰা হৈছে। পথছোৱা পিচল হোৱা বাবে চালক সকলক সাৱধানে যান বাহন চলাবলৈ প্ৰশাসনৰ ফালৰ পৰা বিশেষ অনুৰোধ জনোৱা হৈছে।

ইফালে, বিগত কেইবাদিন ধৰি হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত শিলচৰ - হাফলং ৩৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ভয়ংকৰ হৈ পৰিছে। হাফলং, জাতিংগাসহ বিভিন্ন পাহাৰীয়া স্থানত প্ৰৱল ভুমিস্খলন হোৱাত পথটো সম্পূৰ্ণ বন্ধ হৈ পৰিছে। ফলত যানবাহনৰ চলাচল সম্পূৰ্ণ বন্ধ হৈ পৰিছে। কোনো স্থানত দলং পৰ্যন্ত ভাঙি পৰিছে। ইফালে পথছোৱা পুতি পেলোৱা শিলা খণ্ড মুকলি কৰিবলৈ জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে যদিও ধাৰাষাৰ বৰষুণ অব্যাহত থকা বাবে এতিয়াও পথছোৱা সম্পূৰ্ণ মুকলি কৰিব পৰা নাই।

ভূমিস্খলন