বৈষ্ণৱ সাধক, শিল্পী পেঞ্চনাৰ ভোগেশ্বৰ ভৰালীৰ দেহাৱসান

ঢকুৱাখনাৰ এগৰাকী বৈষ্ণৱ লোক সংস্কৃতিৰ সাধক ভোগেশ্বৰ ভৰালীৰ দেহাৱসান। বিগত প্ৰায় অৰ্ধ শতিকাৰো অধিক কাল ভাওনা সংস্কৃতিৰ নিৰলস সাধনাত ব্ৰতী আছিল ভৰালী।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বৈষ্ণৱ সাধক শিল্পী পেঞ্চনাৰ ভোগেশ্বৰ ভৰালীৰ দেহাৱসান

বৈষ্ণৱ সাধক শিল্পী পেঞ্চনাৰ ভোগেশ্বৰ ভৰালীৰ দেহাৱসান

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ এগৰাকী বৈষ্ণৱ লোক সংস্কৃতিৰ সাধক ভোগেশ্বৰ ভৰালীৰ দেহাৱসান। বিগত প্ৰায় অৰ্ধ শতিকাৰো অধিক কাল ভাওনা সংস্কৃতিৰ নিৰলস সাধনাত ব্ৰতী আছিল ভৰালী। উত্তৰ অসমৰ এগৰাকী নীৰৱ লোকশিল্পৰ সাধক ভৰালীৰ যোৱা ২১ মে'ত বৈকুণ্ঠপৰায়ন ঘটে। অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ভাস্কৰ্য শিল্পৰ খনিকৰ ভৰালীৰ শনিবাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়।

Advertisment

উজনি জালভাৰী গাঁওৰ নিজা বাসগৃহত দিন জোৰাকৈ অনুষ্ঠিত কৰা হয় আদ্যশ্ৰাদ্ধৰ। পুৱা ধৰ্মীয় পৰম্পৰাৰে শোকাভিভূত পৰিয়াল আত্মীয় স্বজনে  ধৰ্মপ্ৰাণ গাঁওবাসীৰ সহযোগিতাত মাংগলিক কৰ্মৰে শ্ৰাদ্ধৰ আৰম্ভণি কৰে। ইয়াৰ পাছতে বৈষ্ণৱ সাধক ভৰালীৰ প্ৰতিচ্ছবিত পুষ্প প্ৰদান কৰি পুণ্যত্মাৰ সদগতি কামনাৰে আদৰণি চৰাত বন্তি প্ৰজ্বলন কৰে কন্যা পিংকি ভৰালী আৰু বিউটি ভৰালীয়ে।

গাঁওবাসীৰ উপস্থিতিত সমাপন হোৱা এই স্মৃতিচাৰণৰ পাছতেই বৈষ্ণৱ সাধক ভৰালীৰ সৃষ্টিশীলতাৰ বাঙ্ময় চিত্ৰখচিত এক এলবামৰ উন্মোচন কৰে প্ৰবীণ শিক্ষাবিদ প্ৰমোদ দত্ত ,নামাচাৰ্য  হেম চন্দ্ৰ দত্ত আৰু ঢকুৱাখনা সমজিলাৰ জিলা সাংস্কৃতিক বিষয়া ইভালিনা পাঠকে। অনুষ্ঠানতেই  অবিভক্ত লখিমপুৰ জিলাত শংকৰী লোক সংস্কৃতিৰ নিৰন্তৰ চর্চা, ভাওনা শিল্পৰ প্ৰস্তুতকর্তা, ভাওনা পৰিচালক অভিনেতা ভৰালীৰ জীৱন কীৰ্তিৰ সশ্ৰদ্ধ স্মৰণেৰে পৰিয়ালবৰ্গৰহৈ ডঃ পংকজ ভৰালীয়ে প্ৰকাশ কৰি উলিওৱা " কল্যান খৰমান" উন্মোচন কৰা হয়। 

জিলা সাংস্কৃতিক বিষয়া ইভালিনা পাঠকে প্ৰবীণ শিক্ষাবিদ প্ৰমোদ দত্ত, প্ৰবীণ নামাচাৰ্য হেম চন্দ্ৰ দত্তৰ সহযোগিতাত এই স্মাৰক গ্ৰন্থখন উন্মোচন কৰে। মৃতকৰ  ভতিজা ,গৱেষক ছাত্ৰ নব কুমাৰ ভৰালীৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰায় ৮০পৃষ্ঠাৰ এই স্মাৰক গ্ৰন্থ উন্মোচন কৰি সাংস্কৃতিক বিষয়া পাঠক আৰু জ্যেষ্ঠ নাগৰিক প্ৰমোদ দত্তৰ লগতে প্ৰকাশকৰ হৈ প্ৰদীপ ভৰালীযে চমু বক্তব্য আগবঢ়াই। সম্পাদক নব কুমাৰ ভৰালীয়ে আঁত ধৰা উন্মোচনী অনুষ্ঠানত ভৰালী পৰিয়ালৰ সকলো আত্মীয় স্বজন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি যাচি মৃতকৰ শ্ৰদ্ধাশীল স্মৰণ কৰে। বিয়লি পৰ্যন্ত নামকীৰ্তনেৰে সম্পন্ন হোৱা আদ্যশ্ৰাদ্ধৰ সতে সংগতি ৰাখি নিশালৈ গাঁওৰ যুৱ সমাজৰ উদ্যোগত এখন ভাওনা মঞ্চস্থ কৰা হয়।

ঢকুৱাখনা