বহি:ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা দেৰগাঁৱৰ ব্যক্তি নিৰুদ্দেশ...

বহি:ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা দেৰগাঁৱৰ ব্যক্তি নিৰুদ্দেশ...

author-image
Asomiya Pratidin
New Update
বহি:ৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যোৱা দেৰগাঁৱৰ ব্যক্তি নিৰুদ্দেশ...

ডিজিটেল সংবাদ, দেৰগাঁওঃ বহি:ৰাজ্যলৈ বুলি কৰ্মসংস্থাপন বিচাৰি যোৱা অসমৰ এজন যুৱক নিৰুদ্দেশ। দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত নেঘেৰিটিং চাহ বাগিচাৰ টেকেলা লাইনৰ এজন ব্যক্তি নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালৰ লোক গভীৰ চিন্তিত হৈ পৰিছে।

Advertisment

প্ৰাপ্ত তথ্য মতে যোৱা ৭ জুলাইত বহি:ৰাজ্যলৈ বুলি কৰ্মসংস্থাপন বিচাৰি যোৱা বুবাই কৰ্মকাৰ নামৰ ৪২ বছৰীয়া লোক জনে সুৰেশ ওৰাং নামৰ এজন লোকৰ সৈতে চেন্নাইলৈ ৰে'লেৰে যাত্ৰা কৰিছিল । কিন্তু এই যাত্ৰা পথৰ মাজৰ পৰাই এই বুবাইৰ পৰিয়ালৰ সৈতে সংযোগ নাইকিয়া হৈ পৰে । বুবাইৰ লগত থকা ফোন নম্বৰটোও ছুইচ অফ হৈ আছে।

আনহাতে তেওঁ লগত যোৱা সুৰেশ ওৰাং নামৰ ব্যক্তিজনে ৰে'লৰ পৰাই বুবাই কৰ্মকাৰ হঠাৎ নিৰুদ্দেশ হৈ পৰে বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়াত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগে । সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে পৰিয়ালৰ লোকে দেৰগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও অদ্যপি কোনো শুংসুত্ৰ লাভ কৰা নাই ।

কোনো লোকে এই ব্যক্তি জনৰ বিষয়ে কিবা সন্ধান পালে দেৰগাঁও আৰক্ষী থানা নাইবা পৰিয়ালৰ ৮৮১১৮৭১৮৮৫,৬০০১৪০২২৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । অন্যহাতে এই সহজ-সৰল ব্যক্তিজন কি পৰিস্থিতিত পৰি নিৰুদ্দেশ হ'ব লগা হ'ল এই সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত কৰিবলৈ নেঘেৰিটিং বাগিচা সংঘ আৰু আটছাৰ দেৰগাঁও শাখাই প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।

Also Read: জালত পৰিল অসম আৰক্ষীৰ DIG ৰ মোবাইল ফোন চুৰি কৰি নিয়া জাভেদ আলী

Assam police