/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/14/pratidin-digital-logo-3-hfgji-2025-10-14-17-54-51.png)
অসমীয়া প্ৰতিদিন ডিজিটেল হৈছে অসমীয়া ভাষাৰ এটি সংবাদ মাধ্যম। যিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চল, আৰু সমগ্ৰ অসমীয়া জাতিৰ পঢ়ুৱৈ সমাজক বিগত কেইবাবছৰ ধৰি সেৱা আগবঢ়াই আহিছে। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত বহুলভাৱে প্ৰচাৰিত আৰু জনসমৰ্থন থকা অসমীয়া প্ৰতিদিন ডিজিটেলৰ বীজ অংকুৰিত হৈছিল ২০১৮ চনত। উক্ত সময়চোৱাত আৰম্ভ কৰা ডিজিটেল ডেস্কখনৰ বহুল সমাদৃত।
স্মৰ্তব্য যে,সমাজক প্ৰভাৱান্বিত কৰা ভিন্ন বিষয়সমূহ গ্ৰহণ কৰি সত্য আৰু নিৰপেক্ষ সাংবাদিকতাৰ বাবে অসমীয়া প্ৰতিদিন ডিজিটেলে জনমানসত সুনাম অৰ্জন কৰিছে। অসমীয়া প্ৰতিদিনে সদায়েই নিজৰ উদ্দেশ্যৰ আগত ৰাইজৰ স্বাৰ্থক আগস্থানত ৰাখি ৰাইজৰ কণ্ঠক প্ৰতিনিধিত্ব কৰি তাক নিগৰাই আনিবলৈ চেষ্টা কৰে। ৰাজনীতি, ক্ৰীড়া, প্ৰশাসন, আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিক বিষয়ৰ পৰা আৰম্ভ কৰি ব্যৱসায়, স্বাস্থ্য, প্ৰযুক্তি, শিক্ষা, জীৱনশৈলী আদি বিষয়লৈকে সকলো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা পালন কৰি আহিছে অসমীয়া প্ৰতিদিন ডিজিটেলে।
বিভিন্ন ধৰণৰ সামাজিক মাধ্যম যেনে ফেচবুক,টুইটাৰ,ইউটিউব আদিত উপলব্ধ অসমীয়া প্ৰতিদিন ডিজিটেল। পৰিপ্ৰেক্ষিতত ই বিশ্বৰ যিকোনো ঠাইলৈ প্ৰসাৰিত হৈ জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত দূৰ-দূৰণিত থকা জনসাধাৰণৰ বিভিন্ন সমস্যাৰাজি বিষয়ে বস্তুনিষ্ঠ আলোচনাৰে সমস্যাসমূহ সমাধানৰ বাবে নীতি নিৰ্ধাৰণ কৰিব পাৰে।
অসমীয়া প্ৰতিদিন ডিজিটেল হৈছে বহুলভাৱে সমাদৃত সংবাদ গোষ্ঠী সাদিন- প্ৰতিদিনৰে এটা অংশ। এই প্ৰতিষ্ঠানৰে অংশস্বৰূপে প্ৰকাশ হৈ আহিছে অসমীয়া প্ৰতিদিন, সাদিন, নন্দিনী, সাতসৰী। ইয়াৰোপৰি বৈদ্যুতিক মাধ্যম প্ৰতিদিন টাইমৰো আছে ডিজিটেল সংস্কৰণ।
এই চেগতে উল্লেখ কৰো যে, প্ৰতিদিন গোষ্ঠীৰ জন্ম হৈছিল ১৯৮৮ চনত। ৰাইজৰ প্ৰতি সেৱাৰ লক্ষ্যৰে এই গোষ্ঠীটোৰ জন্ম দিছিল হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ নাতি জয়ন্ত বৰুৱাই।
সম্প্ৰতি সংবাদ গোষ্ঠীটোৰে জড়িত হৈ আছে হেম চন্দ্ৰ বৰুৱা আজোনাতি তথা জয়ন্ত বৰুৱাৰ সুযোগ্য সন্তান ঋষি বৰুৱা। তেওঁ বৰ্তমান প্ৰতিদিন সংবাদ গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্ব পালন কৰি আছে। জয়ন্ত বৰুৱাৰ কন্যা স্মিতাক্ষী বি গোস্বামীয়ে প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালক হিচাপে নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰি আহিছে।
প্ৰয়াত তিলক হাজৰিকা, প্ৰয়াত পৰাগ কুমাৰ দাস, প্ৰয়াত হোমেন বৰগোহাঁইৰ দৰে কেইবাজনো বিশিষ্ট সাহিত্যক-সাংবাদিকৰ অৱদানৰে ভেঁটি গঢ়িছিল এই সংবাদ প্ৰতিষ্ঠানটিৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)

