/asomiyapratidin/media/media_files/2025/05/20/liH6t2fIKxJtj7mHnk7p.jpg)
ডিজিটেল ডেস্কঃ দেশৰ প্ৰথমখন ১০০ শতাংশ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে মিজোৰাম। আজি আইজলত মুখ্যমন্ত্ৰী লালডোহোমাই এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে। মিজোৰাম বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীৰ উপস্থিতিত এই ঘোষণা কৰে লালডোহোমাই।
ইফালে মিজোৰামৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এই সম্পৰ্কত আনুষ্ঠানিকভাৱে এক্সৰ জৰিয়তেও অৱগত কৰিছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লালডোহোমাৰ উদ্ধৃতিৰে এক্সতো এই বিষয়ে উল্লেখ কৰিছে।
ইফালে ৰাজ্যখনৰ এই সাফল্যৰ বাবে ৰাজ্য চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণকো অভিনন্দন জনাইছে কেন্দ্ৰীয় শিক্ষা ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে। উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়ল অনুসৰি মিজোৰামৰ সাক্ষৰতাৰ হাৰ আছিল ৯১.৩৩ শতাংশ। এয়া আছিল দেশৰ ভিতৰতে তৃতীয়।
ৰাজ্যখনৰ চৰকাৰে অৱশিষ্ট অসাক্ষৰ লোকসকলকো চিনাক্ত কৰি শিক্ষা প্ৰদানৰ লক্ষ্য লয় আৰু সেই লক্ষ্যত উপনীত হয়। ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত ৰাজ্যখনে জৰীপ কৰি ৩০২৬ জন নিৰক্ষৰক চিনাক্ত কৰে। ইয়াৰে ১৬৯২ জন সম্ভাৱ্য শিক্ষাৰ্থী বুলিও চিনাক্ত হয়।
এই অভিযানৰ নেতৃত্ব দিবলৈ মুঠ ২৯২ জন স্বেচ্ছাসেৱী শিক্ষকে আগবাঢ়ি আহিছিল। যাৰ ভিতৰতস আছিল ছাত্ৰ, শিক্ষাবিদ, সমল ব্যক্তিৰ লগতে ক্লাষ্টাৰ সম্পদ কেন্দ্ৰৰ সমন্বয়ক আদি। এনেদৰেই সামূহিক প্ৰচেষ্টা, নিষ্ঠা, আৰু সমন্বয়ৰ ফলত মিজোৰামে সম্পূৰ্ণ সাক্ষৰতা লাভ কৰিছে বুলি উল্লেখ কৰিছে।
"As we celebrate this achievement, we also renew our commitment to sustaining literacy through continuous education, digital access, and vocational skill training"
— CM Office Mizoram (@CMOMizoram) May 20, 2025
"Let us now aim higher: digital literacy, financial literacy, and entrepreneurial skill for all Mizos"
- CM pic.twitter.com/8aPNdenGJ4