/asomiyapratidin/media/media_files/2025/05/27/Bp8Ieqin2ZVUlBMu9XE7.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতিৰ শাসনত থকা মণিপুৰ পুনৰ উত্তপ্ত হৈ উঠিছে। এইবাৰ পিছে মেইটেই আৰু কুকিৰ মাজৰ সংঘাতৰ বাবে নহয়, বৰঞ্চ সুৰক্ষা বাহিনীয়ে এখন বাছত লিখা মণিপুৰ শব্দ ঢাকি দিয়াৰ বাবেহে এইবাৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যখন।
ৰাষ্ট্ৰপতিৰ শাসন জাৰি হোৱাৰ পিছৰে পৰা মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ আশৰ কিৰণ দেখা পোৱা গৈছিল যদিও শেহতীয়াকৈ দেওবাৰে সংঘটিত হোৱা উক্ত ঘটনাৰ পিছত এতিয়া পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।খবৰ অনুসৰি মণিপুৰ ৰাজ্যিক পৰিবহণৰ এখন বাছত লিখি থোৱা মণিপুৰ শব্দক লৈ এই নতুন সংঘাতৰ সৃষ্টি হৈছে।
উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ৰাজ্যখনৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ নগা প্ৰধান পাহাৰীয়া জিলা উখৰুলত যোৱা ২০ মে'ৰ পৰা অনুষ্ঠিত কৰা হৈছে শিৰুই লিলি মহোৎসৱ। যোৱা দুবছৰ ধৰি চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে এই ৰাজ্যিক ফুলৰ উৎসৱ উদযাপনৰ পৰা বিৰত আছিল যদিও এইবাৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে এই উৎসৱ অনুষ্ঠিত কৰা হৈছিল।
এই উৎসৱৰ বাতৰি সংগ্ৰহ কৰিবলৈকে ইম্ফলৰ পৰা মেইটেই সম্প্ৰদায়ৰ একাংশ লোকৰ সৈতে এটা সাংবাদিকৰ দলো মণিপুৰ ৰাজ্যিক পৰিবহণ বিভাগৰ এখন বাছেৰে উখৰুললৈ যাত্ৰা কৰিছিল। কিন্তু মাত্ৰ ২৫ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে এটা চেক পোষ্টৰ সন্মুখত সাংবাদিক আৰু মেইটেই সম্প্ৰদায়ৰ একাংশ লোক থকা বাছখন ৰখাই দিয়ে আৰু বাছখনৰ সন্মুখত লিখি থোৱা মণিপুৰ শব্দটো ঢাকি দিয়ে।
ইয়াকে লৈ বাছখনত থকা সাংবাদিকৰ দলটোৰ সৈতে নিৰাপত্তা বাহিনীৰ মাজত বিতৰ্কৰ সূত্ৰপাত হয় আৰু তেওঁলোকে সেই উৎসৱলৈ নোযোৱাকৈ তাৰ পৰাই ইম্ফললৈ ঘূৰি আহে। পিছত ঘটনাত ক্ষুব্ধ হৈ সাংবাদিকসকলে ইম্ফল প্ৰেছ ক্লাবৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজ্যপালক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে।
এই ঘটনাৰ পিছতে অভিযোগ কৰা হৈছে মণিপুৰৰ পৰিচয়, নাম, গৌৰৱ আৰু সন্মানক আঘাত কৰা হৈছে। চৰকাৰী বাছখনৰ পৰা ৰাজ্যখনৰ নাম আঁতৰোৱাৰ বাবে ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ পৰা ক্ষমা বিচাৰিছে মণিপুৰ অখণ্ডতা সমন্বয় সমিতিয়ে।
তাৰোপৰি ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং, মুখ্য সচিব পি কে সিং আৰু আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিঙৰো পদত্যাগৰ দাবী উত্থাপন হৈছে।এই দাবীসমূহেৰে দেওবাৰৰ পৰা সমগ্ৰ মণিপুৰত নাগৰিক সংগঠনটোৱে অবজ্ঞা আন্দোলনৰ ঘোষণা কৰে, যাৰ বাবে ৰাজ্যখনৰ পৰিৱেশ পুনৰ উত্তপ্ত হৈ পৰিছে।
এনে পৰিস্থিতিত ইম্ফলৰ ৰাজভৱনৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। দেওবাৰে ৰাজভৱন গেটৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰত্বত থকা কংলা গেটত সমবেত হয় বহু সংখ্যক প্ৰতিবাদকাৰী। এই প্ৰতিবাদকাৰীসকল পিছুৱাই যাবলৈ অস্বীকাৰ কৰাত আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে।
আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বহু প্ৰতিবাদকাৰী আহত হৈছো বুলিও জানিব পৰা গৈছে। মণিপুৰ অখণ্ডতা সমন্বয় সমিতিয়ে এই সন্দৰ্ভত কয় যে এই ঘটনা ৰাজ্য আৰু ইয়াৰ জনসাধাৰণৰ বাবে অপমান।
সংগঠনটোৰ আহ্বায়ক খুৰাজম আথৌবাই এই সন্দৰ্ভত বিবিচিৰ আগত কয় যে, "এখন ৰাজ্যৰ নাম ঢাকি ৰখা বা মচি পেলোৱাটো সেই ৰাজ্যৰ মৰ্যাদাৰ বিৰোধী। এই কাৰ্যৰে ৰাজ্যখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যক অপমান কৰা হৈছে। প্ৰশাসনে ৰাজ্যখনৰ বিৰুদ্ধে এই কাম কৰিছে। সেয়েহে ৰাজ্যপালে ক্ষমা নিবিচৰালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।"
এই ঘটনাৰ প্ৰতিবাদত সংগঠনটোৱে আহ্বান কৰা ৪৮ ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যখনত পৰিলক্ষিত হৈছে। সংগঠনটোৰ নেতা আথাউবাই আৰু কয়, কুকি উগ্ৰপন্থীৰ ভাবুকিৰ ভয়ত ৰাজ্য চলোৱা লোকসকলে কেনেকৈ 'মণিপুৰ' ঢাকি ৰাখিব পাৰে? তেওঁলোকৰ ৰাজ্য চলোৱাৰ ধাৰণা যিয়েই নহওক কিয়, এনে কাৰ্যক আওকাণ কৰিব নোৱাৰি। এনে প্ৰশাসনক আমি কেনেকৈ বিশ্বাস কৰিম? মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতি ঠিক কৰিবলৈ লোৱা লোকসকলেই এনে কাৰ্য কৰি আছে। আমি চিভিলৰ সৈতে ৰাজ্যপালক বয়কট কৰাৰ সিদ্ধান্ত লৈছো।"
উল্লেখ্য যে, যোৱা ১৩ ফেব্ৰুৱাৰীত এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হৈছিল। এই ঘটনাৰ পিছত সোমবাৰে ৰাজ্যপালগৰাকী নতুন দিল্লীৰ পৰা ইম্ফললৈ উভতি অহাৰ সময়ত পথৰ দুয়োকাষে থিয় হৈ মানৱ শৃংখল গঠন কৰি প্ৰতিবাদকাৰীসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনে পৰিস্থিতিত বিমান বন্দৰৰ পৰা ৰাজ ভৱনলৈ ৰাজ্যপালগৰাকীক এয়াৰ লিফ্ট কৰিবলগীয়া হোৱা বুলিও জানিব পৰা গৈছে।
এই ঘটনা সন্দৰ্ভত মঙলবাৰে নতুন দিল্লীত সংগঠনটোৰ সাতজনীয়া প্ৰতিনিধি দলৰ সৈতে গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ এক বৈঠক আহ্বান কৰা হৈছে। ইফালে চৰকাৰী বাছত লিখা 'মণিপুৰ' শব্দটো আঁতৰোৱাৰ ঘটনা সন্দৰ্ভত কুকি জনগোষ্ঠীৰ মূল সংগঠন কমিটি অন ট্ৰাইবেল ইউনিটিৰ অধ্যক্ষ থাংলান কিপগেনে বিবিচিৰ আগত কয় যে, "মেইইটেই গোটে কি প্ৰতিবাদ কৰিছে সেই বিষয়ে মই একো ক'ব নিবিচাৰো। কিন্তু যদি কেন্দ্ৰীয় নিৰাপত্তা সংস্থাই নাগৰিকৰ স্বাৰ্থত কোনো পদক্ষেপ গ্ৰহণ কৰিছে, তেন্তে তেওঁলোকে সঠিক কাম কৰি আছে। আমি গ্ৰহণ কৰা সকলো পদক্ষেপক আমি সমৰ্থন জনাইছো।"