/asomiyapratidin/media/media_files/2025/05/30/HKxNWe08IZ1AYLQWASSp.jpg)
ডিজিটেল ডেস্কঃ যোৱা বুধবাৰৰ পৰা অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে স্তব্ধ হৈ পৰিছে মিজোৰাম। ফলত একেৰাহে দ্বিতীয় দিনৰ বাবেও বন্ধ ঘোষণা কৰা হৈছে আইজলৰ শিক্ষানুষ্ঠানসমূহ। জানিব পৰা মতে ঠায়ে ঠায়ে ৰাজ্যখনত সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলনো।
আইজলৰ উপ আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ লালহ্ৰিয়াতপুঞাই জাৰি কৰা এক অধিসূচনা অনুসৰি, "আইজল জিলাত বিগত কেইবা ঘণ্টা ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আইজল জিলাৰ অন্তৰ্গত সকলো বিদ্যালয়কে শুকুৰবাৰে বন্ধ ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।"
জানিব পৰা মতে মিজোৰামৰ লংটলাই জিলাত ১১২.৫০ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে চেৰচিপত ৭০ মিলিমিটাৰ, কোলাছিব ৬৩.৭০ মিলিমিটাৰ আৰু আইজলত ৬৩.৬০ মিলিমিটাৰ বৰষুণ হৈছে। এনে বৰষুণৰ ফলতে ঠায়ে ঠায়ে হোৱা ভূমিস্খলনৰ বাবে যাতায়ত ব্যৱস্থাও স্তব্ধ হৈ পৰিছে।
ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলে জনোৱা মতে, আইজল অঞ্চলৰ লগতে ৰাজ্যখনৰ অন্যান্য প্ৰান্তত ভূমিস্খলনৰ ফলত ঘাইপথ অৱৰোধ হৈ পৰিছে। এনে ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই।
ইফালে অসম আৰু মণিপুৰৰ সীমান্তৰ আইজল জিলাৰ মৌচাৰ গাঁৱত শুকুৰবাৰে পুৱাই ভূমিস্খলনৰ ফলত অসম আৰ্হিৰ এটা অট্টালিকা উটুৱাই লৈ যায়। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি ২৯ মে’ৰ পৰা ১ জুনলৈ ধুমুহা প্ৰচণ্ড বৰষুণৰ আগজাননী জাৰি কৰিছে।