গহপুৰৰ লেপেটাপৰাৰ বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক নিৰয় কাৰ্ডঙৰ দেহাৱসান...

গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত লেপেটাপৰা নিবাসী বিশিষ্ট সমাজকৰ্মী,সমাজ সংগঠনক তথা সক্ৰিয় ৰাজহুৱা কৰ্মী নিৰয় কাৰ্ডং আৰু নাই....। বাৰ্ধক্যজনিত কাৰণত যোৱা

author-image
Asomiya Pratidin
New Update
ffffffffffffff

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত লেপেটাপৰা নিবাসী বিশিষ্ট সমাজকৰ্মী,সমাজ সংগঠনক তথা সক্ৰিয় ৰাজহুৱা কৰ্মী নিৰয় কাৰ্ডং আৰু নাই....। বাৰ্ধক্যজনিত কাৰণত যোৱা প্ৰায় এমাহ ধৰি গুৱাহাটীৰ এপল' হস্পিতালত চিকিৎসাধীন হৈ থকাৰ অন্ততঃ যোৱা নিশা প্ৰায় ১০-৩০ বজাত চিকিৎসাধীন অৱস্থাতে জীৱন নাটৰ সামৰণি মাৰে তেওঁ।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৮ বছৰ।

Advertisment

জীৱনৰ সুদীৰ্ঘ দিন নিষ্ঠা আৰু সততাৰে সমাজৰ উন্নয়নৰ হকে সেৱা আগবঢ়াই অহা নিৰয় কাৰ্ডং আছিল এগৰাকী বলিষ্ঠ সমাজ সংগঠক আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী।বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত আগৰণুৱা আছিল তেওঁ।সমাজৰ উন্নয়নৰ হকে নি:স্বাৰ্থ ভাৱে কাম কৰি অহা নিৰয় কাৰ্ডং অঞ্চলটোৰ ৰাইজৰ এগৰাকী শ্ৰদ্ধাৰ ব্যক্তি।

তেওঁৰ আদৰ্শবান কৰ্মৰাজিৰ কাৰণে বিশ্বনাথ জিলা সাহিত্য সভাৰ দ্বাৰা ৰাজহুৱা ভাবে সম্বৰ্ধিত নিৰয় কাৰ্ডঙৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ হেলেম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰ তথা মিছামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰণৱ কাৰ্ডঙৰ উপৰিও তিনিগৰাকী বিবাহিত জীয়াৰী,তিনিগৰাকী জোঁৱাই, কেইবাটিও নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

তেওঁৰ মৃত্যুত বিশ্বনাথ জিলা সাহিত্য সভা,সুৰভি সাহিত্য সমাজ,গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু),অগপৰ গহপুৰ জিলা সমিতি,টিএমপিকেৰ বুৰৈ আঞ্চলিক সমিতি, বুৰৈ পৰীয়া মিছিং উন্নয়ন সমিতি,টিএমএমকেৰ বুৰৈ আঞ্চলিক সমিতি,এমএমকেৰ বুৰৈ আঞ্চলিক সমিতি,বুৰৈ আঞ্চলিক মিছিং সাহিত্য সভা,বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুল, আনন্দ চন্দ্ৰ আগৰৱালা ছিনিয়ৰ চেকেণ্ডৰী স্কুল, মিছামাৰী যুৱক সংঘ,মিছামাৰী গাঁও পঞ্চায়ত, গমিৰি গাঁও পঞ্চায়ত, মিছামাৰী যুৱ সংঘ,মিছামাৰী ব্যৱসায়ী সন্থা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লেপেটাপৰা প্ৰাথমিক শাখাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

গহপুৰ