অৰুণাচলত ভয়াবহ ভূমিস্খলনঃ যাত্ৰীসহ বাহনক হেঁচা মাৰি ধৰিলে পাহাৰৰ শিল-বালিয়ে

অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত শুকুৰবাৰে নিশা ভয়াবহ ভূমিস্খলনৰ ফলত পাহাৰৰ শিল-বালিয়ে এখন বাহন হেঁচা মাৰি ধৰাত পথৰ ওপৰতে নিহত হয় সাতজনকৈ যাত্ৰী।

author-image
Tushar Pratim
New Update
অৰুণাচলত ভয়াবহ ভূমিস্খলনঃ যাত্ৰীসহ বাহনক হেঁচা মাৰি ধৰিলে পাহাৰৰ শিল-বালিয়ে

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পূৱ কামেং জিলাত ভয়াবহ ভূমিস্খলনৰ ফলত পথৰ ওপৰতে নিহত হয় সাতজনকৈ যাত্ৰী। প্ৰতিকুল বতৰৰ মাজতে পাহাৰ খহি আহি চলন্ত গাড়ীৰ ওপৰত পৰাত পাহাৰৰ শিল-বালিয়ে হেঁচা মাৰি ধৰে এখন চলন্ত গাড়ী। 

Advertisment

জানিব পৰা মতে পূৱ কামেং জিলাখনৰ বানা নামৰ ঠাইখনৰ পৰা জিলা সদৰ চেপালৈ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি আছিল বাহনখন। সেই সময়তে পথৰ ওপৰত পাহাৰৰ পৰা খহি পৰা শিল-বালিয়ে হেঁচা মাৰি ধৰে গাড়ীখন। ফলত গাড়ীৰ ভিতৰতে প্ৰাণ হেৰুৱাই যাত্ৰীসকলে। 

যোৱা নিশাই সংঘটিত হোৱা এই ভূমিস্খলন আৰু ভূমিস্খলনৰ ফলত হোৱা দুৰ্ঘটনাৰ ঘটনা আজি পুৱাহে পোহৰলৈ আহে। তাৰ পিছতেই তেওঁলোকক উদ্ধাৰ কৰা হয় যদিও এই পৰ্যন্ত যাত্ৰীসকলক চিনাক্ত কৰিব পৰা হোৱা নাই। 

উল্লেখ্য যে অৰুণাচল প্ৰদেশ চৰকাৰে বিগত এসপ্তাহে হৈ থকা প্ৰৱল বৰষুণৰ বাবে ৰাজ্যখনত নিশাৰ ভাগত ভ্ৰমণ নকৰিবলৈ জাননী জাৰি কৰিছিল। তাৰ পিছতো নিশা এইদৰে এই বাহনখনে যাত্ৰীক লৈ অহাৰ পিছতে ভূমিস্খলনৰ সন্মুখীন হোৱা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইফালে এই ঘটনাতে পথেৰে গৈ থকা মাৰুতি ব্ৰীজা বাহন এখনো পাহাৰৰ মাটিয়ে ঠেলি নি তলত পেলাই। এই ঘটনাত এখন টাটা চুমু বাহনো ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে চুমুখনৰ যাত্ৰীসকলৰ সুৰক্ষিত হৈ আছে।

 

ভূমিস্খলন অৰুণাচল প্ৰদেশ