পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

পশ্চিম ইম্ফল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে ৬ জন উগ্ৰপন্থীক আটক কৰিছে।  

author-image
Asomiya Pratidin
New Update
পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

ডিজিটেল সংবাদ শিলচৰ: অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। পশ্চিম ইম্ফল আৰু কাকছিং জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ অত্যাধুনিক অবৈধ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে ৬ জন উগ্ৰপন্থীক আটক কৰিছে।  

Advertisment

পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

পশ্চিম ইম্ফল জিলাৰ কাঞ্চিপূৰত অভিযান চলাই আৰক্ষীয়ে দুজন PLA উগ্ৰপন্থীক আটক কৰে। ধৃত দুই উগ্ৰপন্থী ক্ৰমে হুয়াম চিত্তৰঞ্জন সিং ওৰফে থৌবা আৰু এল জয় চন্দ্ৰ মেইটেই ওৰফে আবুঙ।

ধন দাবীৰ সৈতে জড়িত উগ্ৰপন্থী দুজনৰ পৰা  ৫ টা গুলী ভৰ্তি ৩ টা মেগজিনসহ এটা  নাইন এম এম কাৰ্বাইন মেচিন গান, AK ৰাইফলৰ ২৪ টা সক্ৰিয় গুলী, এটা .303 LMG মেগজিনসহ বিভিন্ন মাৰণাস্ত্ৰৰ বুজন পৰিমাণৰ গুলী সহ ৫ টা মোবাইল ফোন, এখন চাৰিচকীয়া বাহন আৰু নগদ ধন জব্দ কৰিছে।

পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

সেইদৰে পৃথক পৃথক অভিযানত পশ্চিম ইম্ফল জিলাৰ  কাইৰাঙ চিংগাৰ পৰা দুজন KCP, কাকছিং জিলাৰ তেজপুৰৰ পৰা  দুজন  KYKL আৰু কৈৰেংগেই বজাৰৰ পৰা নিষিদ্ধ সংগঠন PREPAKৰ এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত থংজাম দিয়া সিং, ছিংগাবাম সিং, নংথমবাম ৰবীন্দ্ৰ সিঙৰ পৰা মেগজিনসহ এটা 7.62 mm Sniper Rifle,  দুটা মেগজিনসহ এটা 9 mm Pistol, এখন বাইকসহ বুজন পৰিমাণৰ গুলী জব্দ কৰিছে।

পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

আনহাতে, অন্য উগ্ৰপন্থী কেইজন খুমুকচাম আমুথৈ মেইটেই আৰু মায়াংলামবাম প্ৰেমচান্দ মেইটেই। তেওঁলোকৰ পৰা কেইবাটাও মোবাইল ফোন জব্দ কৰা হৈছে।

পৃথক অভিযানত অত্যাধুনিক মাৰণাস্ত্ৰসহ ৬ উগ্ৰপন্থীক আটক...

ইম্ফল মণিপুৰ