শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জোনাই জিলাৰ সভাপতি-সম্পাদক সন্মিলন সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ উদ্যোগত চিমেন চাপৰি ডেকা মাজগাঁও নামঘৰত দেওবাৰে সভাপতি-সম্পাদক, সভানেত্ৰী-সম্পাদিকা আৰু নায়ক-নায়িকাৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয় ।

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জোনাই জিলাৰ সভাপতি-সম্পাদক সন্মিলন সম্পন্ন

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ জোনাই জিলাৰ সভাপতি-সম্পাদক সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ, চিলাপথাৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ উদ্যোগত চিমেন চাপৰি ডেকা মাজগাঁও নামঘৰত দেওবাৰে সভাপতি-সম্পাদক, সভানেত্ৰী-সম্পাদিকা আৰু নায়ক-নায়িকাৰ এখন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হয় ।
 সামূহিক প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সন্মিলনৰ আঁতধৰে চিমেন চাপৰি আঞ্চলিক শাখাৰ সভাপতি দিনেশ সন্দিকৈয়ে। সকলোৰে কুশল কামনা কৰি প্ৰাৰ্থনা আগবঢ়ায় আই-মাতৃৰ উপদেষ্টা দূৰ্গেশ্বৰী দাস মহনে। সন্মিলনখনিৰ আঁতধৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা শিশু আৰু আই-মাতৃ কল্যাণ শাখা সমিতিৰ সম্পাদিকা মঞ্জু দাসে আৰু সঞ্চালনা কৰে সভানেত্ৰী মণি বৰাই। 

সভাত জিলা সম্পাদক লোকনাথ বৰদলৈ, সেৱা বাহিনীৰ কেন্দ্ৰীয় সঞ্চালন সমিতিৰ সদস্য তপন হাজৰিকা, চিমেন চাপৰি আঞ্চলিক শাখাৰ সভাপতি বিমান বৰা, আই-মাতৃ কল্যাণ শাখা সমিতিৰ উপদেষ্টা স্বৰ্ণলতা ফুকন আদি কেইবাজনো বক্তাই সভাপতি- সম্পাদক আৰু নায়ক-নায়িকা সকলক উদ্দেশ্যি সাৰুৱা বক্তব্য প্ৰদান কৰে। আনহাতে গুণমাই গগৈ,বুল বুল নাথ,পূজা ৰায়, অঞ্জলি দাস, নিকুঞ্জ বেজবৰুৱা,বেবী শইকীয়া,বীণা দত্ত আদি সভানেত্ৰী- সম্পাদিকাসকলে নিজ নিজ প্ৰাথমিক শাখাৰ বাৰ্ষিক কাৰ্যসূচী সমূহ সভাত ব্যক্ত কৰে । সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জোনাই জিলা সাহিত্য শাখাৰ সভাপতি ভুবন দাস, সেৱা বাহিনী সৰ্বাধিনায়ক হৰি পেগু, চিমেন চাপৰি আঞ্চলিক শাখাৰ বিষয়ববীয়া আৰু প্ৰাথমিক শাখাসমূহৰ শতাধিক বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।

চিলাপথাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ