ইন্ধনৰ ৰূপত পানী, যোৰহাটত চলিল গাড়ী
ইন্ধনৰ ৰূপত পানী, যোৰহাটত চলিল গাড়ী 
বিশেষ লেখা

ইন্ধনৰ ৰূপত পানী, যোৰহাটত চলিল গাড়ী...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

গাড়ী কিনিছ, পানীৰে চলাবি নেকি? তোক থৈ আহিবলৈ হ'লে গাড়ীত কিন্তু তেল ভৰাব লাগিব। পানীত গাড়ী নচলে, সেইটোতো জান।- এইধৰণৰ কথা আমি প্ৰায়ে শুনো। ইন্ধনৰ আকাশমুখী দামে সমগ্ৰ বিশ্বকে চিন্তিত কৰি ৰাখিছে। দামৰ লগতে আৰু কিমান দিনলৈ পেট্ৰ'ল, ডিজেল বিশ্বত উপলব্ধ হ'ব সেয়াও এক চিন্তাৰ কাৰণ হৈ পৰিছে।

পানীত যদি গাড়ী চলিলহেতেন, তেন্তে চিন্তাই নাছিল। এইধৰণৰ ভবা কথাবোৰ সঁচা হোৱাৰ দিশে আগবাঢ়িছে। বাস্তৱত পানীৰে গাড়ী চলাইছে ৰাজপথত। অৰ্থাৎ ইন্ধনৰ বিকল্প হিচাপে পানীক ব্যৱহাৰ কৰা হৈছে।

১০ আগষ্ট ২০২৩ ত যোৰহাটত এখন বাছে সেই অসম্ভৱক সম্ভৱ কৰাৰ বাট দেখুৱালে। অৱশ্যে এযা সম্পূৰ্ণ পৰীক্ষামূলক। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰণালয়ে এই বাছখন চলাবলৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষক অনুমতি প্ৰদান কৰাৰ পাছতেই বাছখনৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ হয়।

অইল ইণ্ডিয়াই পুনেৰ এটা কোম্পানীৰ সহযোগত এই বাছখনৰ নিৰ্মাণ আৰু পৰিকল্পনা সম্পূৰ্ণ কৰিছে। কিন্তু পানীৰে বাছখন কেনেদৰে চলিব সেই প্ৰশ্নয়ো নিশ্চয় আপোনাক জোকাৰি গৈছে।

সমগ্ৰ বিশ্বতে বিকল্প ইন্ধনক লৈ গৱেষণা চলিছে। তেনে এক গৱেষণাৰ বিষয় হ'ল গ্ৰীণ হাইড্ৰ'জেন উৎপাদন। হাইড্ৰ'জেনক ইন্ধনৰূপত ব্যৱহাৰ কৰিবলৈ এক প্ৰক্ৰিয়াৰ মাজেৰে পানীৰ পৰা ইয়াক পৃথক কৰা হয়। ইলেক্ট্ৰ'লাইছিচ প্ৰক্ৰিয়াৰ জৰিয়তে এই কাম কৰা হয়।

ইয়াৰ বাবে প্ৰয়োজনীয় বিদ্যুৎ শক্তি, সূৰ্যৰ পোহৰৰ পৰা আহৰণ কৰে। সেয়েহে ইয়াক কোৱা হয় গ্ৰীণ হাইড্ৰ'জেন। ১৯৭৫ চনৰ পৰাই হাইড্ৰ'জেনক শক্তিৰ উৎসৰ ৰূপত বিকল্প ইন্ধন ৰূপে ব্যৱহাৰ কৰাৰ পৰীক্ষা নিৰীক্ষা চলি আহিছে।

তেনেধৰণৰ গৱেষণা অসমতো আৰম্ভ হৈছে ইতিমধ্যে। যোৰহাটৰ চাৰিগাঁওৰ৩ নং অইল পাম্পিং ষ্টেচনত অইল ইণ্ডিয়াই এছিয়াৰ ভিতৰত প্ৰথমটো গ্ৰীণ হাইড্ৰজেন উৎপাদন প্ৰকল্প স্থাপন কৰিছে।

সেই প্ৰকল্পতে উৎপাদন কৰা গ্ৰীণ হাইড্ৰজেনেৰে চলোৱা হ'ল এই বাছখন। হাছখনৰ ওপৰত স্থাপন কৰা হৈছে ২১ কেজিকৈ হাইড্ৰজেন বহন কৰিব পৰা ৩ টা চিলিণ্ডাৰ। সেই চিলিণ্ডাৰৰ পৰা হাইড্ৰজেনৰ জৰিয়তে গাড়ীখনত থকা বেটাৰী ৰিচাৰ্জ কৰা হয়।

এবাৰ ৰিচাৰ্জ কৰিলে এই গাড়ীখনে ৪০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। সম্ভাৱনা আৰু সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিব এই প্ৰক্ৰিয়াই। পানীৰ পৰা উৎপাদন কৰা বিশুদ্ধ গ্ৰীণ হাইড্ৰজেনেৰে চলোৱা এই বাছখনৰ স্বাভাৱিক যাত্ৰা আৰম্ভ কৰিবলৈ আৰু কিছু দিনৰ প্ৰয়োজন হ'ব।

পৰীক্ষামূলক ভাৱে বাছখন আৰু কেইবাবাৰো চলোৱাৰ পাছত তাত থকা ক্ৰটি-নাটিবোৰ আঁতৰ কৰি ইয়াক যাত্ৰীৰ ব্যৱহাৰৰ বাবে মুকলি কৰিব। এটা সপোন সপোন লগা কথা প্ৰায় বাস্তৱ হোৱাৰ পথত।

অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাছখনৰ সন্দৰ্ভত সকলোবোৰ কথা ৰাজহুৱা কৰা নাই। এয়া তেওঁলোকৰ এক সপোনৰ প্ৰকল্প। এই বাছখনত ব্যৱহাৰ কৰা ইন্ধনে প্ৰদূষণ ৰোধ কৰাত সহায় কৰিব। গ্ৰীণ হাইড্ৰ'জেনে কোনো প্ৰদূষণ নকৰে। এয়া হ'ব ১০০ শতাংশই বহনক্ষণ ইন্ধন।

ইয়াৰোপৰিও ইয়াক উৎপাদন কৰোঁতে বৰ বেছি সময়ৰ প্ৰয়োজন নহয়। সহজতে ইয়াক থ'ব বা পৰিবহণ কৰিব পাৰি। গ্ৰীণ হাইড্ৰ'জেনক বিদ্যুৎ আৰু চিনথেটিক গেছলৈ ৰূপান্তৰ কৰিব পৰাৰ বাবে ইয়াক বাণিজ্যিক ভাৱে উদ্যোগ, পৰিবহণ খণ্ডত ব্যৱহাৰ কৰিব পৰা যাব।

অৱশ্যে এতিয়ালৈকে গ্ৰীণ হাইড্ৰ'জেন উৎপাদন কৰা এই প্ৰক্ৰিয়া এক ব্যয়বহুল প্ৰক্ৰিয়া। হাইড্ৰ'জেন ব্যৱহাৰে এখন বাহন চলোৱাৰ ক্ষেত্ৰত যথেষ্ট নিৰাপদ ব্যৱস্থা ল'ব লগা হ'ব।হাইড্ৰ'জেনক ইন্ধন হিচাপে ইতিমধ্যে আমেৰিকা যুক্ত ৰাষ্ট্ৰ, চীন, ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী আজি দেশে ব্যৱহাৰ কৰিছে।

বিশ্বৰ আন দেশবোৰেও এই দিশত গৱেষণা চলাই আছে। অনাগত দিন বোৰত এই দিশত থকা প্ৰতিবন্ধকতাসমূহ নিশ্চয় আঁতৰ হ'ব। ইতিহাস ৰচি যোৰহাটত মুকলি হোৱা দেশৰ ভিতৰতে প্ৰথমখন হাইড্ৰ'জেন ফুৱেল চেল ই-বাছ চলিল। এদিন আন ৰাজপথলৈ সৰু, ডাঙৰ যান-বাহনৰ বাবেও এয়া কম আশাৰ খবৰ নহয়।