/asomiyapratidin/media/media_files/2025/05/21/TyJjTIAGBXF6tvWuldXT.jpg)
আজিৰ পৰা ৩/৪ দশক পূৰ্বে প্ৰাথমিক বিদ্যালয়ত পঢ়া ছাত্ৰ- ছাত্ৰীসকলৰ বাবে এখন ঠাইৰ নাম মনত ৰখোৱাতো অতিকৈ প্ৰয়োজনীয় আছিল। বছৰেকীয়া বা ছয়মাহিলি পৰীক্ষাত এটা প্ৰশ্ন প্ৰায়েই আহিছিল। সেই প্ৰশ্নটো আছিল- অসমৰ প্ৰথমটো চেনিকল ক’ত স্থাপন কৰা হৈছিল ?
মুখৰ আগত থকা সেই উত্তৰটো আছিল- গোলাঘাট জিলাৰ বৰুৱা বামুণগাঁৱত। ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক চেনি ব্যৱহাৰ হয়। ইয়াৰ ব্যৱহাৰৰ পৰিমাণ দিনক- দিনে বাঢ়িহে গৈছে। ২০২২-২৩ বৰ্ষত ভাৰতত প্ৰয়োজন হৈছিল ২৯.৫ মিলিয়ন মেট্ৰিক টন চেনি।
২০২৪-২৫ বৰ্ষত ভাৰতত প্ৰয়োজন হোৱা চেনিৰ পৰিমাণ আছিল ৩২ মিলিয়ন মেট্ৰিক টন। কিন্তু সকলোখিনি চেনি এতিয়াও ভাৰতত উৎপাদন কৰিব পৰা হোৱা নাই। আমাৰ দেশৰ ভিতৰত বেছি চেনি ব্যৱহাৰ কৰা ৰাজ্যসমূহৰ ভিতৰত অসমো অন্যতম।
সমগ্ৰ দেশতে চেনি উৎপাদন কৰাৰ উদ্যোগসমূহ লাভতে চলি আছে। সেই দৃষ্টিৰে অসমত ১৯৫৮ চনত উৎপাদন আৰম্ভ কৰা বৰুৱা বামুণগাঁৱৰ এই চেনিকলটোৱে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াইছিল। তেতিয়া অসম চৰকাৰৰ এয়া এক দূৰ দৃষ্টিসম্পন্ন সিদ্ধান্ত আছিল।
১৯৫৫ চনত এই চেনিকল স্থাপনৰ বাবে অসম চৰকাৰে এখন সমবায় গঠন কৰিছিল। সেই সমবায়খনৰ নাম আছিল – অসম সমবায় চেনিকল লিমিটেড। ১৯৫৬ চনত এই সমবায়ে চেনিকল স্থাপনৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু ১৯৫৮ চনৰ পৰা চেনি উৎপাদন আৰম্ভ হৈছিল।
প্ৰথম বছৰ ডিচেম্বৰ মাহৰ পৰা প্ৰায় ৩/৪ মাহ এই কলটোৱে চেনি উৎপাদন কৰিছিল। সেই বছৰ ১৭,১১৭ বেগ চেনি উৎপাদন কৰা হৈছিল। অসমৰ উদ্যোগিক খণ্ডৰ বাবে সেই সময়ত এই খবৰ আছিল অতি উচাহৰ খবৰ। পৰৱৰ্তী সময়ত অৱশ্যে ৰাজ্যৰ আন প্ৰান্ততো চেনিকল স্থাপন কৰা হৈছিল।
তাৰ ভিতৰত চৰগোলা আৰু কামপুৰত স্থাপন কৰা হৈছিল দুটা চেনিকল। গোলাঘাটৰ বৰুৱা বামুণগাঁৱৰ চেনিকলটো ঠিকেই চলি আছিল। ১৯৬৫-৬৬ বৰ্ষত চেনিকলটোৱে যথেষ্ট লাভৰ মুখ দেখিছিল। ১৯৮০ চনলৈকে চেনিকলটোৰ কোনো লোকচান হোৱা নাছিল।
অসম সমবায় চেনিকলটোলৈ হঠাৎ অনিশ্চিয়তা নামি আহিছিল। ১৯৮০ চনত নিৰ্বাচিত সঞ্চালক মণ্ডলী ভংগ কৰি চৰকাৰে চেনিকলটো পৰিচালনাৰ বাবে নিজা সঞ্চালক মণ্ডলী গঠন কৰাৰ পাছতে পৰিচালনাত ক্ৰুটি আৰম্ভ হয়। তথাপিও চেনিকলটো বন্ধ হোৱা নাছিল।
অৱশ্যে চেনিকলটোৱে লাহে লাহে লোকচানৰ মুখ দেখিছিল। ১৯৯১ চনত চেনিকলটোৰ ঋণৰ পৰিমাণ প্ৰায় ডেৰকোটি মান টকা হৈছিলগৈ। ইয়াৰ পূৰ্বে ১৯৮২-৮৩চনত কলটো পাৰলাইন বিকল হৈ পৰাত ইয়াৰ বাবেও চেনিকলটোৰ কঁকাল ভাগি পৰিছিল।
এপেক্স বেংকে চেনিকলটোক ঋণ প্ৰদান কৰিছিল যদিও আৰু ঋণ প্ৰদান নকৰাৰ সিদ্ধান্ত লোৱাত ১৯৯১-৯২ বৰ্ষত এই কলটো একপ্ৰকাৰ বন্ধ হৈ পৰে প্ৰথমবাৰৰ বাবে। চৰকাৰে সেই সুযোগ গ্ৰহণ কৰিয়েই ১৯৯২চনত কলটো তেতিয়াৰ বোম্বাইৰ এক ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব অৰ্পণ কৰে।
গিৰিধাৰীয়াল চাক্সোৰিয়া নামৰ মালিকজনে এই কলৰ দায়িত্ব লৈ ইয়াৰ নাম সলনি কৰিলে। তেওঁ এই চেনিকলটোৰ নাম ৰাখিলে ব্ৰহ্মপুত্ৰ ছুগাৰ মেনুফেকচাৰিং কোম্পানী। তেতিয়ালৈ চেনিকলটোৰ লোকচানৰ পৰিমাণ হৈছিলগৈ ৭কোটি টকা। অৱশ্যে সেই সময়ত চেনিকলটোত ২কোটি টকা মূল্যৰ চেনি মজুত আছিল।
চৰকাৰে চেনিকলটোক কৃষি ঋণৰ ৰেহাইৰ বাবদ ২ কোটি ৭৯ লাখ টকা ঘূৰাই দিয়াৰ কথা আছিল যদিও সেই ধন ঘূৰাই নিদি এটা ব্যক্তিগত প্ৰতিষ্ঠানক এই কলটোৰ দায়িত্ব অৰ্পণ কৰাত সেই সময়ত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ১৯৯৬চনলৈকে এই ব্যক্তিগত প্ৰতিষ্ঠানে কলটো চলাইছিল যদিও তেওঁলোকেও কলটোৰ দায়িত্ব এৰি দিয়ে।
অসম চৰকাৰে ভুল নীতিৰে কলটো পৰিচালনা কৰিছিল। ১৯৮০ চনৰ পৰা ১৯৯২ চনলৈকে মুঠ ৭জন পৰিচালন সঞ্চালকক নিযুক্তি দিছিল। কলটোৰ সমবায়ৰ জৰিয়তে চলোৱাৰ সময়ত ২৩,৬৪৬জন অংশীদাৰিত্বৰ সৈতে কোনো কথাই পতা নাছিল।
সময় অনুসৰি, কোনো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে কলটোৰ মৃত্যুৰ অন্যতম কাৰণ আছিল। অভিযোগ উঠিছিল সেই সময়ৰ অসমৰ সমবায় মন্ত্ৰী নগেন নেওগ আৰু এই কলটোৰ কৰ্মচাৰীসকলৰ ইউনিয়নৰ সভাপতি ভূপেন ভূঞাই কলটোক ব্যক্তিগত খণ্ডলৈ নিয়াৰ ষড়যন্ত্ৰ ৰচিছিল।
আভ্যন্তৰীণভাৱেও কুঁহিয়াৰ যোগানৰ দায়িত্বত থকা বিষয়া- কৰ্মচাৰীসকলে বহু দুৰ্নীতি সংঘটিত কৰিছিল। যাৰ বাবে কলটো ১৯৯৬ৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। অথচ এই চেনিকলটোৱে কৰ্মচাৰীক এদিন ২০ শতাংশ হাৰত বনাছ দিবলৈও সক্ষম হৈছিল।
১৯৯৬চনত বন্ধ হৈ পৰা কলটোৰ পুনৰ জীৱিত কৰাৰ কোনো উদ্যোগে পৰৱৰ্তী সময়ত নহ’ল। কলটোৰ চৌহদত আছিল ৫৪৮ বিঘাৰ বিশাল এলেকাৰ মাটি। ইয়াৰ উপৰিও বিভিন্ন স্থানত কুঁহিয়াৰ খেতিৰ ফাৰ্ম আদিও কৰা হৈছিল।
এদিন ৰে’লেৰে কলটোলৈ কুঁহিয়াৰ অনা হৈছিল। বৰুৱা বামুণগাঁও ষ্টেচনৰ পৰা কলৰ চৌহদলৈ ৰে’লৱে লাইন বহুওৱা হৈছিল। কলটো বন্ধ হৈ পৰাৰ পাছত এই ফাৰ্মবোৰৰ মাটি বহুতে বেদখল কৰিলে। দীৰ্ঘদিনৰ অন্তত কলটোত নিয়োজিত স্থায়ী কৰ্মচাৰীসকলে পাব লগা ধন আদায় দিয়া হ’ল।
কলটোত ৩৯০ গৰাকী স্থায়ী কৰ্মচাৰী আৰু প্ৰায় ৪০০ জন মান অস্থায়ী কৰ্মচাৰী আছিল। অস্থায়ী কৰ্মচাৰীসকলৰ কিছুৱে আজিও ইয়াৰ ক্ষতিপূৰণ নাপালে। বন্ধ কলটোত তাতেই কাম কৰা ২০টা মান পৰিয়াল আজিও আছে।
ইফালে জিলা উপায়ুক্তৰ নেতৃত্বত কলটোক ৰক্ষণাবেক্ষণ দিবলৈ এখন কমিটি গঠন কৰা হৈছিল। তাত এটা আৰক্ষী অস্থায়ী চাউনীও নিৰাপত্তাৰ বাবে স্থাপন কৰিছিল। তাৰ পাছতো কলটোৰ যন্ত্ৰাংশকে ধৰি প্ৰায়বোৰ সা-সম্পত্তি হৰলুকি হ’ল।
এতিয়া কলটোত পূৰ্বৰ একো চিন-চাব নাই। এটা মৃত উদ্যোগৰ ভগ্নাৱশেষ পৰি আছে তাত। অথচ সৰুপথাৰ, বৰপথাৰকে ধৰি কুঁহিয়াৰ উৎপদানত নাম থকা এই অঞ্চলটোৰ কুঁহিয়াৰ খেতিয়কসকলৰ বাবে এই চেনিকলটো জীৱিকাৰ উৎস হৈ পৰিছিল।
চৰকাৰেও চেনিকল স্থাপনৰ বাবে কিছু পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। ২০১৭ চনত অসম চৰকাৰে দা ছুগাৰ পলিচি আসাম হাতত লৈছিল। কিন্তু সেই উদ্যোগিক নীতি বাস্তৱত ৰূপায়িত নহ’ল। অতি শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিত্যক্ত বৰুৱা বামুণগাঁৱৰ এই চেনিকলটো পৰিদৰ্শন কৰি কলটোৰ মাটি আন উদ্যোগক দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰিলে।
চৰকাৰে নতুন উদ্যোমেৰে উদ্যোগ স্থাপনৰ ব্যৱস্থা লৈছে। এডভাণ্টেজ আসাম- ২ৰ পাছত ৰাজ্যত উদ্যোগ স্থাপনৰ বাবে বহু পুঁজিপতি আৰু প্ৰতিষ্ঠানে আগ্ৰহ ব্যক্ত কৰাৰ কথা ৰাজহুৱা কৰিছে। ইচ্ছা কৰিলে পূৰ্বৰ সেই চেনিকলটোৰ স্থানত অত্যাধুনিক সা- সুবিধাযুক্ত এটা নতুন চেনিকল চৰকাৰে বৰুৱা বামুণগাঁৱত স্থাপন কৰিব পাৰে।
ইয়াৰ জৰিয়তে স্থানীয় কুঁহিয়াৰ খেতিয়কসকল উপকৃত হোৱাৰ লগতে ৰাজ্যৰ কৃষিৰ সমান্তৰালভাৱে উদ্যোগিক খণ্ডত ই নতুন প্ৰাণৰ সঞ্চাৰ কৰিব।