গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি। বিশ্ববিদ্যালয়ৰ গাতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন ৰেষ্টুৰেণ্টক অনুজ্ঞাপত্ৰ প্ৰদানৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি

ডিজিটেল ডেস্কঃ ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আবকাৰী বিভাগৰ আন এক হঠকাৰী সিদ্ধান্ত। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপত সুৰাৰ বিপনী খোলাৰ অনুমতি। বিশ্ববিদ্যালয়ৰ গাতে লাগি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন ৰেষ্টুৰেণ্টক অনুজ্ঞাপত্ৰ প্ৰদানৰ পাছতে বিতৰ্কৰ সূত্ৰপাত হৈছে। আবকাৰী বিভাগৰ সিদ্ধান্তৰ ফলত বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত প্ৰভাৱ পৰাৰ আশংকাই দেখা দিছে।

 আবকাৰী বিভাগৰ আন এক হঠকাৰী সিদ্ধান্ত
আবকাৰী বিভাগৰ আন এক হঠকাৰী সিদ্ধান্ত

এই অনুজ্ঞা পত্ৰ লাভ কৰা ৰেষ্টুৰেণ্টখন হৈছে "এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট"। ৰেষ্টুৰেণ্টখন জালুকবাৰীৰ সদিলাপুৰত অৱস্থিত। আবকাৰী বিভাগৰ এই সিদ্ধান্তৰ পিছতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, স্থানীয় লোকৰ তীব্র বিৰোধিতাৰ পাছতো ৰহস্যজনকভাৱে  ON SHOP খোলাৰ অনুমতি প্ৰদানক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

সিদ্ধান্তৰ পিছতে তীব্র প্ৰতিক্ৰিয়া
সিদ্ধান্তৰ পিছতে তীব্র প্ৰতিক্ৰিয়া

গুৱাহাটী বিশ্ববিদ্যালয়