বৈভৱ সূৰ্যবংশী...

সফলতাৰ নাই কোনো চমু পথ । জীৱন যুঁজত প্ৰাপ্তি অৰ্জন কৰিবলৈ হ’লে লাগিব কঠোৰ অধ্যাৱসায়, নিষ্ঠা, একাগ্ৰতা আৰু সাধনা। সাধনাৰ জৰিয়তে মানুহে অৰ্জন কৰে প্ৰাপ্তি।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বৈভৱ সূৰ্যবংশী

বৈভৱ সূৰ্যবংশী

ভাস্কৰ শৰ্মা

Advertisment

সফলতাৰ নাই কোনো চমু পথ। কপালক ধিয়াই বহি থকা জনে সফলতা অৰ্জন কৰিব বিচৰাটো পৰ্বতত কাছৰ কণী আশাৰ কৰাৰ লেখিয়া কথা।

জীৱন যুঁজত প্ৰাপ্তি অৰ্জন কৰিবলৈ হ’লে লাগিব কঠোৰ অধ্যাৱসায়, নিষ্ঠা, একাগ্ৰতা আৰু সাধনা। সাধনাৰ জৰিয়তে মানুহে অৰ্জন কৰে প্ৰাপ্তি। যাৰ বাবে নালাগে কোনো বয়সৰ সীমনা। এই সাফল্যৰ লাভৰ ক্ষেত্ৰত বয়স হৈ পৰে মাত্ৰ এটা সংখ্যা ; তাতকৈ বৰ বেছি আন একো নহয়। 

শেহতীয়াকৈ তেনে এটি উদাহৰণ হিচাপে দেশবাসীৰ আগত ধৰা দিছে বৈভৱ সূৰ্যবংশী নামৰ এটি সত্বা। এটা ১৪ বছৰীয়া বিস্ময় বালক। 

দেশৰ বহু কিশোৰে এই বয়সত অ’ত-ত‘ত ইটো সিটো কৰি ফুৰাটো স্বাভাৱিক। কিন্তু তাৰ মাজতে বৈভৱ যেন ভিৰৰ মাজত কিছু পৃথক আৰু একক। তেওঁ তেওঁৰ লক্ষ্য আৰু উদ্দেশ্যত অলৰ-অচৰ। ক্ৰিকেটেই হৈছে তেওঁৰ বাবে জীৱন, ক্ৰিকেটেই তেওঁৰ প্ৰেম।

সৰুৰ পৰাই দেখিছে কেৱল এটাই সপোন। আৰু সেই সপোনক সাকাৰ ৰূপ দিয়াৰ নিমিত্তে কপালৰ ঘাম মাটিত পেলাই চলাই গৈছে ক্ৰিকেটৰ অনুশীলন। লক্ষ্য আছিল তেওঁৰ এজন ক্ৰিকেটাৰ হোৱাৰ। 

হাতত বেট লৈ ২২ গজৰ ক্ৰিজত থাকিব তেওঁ। ষ্টেডিয়াম ভৰ্তি দৰ্শকেৰে পৰিপূৰ্ণ গেলেৰীৰ পৰা ভাহি আহিব বৈভৱ - বৈভৱ ধ্বনি। এই ধ্বনি কল্পনাৰ ৰাজ্যত অনবৰতে তেওঁৰ কাণত বাজি আছিল। এই ভাবনাই প্ৰতিদিন- প্ৰতিৰাতি মনত দোলা দি আছিল তেওঁৰ।

বিহাৰত জন্মগ্ৰহণ কৰা বৈভৱে স্থানীয় খেলপথাৰত চলাই গৈছিল অনুশীলন। তেওঁৰ ক্ৰীড়াশৈলীত তবধ মানিছিল প্ৰশিক্ষক। 

লাহে লাহে বৈভৱৰ প্ৰদৰ্শন আৰু প্ৰতিভা দেখি প্ৰশিক্ষকৰো মনত অংকুৰিত হৈছিল সপোনৰ বীজ। হয়তো বৈভৱৰ এই ধাৰা অৱ্যাহত থাকিলে এদিন তেওঁ দেশৰ ক্ৰিকেট ক্ষেত্ৰত নাম কৰিব ! 

সময়ৰ বাগৰি গৈ আছিল এনেদৰে। ২০২৪ চিজনত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ বাবে বিহাৰ দলৰ স্থান লাভ কৰিলে বৈভৱে। তেতিয়া তেওঁৰ বয়স ১২ বছৰ। তাৰ এবছৰ পাছতে লিষ্ট এ ক্ৰিকেট দলত অভিষেক ঘটে বৈভৱৰ।

বিহাৰক প্ৰতিনিধিত্ব কৰি বৈভৱে প্ৰথম শ্ৰেণী আৰু লিষ্ট এ ক্ৰিকেটতো লাভ কৰিলে সফলতা। তেওঁৰ এই প্ৰতিভা চকুত পৰিল সদায় নতুনক সুযোগ দি অহা আই পি এলৰ অন্যতম ফ্ৰেন্সাইজী ৰাজস্থান ৰয়েলছৰ কাৰ্যকৰ্তাৰ। 

মাতি পঠিওৱা হ’ল বৈভৱক ৰাজস্থান ৰয়েলছৰ প্ৰস্তুতি শিবিৰলৈ। কিয়নো ২০২৫ বৰ্ষৰ আই পি এলৰ বাবে ইতিমধ্যে প্ৰস্তুতি পৰ্ব আৰম্ভ কৰিছে দলসমূহে। এনে সময়তে প্ৰস্তুতি শিবিৰতো চকুত লগা প্ৰদৰ্শন দাঙি ধৰা বৈভৱক ক্ৰয় কৰে দলটোৱে।

অৱশ্যে দলত অন্তৰ্ভুক্ত হ’লেও বৈভৱে মূল একাদশত স্থান পোৱা নাছিল। তাৰ বাবেও তেওঁ অপেক্ষা কৰিব লগা হৈছিল। চলি আছে আই পি এল, তাৰ মাজতে দলৰ অধিনায়ক তথা নিৰ্ভৰযোগ্য বেটাৰ সঞ্জু ছেমছেন আঘাতজনিত সমস্যাৰ বাবে দলৰ পৰা বাদ পৰে। 

সেই সময়তে অসম সন্তান ৰিয়ান পৰাগৰ কান্ধত পৰে নেতৃত্বৰ দায়িত্ব আৰু সঞ্জুৰ বিকল্প বেটছমেন হিচাপে প্ৰথমবাৰৰ বাবে সুযোগ লাভ কৰে বৈভৱে। আই পি এলৰ অভিষেক মেচতে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে তৰুণ ক্ৰিকেটাৰ বৈভৱে। ইয়াৰ পাছত আৰু তেওঁ উভতি চাব লগা নহ’ল। 

আই পি এলত গঢ়িলে এক অভিলেখো। কম বলত দ্ৰুততম শতৰান কৰাৰ অভিলেখ গঢ়ে তেওঁ। চলিত আই পি এলত বিস্ময় বালক হিচাপে পৰিগণিত হ’ল বৈভৱ। তেওঁৰ প্ৰদৰ্শনত মুগ্ধ বিজ্ঞ ক্ৰিকেটাৰসকল। বৈভৱৰ প্ৰশংসাত পঞ্চমুখ শচীন তেণ্ডুলকাৰৰ দৰে মহান খেলুৱৈ।

এনদৰে তেওঁ আগুৱাই গৈ থাকিল। অতি কম বয়সত আই পি এল খেলা বৈভৱৰ ভাগ্য উদয় হ’ল ২২ মে’ ২০২৫ বৃহস্পতিবাৰে। বি চি চি আয়ে ঘোষণা কৰিলে ইংলেণ্ড অভিমুখী ১৯ অনুৰ্ধ ভাৰতীয় দল। এই দলত যোগ্যতা আৰু শেহতীয়া প্ৰদৰ্শনৰ ভিত্তিত স্থান দিয়া হ’ল বৈভৱক। সপোন সপোন লগা এই খবৰে বৈভৱ আৰু তেওঁৰ পৰিয়ালকো কৰিলে আনন্দিত। 

কাৰ্যতঃ মেন ইন ব্লুত প্ৰৱেশ ঘটিল বৈভৱৰ। জুন মাহতে পৰিচিত নীলবৰণীয়া জাৰ্চি পৰিধান কৰি উৰা মাৰিব ইংলেণ্ড অভিমুখে। সকলোৰে আশা- এই শৃংখলাতো উজলি উঠক বৈভৱ। কিয়নো আৰু মাত্ৰ এখন দুৱাৰ অতিক্ৰম কৰিব পাৰিলে হয়তো ভাৰতীয় ছিনিয়ৰ জাতীয় দলত অন্তৰ্ভুক্ত হ’ব বৈভৱ নামৰ ক্ৰিকেটাৰজনৰ !

আই পি এল টীম ইণ্ডিয়া