/asomiyapratidin/media/media_files/2025/05/22/nwUFesZfvUYkdIVXYDJl.jpg)
প্ৰৱঞ্চনাৰ জাল
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি আৰু লখিমপুৰত দুই প্ৰৱঞ্চকে মেলিছে প্ৰৱঞ্চনাৰ জাল। হীৰকজ্যোতি দত্ত আৰু মিতালী সোনোৱাল নামৰ দুই প্ৰৱঞ্চকে জিলা দুখনৰ গ্ৰাম্য অঞ্চলৰ সাধাৰণ যুবক-যুৱতীক মিছা প্ৰলোভনেৰে জালত পেলাই চাকৰি দিয়াৰ নামত লুটিলে লক্ষাধিক টকা।
উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই এই দুই প্ৰৱঞ্চকে যুৱক-যুৱতী সকলক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত খালী হৈ থকা সুৰক্ষাকৰ্মী পদত নিযুক্তি কৰাই দিম বুলি নগদ আৰু অনলাইনৰ জৰিয়তে ১৬০০শ পৰা ২২০০ শ ' টকা পৰ্যন্ত ধন সংগ্ৰহ কৰিছিল ৷ ইফালে ধন দিয়াৰ পৰা তিনি-চাৰি মাহ পৰ্যন্ত সময় বাগৰি যোৱা পিছতো কোনো খা-খবৰ নোপোৱাত যুৱক-যুৱতী সকলে তেওঁলোকলৈ ফোন যোগে যোগাযোগ কৰে। কিন্তু কোনো উত্তৰ নোপোৱাত বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰে ৷
উপায়ন্তৰ হৈ যুৱক-যুৱতীৰ একাংশই ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ খবৰ লোৱাতহে ঘটনাৰ সবিশেষ পোহৰলৈ আহ ৷ বৃহস্পতিবাৰে ধেমাজি নৰোৱাথান অঞ্চলৰ চন্দ্ৰ নাথ সোনোৱালৰ নেতৃত্বত যোৱা ২০ জনীয়া ভুক্তভোগী যুৱক-যুৱতীৰ দলে ধেমাজি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰ ৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে দুই প্ৰৱঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷