এইবোৰো জানো এটা ‘ভাল খবৰ’ হ’ব নোৱাৰে !

মহিলাগৰাকীয়ে সৰু ছোৱালীজনী তেওঁৰ নাতি বুলি পৰিচয় কৰাই দিছিল। দেখিছিলো- দুয়োৰে মাজৰ আত্মীয়তা। উপলব্ধি কৰিছিলো ছোৱালীজনীক দুহাতেৰে সাৱটি মহিলাগৰাকীয়ে কপালত উপচাই দিয়া চুমাটোৱে কিমান আত্মীয়তা আৰু মৰমৰ বহিঃপ্ৰকাশ ঘটাইছে। 

New Update
আইতা

আইতা

কি নাম এইৰ ?
মুখত এমোকোৰা হাঁহি লৈ ষাঠিৰ ঊৰ্ধৰ মহিলাগৰাকীয়ে তাইৰ নামটো ক’লে। দুটা নিৰ্ভেজাল হাঁহি দুখন মুখত। সময় তেতিয়া আবেলি ৪-০০ মান বাজিছিল। সাদিন- প্ৰতিদিন কাৰ্যালয়ৰ সন্মুখেৰে যোৱা মামনি ৰয়ছম গোস্বামী পথেয়েদি তেওঁলোক আহি আছিল।

Advertisment

ৰে’লৱে ক্ৰচিঙটো পাৰ হৈ বিশেষভাৱে সক্ষম লোকে হাতেৰে চলোৱা তিনিচকীয়া চাইকেলখন আগবাঢ়িছিল চানমাৰিৰ দিশে। চাৰে তিনি/চাৰি বছৰীয়া সৰু ছোৱালীজনীয়ে সেই চাইকেলখনৰ চিটত থিয় হৈ ইফালে- সিফালে চাই গৈছিল। মহিলাগৰাকীয়ে হাতেৰে ঘূৰাই যোৱা পেডেলৰ গতিয়েই যেন তেওঁলোকৰো জীৱনৰ গতি !

মানুহজনীৰ পোছাকযোৰ মলিয়ন হ’লেও তাৰ তুলনাত ছোৱালীজনীৰ ফ্ৰকটো আছিল প্ৰায় নতুন। এজনী মৰম লগা নিপুটন ছোৱালী, ডিঙিত এডাল চেইন, হাতত দুপাত নীলা খাৰু। কিবা এটা উৎসুকতাৰে ছোৱালীজনীক এনেই সুধি দিছিলো- ক’ত যোৱা ? তাই মুখেৰে একো নামাতিলেও চকুত বিৰিঙি উঠা হাঁহিটোৱে যেন লক্ষ্যহীন জীৱনৰ উত্তৰ এটা দিয়াৰ প্ৰয়াস কৰিলে।

ৰে’ল ক্ৰচিঙটো কিছু সময় আগলৈকে বন্ধ আছিল। অহা- যোৱা কৰা গাড়ীবোৰেৰে ভিৰ বাঢ়িছিল পথটোত। মানুহগৰাকীক অকণমান সময় ৰৈ দিবলৈ ক’লো চাইদত। গাড়ীবোৰ পাৰ হৈ গ’লে তেওঁ সুকলমে অতিক্ৰম কৰিব পাৰিব পথটো। 

মানুহজনীয়ে কথাষাৰ শুনিলে। কাষলৈ চাইকেলখন চপাই আনি ৰৈ দিলে। তেতিয়াই আকৌ সুধিলো- ক’ত থাকে আপুনি ? মানুহজনীয়ে উত্তৰ দিলে- ভাস্কৰ নগৰত থাকে তেওঁ। তাৰ পাছত আৰু কিছু কথা। নগাঁৱৰ জুৰীয়াত তেওঁৰ ঘৰ। বিয়া হৈছিল মঙলদৈলৈ।

জীৱনৰ কিছু কথা সেই কম সময়ৰ ভিতৰতে তেওঁ ক’লে। দেহাই নাটানে, কোনোবাই আগ্ৰহ কৰি দিয়া ধন কেইটাই তেওঁৰ এতিয়া জীৱিকা। গাত লৈ থকা শাৰীসদৃশ কাপোৰখনৰ এটা মূৰে কথাবোৰ কৈ থাকোতে তেওঁ মুখখন মচি ল’লে। মচিলে জলজলীয়া হৈ পৰা চকু দুটাও।

মানুহজনীতকৈ আমাৰ আগ্ৰহৰ কেন্দ্ৰবিন্দু আছিল মৰম লগা সৰু ছোৱালীজনী। তাইৰ মুখত নাই বিষণ্ণতাৰ কোনো চিন। জীৱন আৰম্ভহে হৈছে, বুজি পোৱা নাই জীৱনৰ জটিলতা। এয়া আপোনাৰ কোন হয় ? ছোৱালীজনীৰ কথা- মহিলাগৰাকীক সুধিছিলো।

মহিলাগৰাকীয়ে সৰু ছোৱালীজনী তেওঁৰ নাতি বুলি পৰিচয় কৰাই দিছিল। দেখিছিলো- দুয়োৰে মাজৰ আত্মীয়তা। উপলব্ধি কৰিছিলো ছোৱালীজনীক দুহাতেৰে সাৱটি মহিলাগৰাকীয়ে কপালত উপচাই দিয়া চুমাটোৱে কিমান আত্মীয়তা আৰু মৰমৰ বহিঃপ্ৰকাশ ঘটাইছে। 

মোহাৰি দিছিল ছোৱালীজনীৰ চুলিবোৰ, পিঠিখন। তাৰ পাছত সৰু ছোৱালীজনীৰ থুটুৰীত ধৰি তেওঁ জোকাৰি দিছিল আলসুৱাকৈ। সেই সময়ত ছোৱালীজনীৰ মুখত বিৰিঙি উঠিছিল পৃথিৱীৰ আটাইতকৈ সুখী মানুহজনে মাৰিব পৰা এটা আবেগসনা হাঁহি। সেই সুখত ডুবগৈ বৃদ্ধা মহিলাগৰাকীয়ে দুই চকু মুদি উপভোগ কৰিছিল সেই সুখৰ মুহূৰ্তটো।

এই মোৰ ধুনু। মানুহজনীয়ে কৈছিল কণমাণিজনীৰ নাম। আপোনাৰ ল’ৰা নে ছোৱালীৰ নাতি ? মানুহজনীৰ পৰা জানিব বিচাৰিছিলো এই কথা। পৃথিৱীত এতিয়া মৰমৰো অভাৱ। সম্বন্ধবোৰৰ জটিলতাই ভোগবাদী মনবোৰ কুটি কুটি খাইছে। 

এনে পৰিৱেশত এই স্বতঃস্ফুৰ্ত আত্মীয়তা চকুৰ সন্মুখত দেখিবলৈ পোৱাতো এক সৌভাগ্যই। এতিয়াটো বিশ্বাসহীন পৃথিৱী এখনৰ আমি এক কৃত্ৰিম জীৱ ! কত যে খবৰ আহে চৌদিশৰ পৰা, যিবোৰ খবৰ শুনিবলৈ ভয় লগা। 

মাতৃৰ দ্বাৰাই পুত্ৰ হত্যা, স্বামীৰ হাতত পত্নী, প্ৰেমিকৰ হাতত প্ৰেমিকাৰ মৃত্যু আদি খবৰবোৰ বৰ ভয় লগা। হাঁহি থকা কণমাণিজনীৰ হাতত সেই সময়ত ওচৰৰ দোকানখনৰ পৰা আনি মোৰ সৈতে কাৰ্যলয়ৰ পৰা তললৈ নামি যোৱা ডিম্পলে এটা চানাৰ পেকেট তুলি দিছিলহি।

পেকেটটো লৈ তাই আইতাকলৈ আগবঢ়াই দিছিল, আইতাকে পেকেটটোৰ চুক এটা খুলি তাইৰ হাতত তুলি দিছিল। এখন হাতেৰে তাইক সাৱটি ধৰি, আনখন হাতেৰে সেই পেকেটটোৰ চানাকেইটা খোৱাত সহায় কৰিছিল। 

প্ৰশ্নটো ৰৈ গৈছিল । তেতিয়ালৈকে উত্তৰ দিয়া নাছিল মহিলাগৰাকীয়ে। আকৌ এবাৰ মহিলাগৰাকীক সোধা হৈছিল আপোনাৰ ল’ৰা- ছোৱালীৰ নাতি ? মহিলাগৰাকীয়ে উদাস দৃষ্টি এৰিছিল। অস্পষ্টভাৱে কিবা নাম এটাও কৈছিল। ধৰিব নোৱাৰি তেওঁক পুনৰ একেটা কথাই সোধাত তেওঁ দিয়া উত্তৰৰ সাৰংশ আছিল- এইজনী ছোৱালী তেওঁৰ ল’ৰা বা ছোৱালীৰ নাতি নহয়।

এনেদৰে অনাই- বনাই খুজি- মাগি ঘূৰি ফুৰোতে অঘৰী জীৱনকে আঁকোৱালি লোৱা এজন লোকৰ ছোৱালী আছিল এই। কেইমাহমানৰ পূৰ্বে সেই মানুহজন ঢুকাল। নিথৰুৱা হৈ পৰা ছোৱালীজনীক তেওঁ নিজৰ কৰি ল’লে। তেজৰ সম্বন্ধ নথকাকৈ আপোনৰো আপোন কৰি ল’লে।

মানুহ এনেকৈয়ে চাগৈ মানুহ হয় ! নিজৰ জীৱনৰ বোজা লৈও মানৱতাৰ পৰিচয় দি সেই সংগ্ৰামত বিপদত পৰা জনক তুলি ধৰে। প্ৰায় ১০ মিনিটমান সময় আমাৰ কাষত থাকি দুয়ো আঁতৰি গ’ল। এখন হাতেৰে তিনিচকীয়া চাইকেলখনৰ হেণ্ডেলডাল পোনাই, আনখন হাতেৰে তেওঁ পেডেল ঘূৰালে।

নেতিবাচক খবৰবোৰ আমাৰ বাবে ডাঙৰ খবৰ হয়। কিন্তু এই মহিলাগৰাকীয়ে অতি নীৰৱে কৰা খবৰবোৰোতো সৰু খবৰ নহয়। হত্যা- হিংসা, বিশ্বাসঘাতকতাৰে ধৰি পৰা এই সমাজখনক এইবোৰতো এটা ভাল খবৰ, অতি ভাল খবৰ...।

গুৱাহাটী