মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...

মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...
মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...

ডিজিটেল ডেস্কঃ সকলোৰে অলক্ষিতে এখন যুদ্ধ আৰম্ভ হৈছে। ইউক্ৰেইনৰ বিৰুদ্ধে দীৰ্ঘদিনে সামৰিক যুদ্ধ চলাই থকা পুটিনৰ দেশ ৰাছিয়াই এইবাৰ আৰম্ভ কৰিছে ভাৰতৰ বিৰুদ্ধে আন এখন যুদ্ধ!

ভাৰতেও ৰাছিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি যুদ্ধ অব্যাহত ৰাখিছে। অৱশ্যে এই যুদ্ধ কোনো সামৰিক যুদ্ধ নহয়। এই যুদ্ধত নিক্ষেপ কৰা নহয় গোলা, বাৰুদ। এই যুদ্ধত এই পৰ্যন্ত হোৱা নাই কোনো ক্ষয়, ক্ষতি।

এই যুদ্ধই ক্ষতি নকৰে মানৱ সমাজৰ। বৰঞ্চ মানুহৰ মাজত থকা জিজ্ঞাসাক আৰু অধিক তীব্ৰতৰহে কৰি তুলিব। জোনবাইক অলিক, অৱাস্তৱ সাধুবোৰৰ পৰা মুক্ত কৰি নতুন প্ৰজন্মৰ মজলৈ নতুনকৈ লৈ অনাৰ বাবে এই যুদ্ধ।

ভাৰতে চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰিছে। পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰি অৱতৰণৰ বাবে প্ৰায় সাজু হৈছে ইছৰোৱে প্ৰেৰণ কৰা চন্দ্ৰযান-৩। ইছৰোৰ এই চন্দ্ৰযান-৩ ৰ সৈতে প্ৰায় একেসময়তে চন্দ্ৰত অৱতৰণ কৰিব মহাশক্তিশালী ৰাছিয়াৰো এখন মহাকাশযানে।

প্ৰায় একে সময়তে চন্দ্ৰত অৱতৰণ কৰিব দুয়ো দেশৰ লেণ্ডাৰে। ফলত চন্দ্ৰ অভিযানক লৈ এতিয়া মহাকাশত ভাৰত আৰু ৰাছিয়াৰ এখন যুদ্ধ চলিছে বুলিলেও হয়তো ভুল কোৱা নহ’ব।

সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ভাৰতৰ চন্দ্ৰযান-৩ আৰু ৰাছিয়াৰ মহাকাশযান লুনা-২৫ ৰ ওপৰত। ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ROSCOSMOS য়ে জনাইছে ১১ আগষ্ট, শুকুৰবাৰে ৰাছিয়াৰ ভষ্টোচনি উৎক্ষেপণ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ'ব লুনা-২৫।

Summary

গুৰুত্বপূৰ্ণ কথাটো হ'ল উৎক্ষেপণৰ মাত্ৰ ৫ দিন পাছতেই চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবগৈ ৰাছিয়াৰ এই মহাকাশযান লুনা-২৫। তাৰ পাছত চন্দ্ৰৰ কক্ষপথৰে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হৈ লুনা-২৫ য়ে আৰু ৫ ৰ পৰা ৭ দিনৰ ভিতৰত চন্দ্ৰ পৃষ্ঠ পাবগৈ।

সকলো ঠিকে থাকিলে অহা ২৩ আগষ্টত চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব লুনা-২৫ৰ লেণ্ডাৰ। ইয়াৰ বিপৰীতে যোৱা ১৪ জুলাইতে ইছৰোৱে উৎক্ষেপণ কৰিছে চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পাছতহে পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছেগৈ।

ইছৰোৰ মতে সকলো ঠিকেই থাকিলে ২৩ আগষ্টতৰ বিয়লি ৫ বাজি ৪৭ মিনিটত লেণ্ডাৰ বিক্ৰমৰ পৰা ৰ’ভাৰ প্ৰজ্ঞানক চৰাইৰ পাখিৰ দৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা। অৰ্থাৎ লুনা-২৫ আৰু চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ সময় প্ৰায় একেই।

অৱশ্যে ৰাছিয়াই জনাইছে অৱতৰণৰ সময় একেই হ'লেও ভাৰতৰ চন্দ্ৰ অভিযানৰ পথত ৰাছিয়াৰ লেণ্ডাৰে কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। চন্দ্ৰযান-৩ আৰু লুনা-২৫ৰ মাজত সংঘৰ্ষ হোৱাৰ কোনো আশংকা নাই।

ভাৰত আৰু ৰাছিয়াৰ এই অভিযানক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা। প্ৰশ্ন উত্থাপন হৈছে কাৰ মহাকাশযান গৈ প্ৰথমে চন্দ্ৰত অৱতৰণ কৰিব? কাৰ অভিযান সফল হ'ব?

কিয়নো দুয়োখন ৰাষ্ট্ৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ মহাকাশযানৰ গন্তব্যস্থান একেই। এতিয়াও চন্দ্ৰক ভালকৈ আৱিষ্কাৰ কৰিব পৰা হোৱা নাই। সেয়ে যিয়েই প্ৰথমে গৈ চন্দ্ৰৰ মাটিত বিজয়চিহ্ন অংকন কৰিব পাৰিব তাৰ শিৰতেই বহিব ইতিহাসৰ মুকুট।

কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে কিয় ইছৰো আৰু ৰাছিয়াৰ মহাকাশযানৰ উৎক্ষেপণৰ পাছত চন্দ্ৰত অৱতৰণ কৰালৈকে এই গোটেই সময়ছোৱাৰ মাজত ইমান বৃহৎ পাৰ্থক্য ? ভাৰতৰ চন্দ্ৰযান-৩ ক চন্দ্ৰত উপস্থিত হোৱাৰ বাবে সময়ৰ প্ৰয়োজন হ'ব ৪১ দিন। কিন্তু ৰাছিয়াক প্ৰয়োজন হ'ব মাত্ৰ ১২ দিন।

ভাৰততকৈ বহু পাছত ৰাছিয়াই উৎক্ষেপণ কৰা মহাকাশযান গৈ প্ৰথমেই গৈ চন্দ্ৰত অৱতৰণ কৰিব নেকি? দৰাচলতে দুয়ো দেশৰ মহাকাশযানৰ মাজত সময়ৰ ইমান বৃহৎ প্ৰাৰ্থক্যৰ কাৰণ হ'ল দুয়ো দেশৰ প্ৰযুক্তি।

কম খৰচত অধিক পথ ঘূৰি ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰত গৈ অৱতৰণ কৰিব। ৰাছিয়াৰ প্ৰযুক্তি ভাৰততকৈ বহু উন্নত; তাৰোপৰি অধিক ব্যয়বহুল। উৎক্ষেপণৰ ২২ দিন পাছত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে ভাৰতৰ চন্দ্ৰযান-৩।

ঢাপে ঢাপে ৫ বাৰকৈ কক্ষপথ পৰিৱৰ্তন কৰিছে চন্দ্ৰযান -৩য়ে। চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পাছতো একেদৰেই আগবাঢ়িছে চন্দ্ৰযান-৩। চন্দ্ৰৰ কক্ষপথো ৫ বাৰ পৰিৱৰ্তন কৰিছে ভাৰতৰ চন্দ্ৰযানে।

এনেদৰে ভাৰতৰ চন্দ্ৰযান-৩ গৈ উপস্থিত হ'বগৈ চন্দ্ৰৰ দক্ষিণ মেৰুত। ভাৰতৰ চন্দ্ৰযান-৩ য়ে পৃথিৱী আৰু চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিক অতিক্ৰমী আগবাঢ়িছে। কম ইন্ধন খৰচ কৰি মধ্যাকৰ্ষণ শক্তিক ভেদ কৰি আগবাঢ়িছে চন্দ্ৰযান-৩।

সেয়ে চন্দ্ৰযান-৩ক অধিক সময়ৰ প্ৰয়োজন হৈছে। ৰাছিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ বেলেগ। ৰাছিয়াই চমু পথেৰে চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰিছে। ভাৰতৰ দৰে বাৰে বাৰে সলনি কৰা নাই কক্ষপথ। চন্দ্ৰত গৈ সফলভাৱে অৱতৰণ কৰিলেও দুয়োদেশৰ অভিযানৰ মাজতো আছে যথেষ্ট প্ৰাৰ্থক্য।

তাতো দেখা যাব প্ৰযুক্তিৰ যথেষ্ট ব্যৱধান। ভাৰতৰ লেণ্ডাৰ বিক্ৰমৰ ওজন ১,৭৫২ কেজি। ৰাছিয়াৰ লেণ্ডাৰৰ ওজন মাত্ৰ ৮০০ কেজি। চন্দ্ৰযান ৩ য়ে চন্দ্ৰত ১৪ দিন ধৰি বিভিন্ন তথ্য সংগ্ৰহ কৰিব।

ৰাছিয়াৰ লেণ্ডাৰ চন্দ্ৰত থাকিব অতি কমেও ১ বছৰ। চন্দ্ৰৰ দক্ষিণ মেৰুত শিলৰ তলত পানী থকাৰ সম্ভাৱনা আছে। তাতেই প্ৰাণীৰ উপযোগী স্থানৰ সন্ধান চলাব। সেয়েহে এই দক্ষিণ মেৰু বিজ্ঞানীসকলৰ আকৰ্ষণৰ অন্যতম কাৰণ।

ইয়াতেই ৰাছিয়াৰ লুনা-২৫ য়ে ১ বছৰ ধৰি অভিযান চলাব। এই লুনা-২৫ ৰ মুঠ ওজন ১.৮ টন। লুনাৰ ভিতৰত আছে ৩১ কেজি ওজনৰ বৈজ্ঞানিক যন্ত্ৰপাতি। ৰাছিয়াই এই অভিযানৰ পৰিকল্পনা কৰিছিল ২০২১ চনত।

তেতিয়াই এই মহাকাশযান উৎক্ষেপণৰ কথা আছিল। কিন্তু বিভিন্ন কাৰণত তেওঁলোকে লুনা-২৫ ক উৎক্ষেপণ কৰিব নোৱাৰিলে। উল্লেখ্য যে, ১৯৭৬ তেই ৰাছিয়াই চন্দ্ৰলৈ প্ৰথম মহাকাশযান প্ৰেৰণ কৰিছিল।  

মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...
চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মথুৰাপুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in