/asomiyapratidin/media/media_files/2025/05/18/Jy06a7roRpNBH2UUsHTH.jpg)
মৃদুল কুমাৰ সন্দিকৈ
মানুহজন সলনি নহ’ল। বহু পৰিৱৰ্তনৰ সাক্ষী হৈও তেওঁ তেনেই এজন সহজ-সৰল মানুহ হৈয়ে ৰৈ গল। বহু সুযোগ পাইয়ো স্বাৰ্থপৰ হ’বলৈ তেওঁ নিশিকিলে। তেওঁ কেৱল সমাজক দিলে, কিন্তু তাৰ প্ৰতিদান কোনোদিনেই বিচৰা নাই।
জামুগুৰিহাটৰ শলগুৰি বৰাচুক(বাঁহডোঙা)লৈ এদিন এখন টেলিগ্ৰাম গৈছিল। সেয়া ১৯৮৮চনৰ কথা। কাৰোবাৰ ঠিকনাত টেলিগ্ৰাম অহা মানেই তেতিয়া ডাঙৰ কথা। ভাল খবৰতকৈ বেয়া খবৰেইচোন কঢ়িয়াই আনে গাঁৱৰ পৰা গৈ সেনাবাহিনীত যোগ দিয়া জোৱানসকলৰ পৰিয়াললৈ।
তেঁৱো প্ৰথম আচৰিত হৈছিল। কোনে পঠালে এই টেলিগ্ৰাম! কিয় পঠালে সেই খবৰ। কিয়নো এই টেলিগ্ৰামত তেওঁক মাতি পঠোৱা হৈছিল এটা নিৰ্দিষ্ট তাৰিখত গুৱাহাটীলৈ। সেই সময়ত তিনিদিনীয়া অগ্ৰদূতত তেওঁ স্থানীয় বা-বাতৰিবোৰ প্ৰেৰণ কৰিছিল।
ইন্দ্ৰপ্ৰসাদ শইকীয়া তেতিয়া সেই অঞ্চলৰ এজন প্ৰতিষ্ঠিত লোক। সেই খবৰ তেওঁকো দি সুধিছিল- কি হব পাৰে, কিয় মাতি পঠাইছে আদি অনেক প্ৰশ্ন। তেখেতেই তেওঁক লৈ আহিছিল কনকসেন ডেকাৰ কাষলৈ।
এনেকৈয়ে আৰম্ভ হৈছিল তেওঁৰ আনুষ্ঠানিক সাংবাদিক জীৱন। ইতিমধ্যে তেওঁ বহু লেখা-মেলা কৰিছিল বিভিন্ন কাকত-আলোচনীত। অনুভৱী মন আৰু দুৰদৃষ্টিসম্পন্ন বিশ্লেষণ, তথ্য সমাহাৰে তেওঁৰ লেখাবোৰক অনন্য কৰি তুলিছিল।
তিনিদিনীয়া অগ্ৰদূতত চাকৰি পাই তেওঁ বহুতলৈ পত্ৰ পঠাইছিল। তেনে এখন পোষ্টকাৰ্ডত ৰূপহ চলিহালৈ অগ্ৰদূতত চাকৰি পোৱা খবৰটো দি তেওঁক লেখা-মেলা আৰু বা-বাতৰি দিবলৈ অনুৰোধ কৰিছিল। দিছিল তেওঁ সলনি হোৱাৰ ঠিকনাটোও।
সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁ নিজস্বধৰণেৰেই, স্ব-মেজাজেৰে উজ্বলি উঠিছিল। কঠোৰ পৰিশ্ৰম কৰিব পৰা গুণ আৰু সাৱলীল উপস্থাপন ৰীতিয়ে পাঠকৰ মন মোহিছিল। ভাড়াঘৰটোত পুৰণি কাকত-আলোচনীবোৰ, স্মৃতি বিজড়িত বহু ফটোৰ ভাণ্ডাৰ হৈ পৰিছিল।
কেৱল লিখাই নহয়, তেওঁ গাব পাৰিছিল ভূপেন হাজৰিকাৰ প্ৰতিটো গান। ৫বছৰ বয়সতে গজেন বৰুৱাৰ ঘৰত সুধাকন্ঠ ভূপেন হাজৰিকাক লগ পাইছিল। বাৰেচহৰীয়া ভাওঁনা চাবলৈ সেইবাৰ ভূপেন হাজৰিকা জামুগুৰিহাটলৈ গৈছিল।
সুধাকন্ঠৰ প্ৰতি তেওঁৰ আছিল অকৃত্ৰিম প্ৰেম। ভূপেন দা বুলি কলে তেওঁৰ পেটৰ ভোকো গুঁচিছিল। তেওঁৰ কথাক আদেশ হিচাপে মানিছিল। কলাক্ষেত্ৰ উন্মোচনৰ সময়ত সুধাকন্ঠই গীত গাব আহিছিল। সেই গীতৰ আখৰাৰ সকলো ব্যৱস্থা কৰি দিয়া মূল মানুহজন আছিল তেওঁ।
হাৰমণিয়াম খন কঢ়িয়াই ৰাজগড়ৰ পৰা সুধাকন্ঠৰ ঘৰলৈ নিতৌ আহ-যাহ কৰিছিল। কোনো দুখ-ভাগৰ তেওঁৰ নাছিল। সুধাকন্ঠৰো প্ৰিয়ৰো প্ৰিয় আছিল তেওঁ। সুধাকন্ঠৰ এটা ফোনে তেওঁৰ বহু বাধা আতৰাঁইছিল। ভালপোৱা নাৰীগৰাকীক পত্নী কৰি আনিছিল আৰু সেই মিলনৰ সাক্ষী হৈ ৰৈছিল ড০ ভূপেন হাজৰিকা।
প্ৰচুৰ স্মৃতিশক্তিৰ গৰাকী তেওঁ। লবীবাজ আৰু তেওঁক ব্যৱহাৰ কৰাৰ মানসিকতাই তেওঁক অন্যায় কৰিলেও তেওঁৰ কাৰোৰে প্ৰতি আক্ষেপ নাছিল। অসমৰ প্ৰতিষ্ঠিত প্ৰতিখন কাকততে তেওঁ কাম কৰিছিল।
মনে নিমিলেলে তেওঁ তাত দাঙি দিছিল। আত্মসন্মান তেওঁৰ ধনতকৈ মূল্যৱান আছিল। সেই সময়ত তেওঁক বহু সহায় কৰিছিল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই। জ্যেষ্ঠ হিচাপে খবৰ ৰাখিছিল। নিজৰ ভাড়াঘৰতেই থাকিবলৈ দিছিল বহুদিন।
এবাৰ দুৰ্ঘটনাত তেওঁ বৰ বেয়াকৈ আহত হৈছিল। টিউৱেলৰ হেণ্ডেল মাৰোতে উফাল খাই পৰিছিল। নিলোৎপল বৰা নামৰ যুৱকজনৰ লগত ডাক্তৰৰ কাষলৈ পঠোৱাই নহয়, চিকিতসাৰ অন্তত হাতত কেইটামান টকা দি জিৰণি লবলৈ তেওঁক জামুগুৰিৰ ঘৰলৈ পঠাই দিছিল প্ৰকাশ মহন্তই।
সেই আন্তৰিকতা বহুতৰে আছে। মাহে কিমান টকা দৰমহা পাইছে সেই হিচাপ তেওঁ কোনোদিনেই কৰা নাছিল আৰু নকৰিলে। যি কয় স্পষ্টকৈ উদাত্ত কন্ঠৰে তেওঁ কয়, যি লিখে নিৰ্ভীকভাৱে লিখিবলৈ কলম হাতত তুলে।
সেয়েহে তেওঁৰ এক পৰিচয় আছে। এজন ভিন্ন মানুহ, এজন ব্যতিক্ৰম সাংবাদিক, সুলেখক আৰু খেল-গান ভালপোৱা মানুহজনৰ ছবিখন দেখিলেই শ্ৰদ্ধা ওপজে। জীৱ-জন্তুৰ প্ৰতিও তেওঁৰ প্ৰচুৰ টান। নিজে নাখাই জীৱ-জন্তুৰ শুশ্ৰুষা আৰু খাদ্য দিয়াতো তেওঁ নৈতিক কৰ্তব্য বুলি ভাৱে।
তেওঁৰ মতে জীৱনৰ সহজ বাট নাই। তেওঁৰ তিনিশাৰী সৰু কবিতাৰ পংক্তিয়ে জীৱ-জন্তুৰ প্ৰতি দায়ৱদ্ধশীল মনটোৰ উমান দিয়ে। তেওঁৰ ভাষাত- ‘হাতত নাই ধন/পশু-পক্ষীৰ বাবে দিব মন/গোটেই জীৱন...।‘
অৰঙে-দৰঙে ঘূৰি ফুৰা বাটৰ কুকুৰবোৰেও তেওঁৰ কাষ চাপি আহে। কুকুৰক দিবলৈকে তেওঁ জেপত বিস্কুট লৈ ফুৰে। বহু কেইখন গ্ৰন্থৰ তেওঁৰ স্ৰষ্টা। অজস্ৰ লেখাৰে ভৰি আছে তেওঁৰ লিখক জীৱনৰ ভাণ্ডাৰ। সম্ভৱত সুধাকন্ঠক ২০টাকৈ দীঘলীয়া সাক্ষাতকাৰ লোৱাৰ সৌভাগ্য হোৱা তেঁৱেই একমাত্ৰ সৌভাগ্যৱান সাংবাদিক।
প্ৰচুৰ স্মৃতিশক্তিৰ প্ৰমাণ দিবলৈ এটা সৰু উদাহৰণেই যথেষ্ট। অৰুণ গোস্বামীৰ মৃত্যু হৈছিল সেইদিনা। প্ৰিয় লেখকজনক সুঁৱৰি তেওঁ এটা দীঘলীয়া লেখা লিখিছিল। তাতেই উল্লেখ কৰিছিল তেজপুৰৰ জনতা প্ৰেছৰ পৰা প্ৰকাশিত প্ৰাসংগিক নামৰ তিনিমহীয়া আলোচনীখনৰ কথা।
সেই আলোচনীত তেতিয়াই পঢ়া অৰুণ গোস্বামীৰ দুখন উপন্যাস ক্ৰমে- কলমটো হেৰাইছে, কাপোৰ পিন্ধা নাঙঠ উপন্যাস কেইখনৰ কথা উল্লেখেৰে স্মৃতিচাৰণ কৰিছিল তেওঁক। ইমানেই মনত থাকে তেওঁৰ কথাবোৰ।
বহু প্ৰতিষ্ঠিত আৰু ক্ষমতাশালী মানুহৰ একেবাৰে কাষৰ মানুহ হৈও তেওঁ ডাঙৰ মানুহ হবলৈ চেষ্টা নকৰিলে। কিন্তু এজন নামজ্বলা সাংবাদিক হৈ সাহিত্য, সংস্কৃতি পৰিভ্ৰমণ কৰিলে।
কৰবাত তেওঁ প্ৰত্যয়ৰ মাজতেই অস্থিৰতাৰ বলি হয়। সেই অস্থিৰতাই তেওঁক কোনো এক স্থানত আৱদ্ধ কৰি ৰাখিব নোৱাৰে। মন গলেই যিটো কাম ভাল লাগে, তাকেই কৰিবলৈ আগবাঢ়ে।
তেওঁ আমাক বহুত দিলে আৰু দিছে। এতিয়া তেওঁৰ কাষত থিয় দিয়াৰ সময়। তেওঁতো স্বাভিমানী মানুহ, একোৱেই নিবিচাৰিলে ইমান দিনে। কোনোবাই আপোনাক তেনেই সহজ-সৰল গাঁৱৰ সেই ‘দুল’ নামৰ লৰাটো বুলি ভাৱিলেও আমি আপোনাক জানো। আপুনি অসমৰে সেই সাহসী আৰু চিনাকি সাংবাদিক- বিদ্যুৎ কুমাৰ ভূঞা...