পাকিস্তানত বিপদ,গৌৰৱৰ দৰদ...

বিমানখনত থকা ৯৯ জনৰ ভিতৰত ৯৭ জনৰে মৃত্যু হৈছিল। এই দুখৰ খবৰে অসমকো  চুই গৈছিল। সেইদিনাই বিয়লি ৫ বাজি ২৯ মিনিটত এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ এই বিমান দুৰ্ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰি টুইটাৰত টুইট কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
3

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজনীতিত এতিয়া প্ৰায় সকলো নেতাই সুযোগৰ সন্ধানত থাকে। সুযোগ পালেই এজনে আনজনক ৰাজনৈতিকভাৱে বধে। তেনে এখন ৰাজনৈতিক যুদ্ধই হ'ল গৌৰৱ গগৈ বনাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হৈ থকা যুদ্ধ।

গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সম্পৰ্ক আৰু সাংসদজনৰ পত্নী তথা দুই সন্তানৰ নাগৰিকত্ব প্ৰসংগৰে এই যুদ্ধ তুংগত উঠিছে। মুখ্যমন্ত্ৰীৰ কথা শুনিলে সাধাৰণ লোকে বিশ্বাস কৰি ল'ব যে গৌৰৱ গগৈৰ পাকিস্তানৰ প্ৰতি কিবা এটা টান আৰু দুৰ্বলতা আছে।

গৌৰৱ গগৈৰ কথা বিশ্বাস কৰিলে এয়া তেওঁক ৰাজনৈতিকভাৱে ভাৱমূৰ্তি বিনষ্ট কৰা এক প্ৰয়াস। শেহতীয়াকৈ অসমৰ এজন মন্ত্ৰীয়ে এই যুদ্ধখনত মুখ্যমন্ত্ৰীৰ পক্ষ লৈ গৌৰৱ গগৈয়ে ২০২২ চনৰ ২৯ আগষ্টত তেওঁৰ টুইটাৰ হেণ্ডেলত দিয়া এটা পোষ্ট শ্বেয়াৰ কৰিছিল।

২৮ আগষ্ট ২০২২ ত ডুবাইত ভাৰত-পাকিস্তানৰ মাজত এছিয়া কাপৰ এখন ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। টুৱেন্টি-টুৱেন্টি ফৰমেটৰ এই খেলখনত টচত জিকিছিল ভাৰত। ভাৰতে প্ৰথম বলিং কৰি পাকিস্তান দলক ১৯.৫ অভাৰত অল আউট কৰিছিল।

ভাৰতৰ বাবে পাকিস্তানে ১৪৮ ৰানৰ লক্ষ্য দিছিল যদিও ভাৰতীয় দলে ১৯.৪ অভাৰত ৫ টা উইকেটৰ বিনিময়ত এই ২২ গজৰ ৰণ জিকিছিল। ৫ উইকেটত ভাৰতে পাকিস্তানক হৰুৱা এই আনন্দত স্বাভাৱিকতে দেশবাসী মচগুল হৈছিল।

তাৰ ঠিক এদিনৰ পাছত গৌৰৱ গগৈয়ে দিয়া পোষ্ট আছিল এইটো। সেই সময়ত পাকিস্তানত বানে তাণ্ডৱ চলাইছিল। ১৯ জুনৰ পৰা অক্টোবৰলৈকে দেশখনৰ সিন্ধু আৰু বেলুচিস্তান প্ৰদেশত হোৱা অত্যাধিক বৰষুণৰ বাবে পাকিস্তানত জলপ্ৰলয় সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল।

পাকিস্তান চৰকাৰে এই বানক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিছিল। দেশখনত হোৱা অন্যতম প্ৰলয়ংকাৰী বান আছিল এইটো। যি বানত ৪০ বিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি নষ্ট হৈছিল।

ক্ৰিকেট আৰু এই প্ৰলয়ংকাৰী বানক একাকাৰ কৰিছিল গৌৰৱ গগৈয়ে। তেওঁ তেতিয়াৰ টুইটাৰত লিখা কথাখিনি আছিল- "While celebrate the victory of our Indian cricket team over Pakistan, we must not forget the humanitarian disaster that has claimed 1000 lives in our neighbouring country. Unprecedented flooding has destroyed towns and homes. Pakistani people need urgent relief and support. "

সেই সময়ত এই কথাখিনিয়ে বিশেষ গুৰুত্ব পোৱা নাছিল যদিও এতিয়া তেওঁৰ সৈতে পাকিস্তান ভ্ৰমণৰ আৰু সম্পৰ্কৰ প্ৰসংগ লৈ ৰাজনৈতিক বাদানুবাদ চলি থকা বাবে তেওঁৰ এই টুইটৰ ভিন্ন ব্যাখ্যাৰ সুযোগ আহিছে।

অৱশ্যে পাকিস্তানৰ দুৰ্যোগৰ সৈতে ভাৰতৰ ক্ৰিকেট দলৰ জয়ক একাকাৰ তেওঁৰ দৰে এজন  দায়িত্বশীল লোকে কৰাৰ প্ৰয়োজন নাছিল। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, পাকিস্তানৰ এই প্ৰাকৃতিক দুৰ্যোগক লৈ সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উদ্বিগ্নতা আৰু উদ্বেগ প্ৰকাশ কৰিছিল।

টুইটাৰতে ২৯ আগষ্টৰ ২০২২ ত নিশা ৭.৪৩ মিনিটত প্ৰধানমন্ত্ৰী মোডীয়ে এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে গভীৰ শোক ব্যক্ত কৰিছিল। মোডীয়ে টুইটাৰত লিখিছিল- "Saddened to see the devastation caused by the floods in Pakistan. We extend our heartfelt condolences to the families of the victims, the injured and all those affected by this natural calamity and hope for an early restoration of normalcy. "

শত্ৰু হ'লেও দুখৰ মুহূৰ্তত মাত আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰাতো হয়তো ভাৰতীয় সংস্কৃতিৰে এক পৰম্পৰা। ২০২০ চনৰ ২২ মে'। লাহোৰৰ পৰা কৰাচী অভিমুখে উৰা মাৰিছিল পাকিস্তানৰ এখন যাত্ৰীবাহী বিমান।

বিমানখনৰ নম্বৰ আছিল- A320-214। বিমানখনত যাত্ৰীসহ মুঠ ৯৯ জন লোক আছিল। ইয়াৰে ৯১ জন যাত্ৰী আৰু ৮ জন আছিল বিমান চালক তথা বিমান কৰ্মী। কৰাচী জিন্নাহ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন।

এই দুৰ্ঘটনাত বিমানখনত থকা ৯৯ জনৰ ভিতৰত ৯৭ জনৰে মৃত্যু হৈছিল। এই দুখৰ খবৰে অসমকো  চুই গৈছিল। সেইদিনাই বিয়লি ৫ বাজি ২৯ মিনিটত এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ এই বিমান দুৰ্ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰি টুইটাৰত টুইট কৰিছিল। তেওঁ লিখিছিল-  "The heart wrenching news of #planecrash in Pakistan has saddened me. Truly tough & painful times. My condolences to the family of the deceased."

এতিয়া এইবোৰ টুইটৰ বাবে আমি প্ৰধানমন্ত্ৰী মোডী বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তান প্ৰীতি আছে বুলি জানো ক'ব পাৰিম ? উল্লেখযোগ্য যে, মূল বিষয় আছিল- গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ১৫ দিন কটোৱা আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ এন জি অ'ত চাকৰি কৰা। কিন্তু এতিয়া এই প্ৰসংগ এৰাই চলি এনেদৰে টুইটাৰত চুপতি মৰা কাৰ্যই সচেতন ৰাইজক বিমোৰত পেলাইছে। 

গৌৰৱ গগৈ মন্ত্ৰী পীযুষ হাজৰীকা