/asomiyapratidin/media/media_files/2025/05/22/KbXqV0AhdRVgBc7onLgl.jpg)
শিলচৰ-জয়ন্তীয়া-কালাইন পথ অৱৰোধ স্থানীয় ৰাইজৰ
ডিজিটেল সংবাদ, শিলচৰ: কাছাৰ জিলাৰ কাটিগৰা আৰু বৰখলা সমষ্টিত অসম মালাৰ অধীনত নিৰ্মাণ কৰি থকা পথত অঘটন। কাটিগৰা সমষ্টিৰ ধলছৰাত নির্মীয়মান শিলচৰ-জয়ন্তীয়া পথৰ ওপৰত থকা বিদ্যুতৰ তাঁৰ এডাল ট্ৰাকে চিঙি নিয়াৰ ফলত এলেকাটোৰ প্ৰায় ২০/২৫ টা পৰিয়ালৰ ব্যাপক ক্ষতিসাধন হয়। মেইন লাইনৰ তাঁৰ চিঙাৰ ফলত শ্বৰ্ট চাৰ্কিট হয় আৰু পৰিয়াল কেইটাৰ বৈদ্যুতিক মিটাৰ, ফ্ৰিজ, ইনভাৰ্টাৰ, ফেন আদি নষ্ট হৈ যায়। কেইবাজনো লোক সম্ভাৱ্য মৃত্যু মুখৰ পৰা ৰক্ষা পৰে।
ইয়াৰ পিছতে ক্ষুদ্ধ স্থানীয় লোকে শিলচৰ - জয়ন্তীয়া -কালাইন পথ অৱৰোধ কৰে। নষ্ট হোৱা বিদ্যুৎ সামগ্ৰীৰ উপযুক্ত ক্ষতিপুৰণ দিয়া, অসম মালাৰ পথ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পন্ন কৰা আদি দাবীৰে পৰিস্থিতি উত্তাল কৰি তুলে। ইফালে, ঘটনাস্থলীত বৰখলা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। তেওঁ লোকৰ দাবীসমূহ বিভাগীয় কৰ্তৃপক্ষক অবগত কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে।