/asomiyapratidin/media/media_files/2025/05/17/7NyhDLhM1EYwpsmMWaNx.jpg)
মৃদুল কুমাৰ সন্দিকৈ
সৰা পাতে পাতে এতিয়া দুখ নামিছে! বৰ্ষাৰ গোমা আকাশৰ পৰা শোকৰ চকুলো সৰিছে। বিষাদৰ বৰষুণত মানুহবোৰ তিতিছে। কিয়নো সৰা পাতে পাতে ফাগুন নমাই অনা সেই প্ৰিয় কণ্ঠ শিল্পীগৰাকীৰ অকাল বিয়োগ ঘটিছে।
কোনে, কিমানবাৰ এই প্ৰিয় গীত শুনিছে তাৰ হিচাপ নাই। সেই মিঠা কণ্ঠত কি যে আৱেশ আৰু সন্মোহন আছে তাক অনুভৱ কৰিছে। আওঁৰাইছে প্ৰিয় শিল্পীগৰাকীক সোঁৱৰি- ‘’সৰা পাতে পাতে ফাগুন নামে/ পলাশৰে ৰং ৰাঙলী/ বতাহে কাণে কাণে ক’লে/ ন’হবা উদাস অভিমানী...।‘’
আহিব নলগা খবৰটো আহিছিল ভৰ দুপৰীয়া। তেতিয়াৰ পৰাই ভাবুক হৈ পৰা মনবোৰত কেৱল অগা-দেৱা কৰিছে তেওঁৰ গীতবোৰে। এয়া সংগীত সাধনাৰে জীৱনক প্ৰবুদ্ধ কৰা এক অদ্বিতীয় জীৱন আছিল।
নাছিল তেওঁৰ বাবে সংগীত কেৱল ফূৰ্তি-তামাছা কৰাৰ উৎস। নীৰৱ সাধনাই তেওঁ সংগীতক জীয়াই তুলিছিল। মাত্ৰ ৪৩ টা বসন্ত গৰকি অসমীয়া সংগীত জগতৰ ফাগুনক লৈ সৃষ্টি হোৱা অন্যতম শ্ৰেষ্ঠ গীতটো তেওঁ গাই থৈ গৈছিল।
এদিন মনজ্যোৎস্না মহন্তই গীতিকাৰ, সুৰকাৰ কাজল শৰ্মাক কৈছিল এজনী ছোৱালীয়ে তোমাৰ এটা গান গাব বিচাৰে। সেই ছোৱালীজনীৰ বিষয়ে মনজ্যোৎসা মহন্তই কাজল শৰ্মাক আৰু কিছু কথা কৈ গৈছিল।
কাজল শৰ্মাই গীত লিখে, সকলোৰে বাবে তেওঁ গীত নিলিখে। তেওঁৰ নিৰ্বাচনত উঠিবলৈ কঠিন। মনজ্যোৎস্না মহন্তৰ বহুবোৰ বহুল সমাদৃত গীতৰ আঁৰৰ মানুহ তেওঁ। মনজ্যোৎস্না মহন্তক তেওঁ জিৰণী বা বুলি মাতে।
সেই জিৰণী বায়েই কৈছিল তেওঁৰ গীত গাব খোজা ছোৱালীজনীৰ সংগীতৰ প্ৰেমৰ কথা। মেট্ৰিকত অসমৰ ভিতৰত সংগীত বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱাৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ ভাৰতীত সংগীত শিক্ষা লৈ থকা লৈকে।
২০১৪ চনৰ কথা আছিল সেয়া। মনজ্যোৎস্না মহন্তৰ ঘৰতেই দুয়ো প্ৰথমবাৰৰ বাবে লগালগি হ’ল। ছোৱালী জনীৰ নাম আছিল গায়ত্ৰী। তেওঁ সংগীতৰ প্ৰতি গভীৰতা কিমান তাৰ উমান চাবলৈকে সুধিছিল কেনে গান ভাল পাই তেওঁ?
উত্তৰত যিবোৰ গীতৰ কথা, যিবোৰ সংগীতৰ কথা কাজল শৰ্মাক কৈছিল, তেতিয়াই তেওঁ বুজিছিল এই ছোৱালীজনী ব্যতিক্ৰমৰ মাজতো ব্যতিক্ৰম। কথা দিছিল তেওঁৰ বাবে লিখিব গীত।
এনেকৈয়ে কাজল শৰ্মা আৰু গায়্ত্ৰী হাজৰিকাৰ এক সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰথম চিনাকীতে দুয়ো দুয়োকে ‘তই’ সম্বোধন কৰিবলৈ লৈছিল। গায়ত্ৰী হাজৰিকাৰ ‘মিঠা আৱেশেৰে’ শীৰ্ষক এলবামটোৰ বাবে কেইবাটাও গান তেওঁ লিখিছিল।
তাৰ ভিতৰত এটা আছিল ‘মাথোঁ এজাক বৰষুণ লাগে’। এই গীতটো প্ৰাণ ঢালি গাইছিল গায়ত্ৰী হাজৰিকাই। এলবামটোত থকা ফাগুন বিষয়ক এই গীতটো দৃশ্যায়ন কৰাৰ সলনি তেওঁলোকে ভাবিছিল ‘মাথোঁ এজাক বৰষুণ’ লাগে শীৰ্ষক গীতটোৰ দৃশ্যায়নহে কৰিব।
‘সৰা পাতে পাতে ফাগুন নামে’ শীৰ্ষক গীতটো লিখাৰ আগতে গায়ত্ৰীক কাজল শৰ্মাই কৈছিল- ‘তোৰ বাবে আৰু এটা ভাল গীত লিখি আছো’। গীতটোৰ কথাবোৰ তেওঁৰ মনলৈ আহোঁতে তেওঁ ব্যস্ত আছিল ৰহা-আঁহতগুৰিৰ এটা মথাউৰি নিৰ্মাণৰ কামত।
জলসম্পদ বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ কাজল শৰ্মা। এই ঠিকা কাম চোৱা-চিতাৰ বাবে তেওঁ প্ৰায়ে তালৈ গৈছিল। দুই কোটি মান টকাৰ ঠিকা আছিল এই মথাউৰিটো। ফাগুন মাহ তেতিয়া। কামবোৰ খৰধৰকৈ কৰিব লাগে এই সময়খিনিত।
মাজত এক, ডেৰমাহ সময়। তাৰ পিছতেই বৰ্ষা ঋতুৰ আৰম্ভ। কাম চলি আছিল আৰু তেওঁ আঁহত গছ এজোপাৰ তলত এখন চকীত বহি কামবোৰ তদাৰক কৰিছিল। ফাগুনৰ ধূলিয়ৰি বাট, পলাশ, শিমলুৱে ৰঙা কৰা আকাশ আৰু সন্মুখত পৰি থকা উদং পথাৰখনে তেওঁক ৰোমাঞ্চিত কৰি তুলিছিল।
ভাল লাগে তেওঁৰ উদাস ফাগুনক। ফাগুন তেওঁৰ বসন্ততকৈ প্ৰিয়। বহুতৰ বাবে ফাগুন আতংক হ’লেও তেওঁৰ বাবে ফাগুন সৃষ্টিৰ সময়। ফাগুনতেই তেওঁৰ হেনো জন্ম।
আকলুৱা এই সময়খিনিতেই তেওঁৰ মন, মগজুত এই গীতৰ কিছু কথাই ভুমুকি মাৰিছিল। ৰৈ গৈছিল মনত- সৰা পাতে পাতে ফাগুন নমাৰ বতৰা। পলাশৰ ৰঙালী ৰং, বতাহৰ অভিমানী ৰূপ আৰু উদাসীনতাই তেওঁৰ অনুভৱত জী উঠিছিল গীতৰ এই কথাখিনি।
লিখা হৈছিল প্ৰথমকেইটা শাৰী। তাৰ পিছত সেইখিনি গায়ত্ৰী হাজৰিকাক শুনাই লিখিছিল প্ৰথমটো অন্তৰা- ‘মন যায় মোৰ ধূলিৰে উমলি/ পলাশৰ ৰঙতে ৰাঙলী/ বতাহে কাণে কাণে ক’লে/ নহ’বা উদাস, অভিমানী...’।
তেওঁৰ অনুপস্থিতিত আজি ফাগুনে তেওঁৰ মনৰ ভিতৰলৈ নমাব নোৱাৰা উদাসীনতা নমাইছে। সেই শূন্যতা আৰু পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি কৈ গৈছিল সৰা পাতে পাতে ফাগুন নমাৰ সৃষ্টিৰ কাহিনী।
প্ৰায় ২০ টা মান গীত তেওঁ গায়ত্ৰী হাজৰিকাৰ বাবে লিখিছিল। তাৰ ভিতৰত আটাইতকৈ বেছি মানুহে আদৰি লোৱা আৰু মানুহৰ অন্তৰ চুই যোৱা এইটো আছিল অন্যতম শ্ৰেষ্ঠ সৃষ্টি।
কোনে সেই গীতৰ কথা আৰু কণ্ঠ শুনিলে নুশুনো বুলি ক’ব পাৰে এনে গীত? শুনি শুনি আমনি নলগা গীতবোৰৰ ভিতৰত এয়াও অসমীয়া সংগীত জগতৰ অন্যতম সাৰ্থক সৃষ্টি। যিটো গীতৰ সংগীত সজাইছিল ৰূপম তালুকদাৰে।
গীতৰ বাণীবদ্ধ হৈ গৈছিল। কোনেও ভবা নাছিল সৰা পাতে পাতে ফাগুন নমা এই গীতেও ফাগুনক হাত বাউল দি মাতিব। ফাগুনৰ কথা মনলৈ আহিলেই এই গীত শুনিব। ষ্টুডিঅ’ত গীতৰ বাণীবদ্ধ হৈ যোৱাৰ পিছত দৃশ্যায়ন হ’বলগীয়া গীতটোৰ কথা আলোচনা চলিছিল।
কাজল শৰ্মাই মন কৰিছিল, দুৰ্গা নামৰ ষ্টুডিঅ’ত কাম কৰা সহায়কাৰী ল’ৰাটোৱে গুণগুণাই আছে সেই গীতটো। এবাৰ দুবাৰ নহয়, বহুবাৰ সি আওঁৰাইছে সৰা পাতে পাতে ফাগুন নামে...।
ষ্টুডিঅ’ৰ ৰান্ধনী হিচাপে কাম কৰা ল’ৰাটোৱেও গীতটো এটা কলি গাবৰ চেষ্টা কৰাতো কাজল শৰ্মাৰ চকুত পৰিছিল। ৰূপম তালুকদাৰ আৰু গায়ত্ৰী হাজৰিকাক কাজল শৰ্মাই ক’লে- আমি ভাবি থকা গীতটো নহয়, এই সৰু সৰু মানুহবোৰে আওঁৰাই থকা আমাৰ এই গীতটোহে দৃশ্যায়ন কৰি মানুহৰ মাজলৈ এৰি দিয়া ভাল।
তাৰ পিছত কি হ’ল সকলোৱে দেখিলে। এনেকৈয়ে সৃষ্টি হৈছিল এগৰাকী প্ৰিয় গায়িকা। ক’তো তেওঁ, কোনো হৈ ছৈ নাছিল। নিজা এখন সংগীত স্কুল আছিল। শাস্ত্ৰীয় সংগীতৰ প্ৰতি থকা টানৰ বাবেই এনে অনুষ্ঠান পাতি ইয়াৰ চৰ্চাৰ এক পৰিবেশ গঢ়িছিল।
তেওঁৰ বিয়োগত আটাইতকৈ বেছি কষ্ট পোৱা মানুহবোৰৰ ভিতৰত অন্যতম কাজল শৰ্মা। বহু কাম তেওঁৰ সৈতে কৰাৰ পৰিকল্পনা কৰিছিল। সেইবোৰ সপোন থাকি গ’ল তেওঁৰ।
‘‘দুগৰাকীৰ বাবেই মই বেছি গীত লিখিছো। এগৰাকী মনজ্যোৎস্না মহন্ত আৰু আনগৰাকী আছিল গায়ত্ৰী হাজৰিকা। মোৰ দুখ লাগিছে মোৰ প্ৰিয় দুয়োগৰাকী শিল্পীৰ সৈতে ভগৱানৰ কিয় এনে অবিচাৰ...’’- এই কথা কেইশাৰীতে লুকাই আছে নেদেখা জনৰ প্ৰতি বহু ক্ষোভ।
যি ক্ষোভ সংগীতক সঁচা অৰ্থৎ ভাল পোৱা অগণন অনুৰাগীৰ। কিয় ইমান খৰধৰ কৰিলে ভগৱানে? কিয় আমাৰ মাজৰ পৰা কাঢ়ি নিলে তেওঁৰ দৰে এগৰাকী শিল্পীক? সৰা পাতে পাতে ফাগুন নমোৱা এই প্ৰিয় শিল্পী গৰাকীৰ বাবে এতিয়াৰে পৰা ফাগুনৰ লগে লগে সৰা পাতে পাতে নামিব তেওঁক হেৰুওৱা দুখ।