/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f656ce60-d632-4dab-8754-0765e8837567/AP_FOR_WEB_Mati.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত চিমলাই পথাৰৰ এজনলোক প্ৰৱঞ্চনাৰ বলি হৈ নিজৰ ঘৰ মাটি হেৰুৱাৰ খবৰ আহি পৰিছে। জানিব পৰা মতে, জমিৰ আলি নামৰ লোকজনে ভুৱা নথি পত্ৰৰে মৃত ইয়াকোব আলী নামৰ লোকজনক পিতৃ সজাই প্ৰৱঞ্চনাৰ জালেৰে মাটি দখল কৰাৰ অপচেষ্টা চলায়।
এই অভিযোগ উত্থাপন কৰিছে মৃত ইয়াকোব আলীৰ পুত্ৰ ছফিকুল ৰহমানে। প্ৰৱঞ্চক জমিৰ আলিয়ে ভুৱা পৰিচয়ৰে নিজৰ নামত মাটি কব্জা কৰাত দিশহাৰা হৈ পৰিছে ছফিকুলৰ পৰিয়ালটো। ঘটনাৰ সন্দৰ্ভত পৰিয়ালটোয়ে এজাহাৰ দাখিল কৰে যদিও বৰ্তমান লৈ কোনো সঁহাৰি নোপোৱাত সংবাদ মাধ্যমৰ কাষ চাপিছে ছফিকুলে। পৰিয়ালটোৰ আহ্বান এক উচিত তদন্ত কৰক প্ৰশাসনে।
Also Read: বিদেশলৈ ৰপ্তানি কৰাৰ পূৰ্বে গুণগত মানদণ্ড পৰীক্ষা কৰিব লাগিব কফ চিৰাপৰ: কেন্দ্ৰীয় চৰকাৰ