/asomiyapratidin/media/media_files/2025/05/30/hQ1u3SyJqEoBqYZkW1y2.jpg)
ডিজিটেল সংবাদ, নগাঁও : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ১৯৭৮ চনৰ ১২ মাৰ্চৰ পৰাই বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে নিৰবিচ্ছিন্ন প্ৰচেষ্টাৰ মাজেৰে একেৰাহে অসমবাসী ৰাইজৰ দুখ দুৰ্দশাৰ সমাধানৰ পথ প্ৰশস্ত কৰাৰ স্বাৰ্থত শক্তিশালী জাতীয়তাবাদী সংগ্ৰামৰ যাত্ৰা অব্যাহত ৰাখিছে। অহা ২০২৭ চনত সংগঠনটোৱে সোণালী জয়ন্তী বৰ্ষ গৰকিব।
সেয়েহে আগন্তুক সোণালী জয়ন্তী বৰ্ষৰ পূৰ্বে পৰিষদে এক নতুন লক্ষ্যৰে এক লক্ষ নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছে। সেই অনুসৰি শুকুৰবাৰে নগাঁৱত নতুন সদস্য ভৰ্তি অভিযান আৰম্ভ হয়।
পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আজি ঐতিহ্যমণ্ডিত প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক যোগদান সভাত উপস্থিত থাকে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়া। পৰিষদৰ দাবী লক্ষ্য উদ্দেশ্য আৰু নীতি তথা আহ্বানৰ প্ৰতি আকৃষ্ট হৈ বৃহত্তৰ নগাঁও জিলাৰ অন্তৰ্গত নগাঁও মহাবিদ্যালয়, নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ লগতে চহৰখনৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰায় তিনিশৰো অধিক তৰুণ- তৰুণী আৰু ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে।
যোগদান সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক গীতাৰ্থ শইকীয়া, জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক সমিতিৰ যুটীয়া সম্পাদক ললিতা ডেকা, জিলা সমিতিৰ উপদেষ্টা সত্য বৰা, উপ-সভাপতি ভাস্কৰ ভাগৱতী, যুটীয়া সম্পাদক ক্ৰমে দিব্যজিত হাজৰিকা, দীপাংকৰ শৰ্মা, নিলোৎপল হাজৰিকা, সাংগঠনিক সম্পাদক ক্ৰমে কমল লস্কৰ, পবিত্ৰ বনিয়া, প্ৰচাৰ সম্পাদক ইকবাল হুছেইন,সমাজসেৱা সম্পাদক কঙ্কন বৰাকে আদি কৰো ভগ্নী সংগঠন সভানেত্ৰী, সম্পাদিকাককে প্ৰমুখ্যে কৰি সতীৰ্থসকল।