বিদেশলৈ ৰপ্তানি কৰাৰ পূৰ্বে গুণগত মানদণ্ড পৰীক্ষা কৰিব লাগিব কফ চিৰাপৰ: কেন্দ্ৰীয় চৰকাৰ

কাফ চিৰাপ ৰপ্তানি কৰাৰ আগতে গুণগত মানদণ্ড পৰীক্ষা কৰাটো বাধ্যতামূলক। এই নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ

author-image
Asomiya Pratidin
New Update
বিদেশলৈ ৰপ্তানি কৰাৰ পূৰ্বে গুণগত মানদণ্ড পৰীক্ষা কৰিব লাগিব কফ চিৰাপৰ: কেন্দ্ৰীয় চৰকাৰ

ডিজিটেল ডেস্ক : কাফ চিৰাপ ৰপ্তানি কৰাৰ আগতে গুণগত মানদণ্ড পৰীক্ষা কৰাটো বাধ্যতামূলক। এই নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় চৰকাৰে কাফ চিৰাপৰ ৰপ্তানি সন্দৰ্ভত লৈছে এই বিশেষ সিদ্ধান্ত । নিৰ্দেশনা মতে, এতিয়াৰে পৰা কাফ চিৰাপ ৰপ্তানিকৰ্তাসকলে বিদেশলৈ প্ৰেৰণ কৰাৰ আগতে নিৰ্ধাৰিত চৰকাৰী পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব কাফ চিৰাপ।

Advertisment

বৈদেশিক বাণিজ্য সঞ্চালকালয়ে (ডিজিএফটি) সোমবাৰে জাৰি কৰা এক জাননীত এই কথা সদৰী কৰিছে। নিৰ্দেশনাত ডিজিএফটিয়ে স্পষ্টভাবে উল্লেখ কৰিছে যে, পৰীক্ষাগাৰত ৰপ্তানি কৰিব লগা সামগ্ৰীৰ নমুনা পৰীক্ষা কৰাৰ পিছতহে কাফ চিৰাপ ৰপ্তানি কৰিবলৈ অনুমতি দিয়া হ'ব আৰু এই প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব অহা ১ জুনৰ পৰা।

উল্লেখ্য যে, ভাৰতত তৈয়াৰ কৰা কাফ চিৰাপৰ মানদণ্ড সম্পৰ্কে সমগ্ৰ বিশ্বতে প্ৰশ্ন উত্থাপন হৈছিল। ভাৰতীয় কফ চিৰাপত ডায়েথাইলিন গ্লাইক'ল আৰু ইথাইলিন গ্লাইক'ল প্ৰয়োজনাধিক পৰিমাণত ব্যৱহাৰ কৰাৰ বাবে বৃক্কৰ ৰোগ হৈ গাম্বিয়া আৰু উজবেকিস্তানত ক্ৰমান্বয়ে ৬৬ আৰু ১৮ টা শিশুৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছিল ।

যাৰ বাবে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। আৰু ইয়াৰ পিছতে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতে ১৭ বিলিয়ন ডলাৰ মূল্যৰ কাফ চিৰাপ ৰপ্তানি কৰাৰ লগতে ২০২২-২৩ বৰ্ষত এই পৰিমাণ ১৭.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়। যাৰ বাবে গুণগত মানদণ্ড নিৰূপনৰ ক্ষেত্ৰত অধিক দায়িত্ব আহি পৰিছে ভাৰতৰ।

Also Read: প্ৰসংগ-ফাইজান: ডিব্ৰুগড়ত ফাইজানৰ কবৰস্থান খান্দিলে চি আই ডিয়ে...

Govt of India