বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত নগাঁও বিভাগ ক্ৰীড়া সমাৰোহ ২০২৫

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত নগাঁও বিভাগৰ যোগাসন আৰু দবা খেল সামৰি "নগাঁও বিভাগ ক্ৰীড়া সমাৰোহ ২০২৫" শনিবাৰে অনুষ্ঠিত হয়। নগাঁও, হোজাই, মৰিগাঁও, পূৱ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত নগাঁও বিভাগ ক্ৰীড়া সমাৰোহ ২০২৫
ডিজিটেল সংবাদ, বটদ্ৰৱা : বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত নগাঁও বিভাগৰ যোগাসন আৰু দবা খেল সামৰি "নগাঁও বিভাগ ক্ৰীড়া সমাৰোহ ২০২৫" শনিবাৰে অনুষ্ঠিত হয়। নগাঁও, হোজাই, মৰিগাঁও, পূৱ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি বিদ্যাভাৰতীৰ অন্তৰ্গত নগাঁও বিভাগৰ এই যোগাসন আৰু দবা খেলৰ ক্ৰীড়া সমাৰোহখনি আজি বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছে। 
Advertisment
তদুপলক্ষে অনুষ্ঠিত "নগাঁও বিভাগ ক্ৰীড়া সমাৰোহ ২০২৫" ৰ উদ্ধোধনী অনুষ্ঠানৰ আঁত ধৰে প্ৰধান আচাৰ্য সোনামনি কলিতাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুপৰ্ণ বনিয়া। 
একেদৰে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিপাংক গিৰি দেৱ গোস্বামীয়ে ছাত্ৰ- ছাত্ৰীসকলক উৎসাহিত কৰি ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নগাঁও বিভাগ সংযোজক তথা শিশু শিক্ষা সমিতিৰ কাৰ্যকৰী পৰিষদৰ সদস্য সুমিত সৰকাৰ, শংকুল প্ৰমুখ জীৱন শইকীয়া, যোগাসনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিচাৰক সঞ্জীৱ দাস, প্ৰফুল্ল দাস, শুকদেৱ চৌহান, বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি তৰুণ পাঠক, উপসভাপতি সুনিল বৰুৱা, সম্পাদক পৰাগ কুমাৰ কলিতাকে আদি কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। 
উল্লেখ্য যে, ভাৰতীয় শিক্ষা ব্যৱস্থাত বিশেষ স্থান লাভ কৰা তথা বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী শিক্ষা সংস্থান বিদ্যা ভাৰতীৰ তত্বাৱধানত সমগ্র অসমত ৫০০ অধিক বিদ্যালয়ৰ চলি আছে। বৰ্তমান সময়ত ইয়াৰ ৰাজ্যিক সমিতিৰ তত্বাৱধায়নত ৮ টা বিভাগৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত যোগাসন, দবা খেল প্ৰতিযোগিতা চলি আছে। 
আজি নগাঁও বিভাগৰ বটদ্ৰৱাত অনুষ্ঠিত যোগাসন, দবা খেল প্ৰতিযোগিতাত ২০০ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত স্থান লাভ কৰা সকলে পৰৱৰ্তী কালত পূৰ্বোত্তৰ ভিত্তিত হ’বলগীয়া ক্ষেত্ৰীয় প্ৰতিযোগিতাত ভাগ ল’ব বুলি জানিব পৰা গৈছে।
batadraba