/asomiyapratidin/media/media_files/2025/05/31/YENioIFVxBcFsxVpCXTb.jpg)
ডিজিটেল সংবাদ কামপুৰঃ যোৱা কেইবাদিন ধৰি অব্যাহত থকা নেৰা নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পাঁচখনকৈ শ্লুইছচ গেটেৰে পানী এৰি দিয়াৰ ফলত নিশাটোৰ ভিতৰত বুৰ গৈছে কচুৱাৰ বিস্তৃৰ্ণ অঞ্চল। বৰপানী নদীৰ ভগ্ন মথাউৰিৰে পানী সোমাই শ শ গাওঁ প্লাৱিত হৈছে।
ফলত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বিনষ্ট হৈছে। ৰহা সমষ্টিৰ কচুৱাৰ জুৰিৰপাৰ, লংজাপ পদুমণি, জাৰণি, মাধৱপাৰা, শিঙিমাৰী আদি অঞ্চল বানৰ কৱলত পৰিছে। জুৰিৰপাৰ, মাধৱপাৰা অঞ্চলৰ বহু কেইটা পথৰ ওপৰেদি পানী বাগৰি যোৱাত যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰিছে।
পানীৰ ঢল বৃদ্ধি পোৱাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ ঘৰ-দুৱাৰত হুৰাহুৰে সোমাইছে বাঢ়নী পানী। এনে এক পৰিস্থিতিত এতিয়া নিৰাপদ ঠাই বিচাৰি বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।