বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত "বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৫"

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত দেওবাৰৰ পৰা দুদিনীয়াকৈ "বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৫" আৰম্ভ হয়। পুৱা নিকেতনক আচাৰ্য মৃদুল নাথে আঁত ধৰা অনুষ্ঠানত এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে প্ৰধান আচাৰ্য সোনামনি কলিতাই। 

author-image
Asomiya Pratidin
New Update
 বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৫

বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৫

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত দেওবাৰৰ পৰা দুদিনীয়াকৈ "বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ২০২৫" আৰম্ভ হয়। পুৱা নিকেতনক আচাৰ্য মৃদুল নাথে আঁত ধৰা অনুষ্ঠানত এগছ বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰে প্ৰধান আচাৰ্য সোনামনি কলিতাই। 

লগে লগে সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণি কাৰ্যসূচী হিচাপে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ উপমন্যু বৰুৱাই "হৰি পদ পেখয়" শীৰ্ষক বৰগীত পৰিৱেশন কৰে। খোল সংগত কৰে নৱনীল বায়ন আৰু তাল পৰিবেশন কৰে সত্যজিত বৰুৱাই। ইয়াৰ পাছতে নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীত, সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সঙ্গীত, আধুনিক গীত, নাটক পৰিবেশন আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰে দিনজোৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত পৰিচালনা সমিতিৰ সম্পাদক পৰাগ কুমাৰ কলিতাৰ লগতে অভিভাৱক-অভিভাৱিকা, অতিথি, আচাৰ্য-আচাৰ্যা, ছাত্ৰ ছাত্ৰীসহ সহস্ৰাধিক লোক উপস্থিত থাকে।

বটদ্ৰৱা