/asomiyapratidin/media/media_files/2025/05/29/ROQuzSWSIyHmr1bvo3g2.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বৃহস্পতিবাৰে উলহ মালহেৰে উদযাপন কৰা হয় । এই উপলক্ষে বিদ্যালয়ৰ পুৱাৰ প্ৰাতঃ সভাৰ পিছতেই বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়িকা অনিতা লস্কৰে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে অনুষ্ঠানটি।
উক্ত অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে জাহ্নৱী ভূঞা, শৰৎ ভৰালী, ৰূবা ফুকন, কুইন শৰ্মা, মনীষা বৰা,দীপালী দত্ত, গৰিমা ডেকা আদিয়ে সহযোগিতা আগবঢ়ায় । ইয়াৰ পিছতেই প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়িকা অনিতা লস্কৰে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ।
পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকি বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গকুল চন্দ্ৰ দাসে বিদ্যালয়ৰ ইতিহাস সম্পৰ্কে বক্তব্য আগবঢ়ায়। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ৰঞ্জিত নাথে আঁত ধৰা অনুষ্ঠানটোত শিক্ষয়িত্ৰী মমী বৰাই শৈক্ষিক তত্বাৱধায়িকা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়।
আজিৰ অন্তিম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক টংকেশ্বৰ দাসে। প্ৰতিকুল বতৰকো নেওচি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সাংস্কৃতিক শোভাযাত্ৰা পৰিচালনা কৰে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে শৰৎ কাকতি, পাঞ্চালী বৰুৱা, অনুৰাগ বৰা ধ্ৰুৱজ্যোতি মেধি, মনোজ কুমাৰ পাটৰ, গীতাঞ্জলি বৰা, প্ৰীতি ৰেখা দাস, হীৰকজ্যোতি দাস, পিকু গগৈ, জুমন আশাদেৱী বৰা ,সংগীতা বৰদলৈ আদিৰ লগতে এন চি চি কেডাৰসকলে ।