তীৰ খেলৰ টিকট বিক্ৰী কৰি জে'ললৈ কলিয়াবৰৰ যুৱক...

কলিয়াবৰত তীৰ খেলৰ টিকট বিক্ৰী কৰা বুকি আটক কৰি জে'ললৈ প্ৰেৰণ কৰিলে আৰক্ষীয়ে...

author-image
Asomiya Pratidin
New Update
তীৰ খেলৰ টিকট বিক্ৰী কৰি জে'ললৈ কলিয়াবৰৰ যুৱক...

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ হাতীয়েখোৱাৰ পৰা চুলুং আৰক্ষীয়ে শনিবাৰে অভিযান চলাই তীৰ খেলৰ টিকট বিক্ৰী কৰা এজন যুৱকক আটক কৰে। ধৃত যুৱকজন হাতীয়েখোৱাৰ মনতাজ আলি বুলি জানিব পৰা গৈছে।

Advertisment

উল্লেখ্য যে, যুৱক জনে বহু দিনৰ পৰা নিজৰ দোকানতে এই তীৰৰ টিকট বিক্ৰী কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছিল। এক গোপন খবৰৰ ভিত্তিত চুলুং আউট পোষ্টৰ আৰক্ষী বিষয়া মৃদুল নাথৰ নেতৃত্বত আৰক্ষীৰ এটি দলে দোকানখনত উপস্থিত হৈ তীৰৰ টিকট বিক্ৰী কৰাৰ সময়তে হাতে লুটে ধৰা পেলাই যুৱকজনক।

আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে এটা মোবাইল হেণ্ডচেত, চাৰিখন তীৰ নম্বৰৰ তালিকাৰ লগতে এখন তীৰ নম্বৰ বহী জব্দ কৰিছে। ইতিমধ্যে চুলুং আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে।

Also Read: অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক খেলৰ সামগ্ৰী বিতৰণ...

Kaliabar Assam police