অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক খেলৰ সামগ্ৰী বিতৰণ...

অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ উদ্যোগত তুলসীমুখ মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ ৷ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ আহ্বান...

author-image
Asomiya Pratidin
New Update
অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীক খেলৰ সামগ্ৰী বিতৰণ...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ উদ্যোগত শনিবাৰে নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী তুলসীমুখ মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত কেইবাবিধো খেলৰ সামগ্ৰী বিতৰণ কৰা হয় ৷ জিলা অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ তৰফৰ পৰা বিতৰণ কৰা এই খেলৰ সামগ্ৰীসমূহৰ একোটা কিটৰ মূল্য প্ৰায় ৩০০০ টকা বুলি জানিব পৰা গৈছে ৷

Advertisment

খেলৰ সামগ্ৰী বিতৰণ এই অনুষ্ঠানত নগাওঁ জিলা অতিৰিক্ত উপায়ুক্ত গায়ত্ৰী শৰ্মা, অনুসূচিত জাতি উন্নয়ন বৰ্ড নগাঁৱৰ অধ্যক্ষ নৰেন দাস, সদস্য সকল ক্ৰমে অনুপম দাস, প্ৰণৱ বৰদলৈ, অৰুণ বণিয়া, নৱজ্যোতি দাস ৰ লগতে বিদ্যালয় খনৰ অধ্যক্ষ প্লাবিতা বৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷

অনুষ্ঠানটিত অতিৰিক্ত উপায়ুক্ত গায়ত্ৰী শৰ্মাই নিজৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অধ্যয়নশীলৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো সমান্তৰালভাৱে মনোনিৱেশ কৰিবলৈ আহ্বান জনাই ৷ জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ হ'ব লগীয়া এই খেলৰ সামগ্ৰীসমূহ প্ৰায় ৬,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়।

Also Read: বজালী বিজেপিত বিসম্বাদ: দলীয় কৰ্মীৰ মাজত নাই মিল...

bebejiya