উত্তৰ কমলাবাৰী শাখা সত্ৰৰ বেল নামঘৰত থাপনি পতা পৰম্পৰা পালন

উত্তৰ কমলাবাৰী শাখা সত্ৰৰ বেল নামঘৰত থাপনি পতা পৰম্পৰা পালন

author-image
Asomiya Pratidin
New Update
উত্তৰ কমলাবাৰী শাখা সত্ৰৰ বেল নামঘৰত থাপনি পতা পৰম্পৰা পালন

ডিজিটেল সংবাদ,বটদ্ৰৱা : মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা পদ্ম আতাৰ দেওবাৰে তিৰোভাৱ তিথি। দুজনা গুৰুৰ সৃষ্ট বৈষ্ণৱ ধৰ্মৰ চৰ্চা তথা প্ৰচাৰ প্ৰসাৰৰ এগৰাকী উল্লেখযোগ্য গুৰু বদলা পদ্ম আতাৰ তিৰোভাৱ তিথি উপলক্ষে নগাঁও জিলাৰ ধিং নামডুমডুমীয়া উত্তৰ কমলাবাৰী শাখা সত্ৰৰ বেল নামঘৰৰ শনিবাৰৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে।

Advertisment

শনিবাৰে দুপৰীয়া নাম প্ৰসঙ্গৰ পাছত নিশা সত্ৰৰ সকলো ভকত বৈষ্ণৱ, আইমাতৃৰ উপস্থিতিত থাপনি পতা পৰম্পৰা পালন কৰা হয়। এই শ শ বছৰীয়া পুৰণি পৰম্পৰাগত থাপনি পতা অনুষ্ঠানটিত ভকত বৈষ্ণৱে মাটিমাহ, ৰঙালাও, কোমোৰা, চাউল আদি ভোজনীয়া দ্ৰব্য প্ৰভুৰ চৰণত আগবঢ়াই দিয়ে।

ইফালে দেওবাৰে পুৱা বিভিন্ন কাৰ্য্যসূচীৰ পাছত পুৱা খোল প্ৰসঙ্গ আৰু দুপৰীয়া নাম প্ৰসঙ্গ অনুষ্ঠিত হ'ব বুলি সত্ৰৰ বেল নামঘৰৰ নামাচাৰ্য প্ৰফুল্ল বৰুৱাই জানিবলৈ দিছে।

Also Read: দুলীয়াজানৰ মধুবনত অগ্নিকাণ্ড

dhing namghar