অবৈধ বাংলাদেশী অসমত থকাতো কোনেও নিবিচাৰেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস...

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিভিন্ন ৰাজ্যৰ সমান্তৰাল ভাৱে অসমৰ পৰা অবৈধ বাংলাদেশী বিতাড়নক লৈ ৰাজ্যজুৰি এতিয়াও বিভিন্ন দল সংগঠনৰ মাজত বিতৰ্ক অব্যাহত

author-image
Asomiya Pratidin
New Update
yhyhtt

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ  কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত বিভিন্ন ৰাজ্যৰ সমান্তৰাল ভাৱে অসমৰ পৰা অবৈধ বাংলাদেশী বিতাড়নক লৈ ৰাজ্যজুৰি এতিয়াও বিভিন্ন দল সংগঠনৰ মাজত বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি হাটশিঙিমাৰী ভ্ৰমনলৈ অহা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অবৈধ বাংলাদেশীক লৈ বিভিন্ন মতামত প্ৰকাশ কৰিছে। মন্ত্ৰী গৰাকী কেবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ পাচত সাংবাদিকৰ সৈতে মত বিনিময় কৰে।

Advertisment

অবৈধ বাংলাদেশী বিতাড়নক লৈ আপোনাৰ মতামত কি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, অবৈধ বাংলাদেশী অসমত থকাটো এজন লোকেই নিবিচাৰে। মন্ত্ৰীগৰাকী ধুবুৰীত দুদিনীয়া কাৰ্যসূচীৰে বিভিন্ন চৰকাৰী অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পাচত আজি দিনৰ প্ৰায় ১ বজাত নদীপথেৰে স্প্ৰীডবোৰ্ডৰ জৰিয়তে উপস্থিত হয় হাটশিঙিমাৰীত।

ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসী জিলা দুখন বাংলাদেশীৰ ডাষ্টবিন হোৱাটো বিচৰা নাই বুলিও মন্ত্ৰী দাবী কৰিছে। দুয়োখন জিলাত ভ্ৰমণ কৰি জিলাবাসীৰ পৰা বিষয়টো নিশ্চিত হোৱা বুলি মন্ত্ৰী গৰাকীয়ে একপ্ৰকাৰে দাবী কৰা পৰিলক্ষিত হয়। প্ৰসংগক্ৰমে তেওঁ আৰু কয়, অবৈধ বাংলাদেশী আমাৰ শান্তিপ্ৰিয় ৰাজ্যখনত যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে দৃষ্টি ৰাখিবলৈ মন্ত্ৰী গৰাকীক দুয়োখন জিলাৰ সচেতন মহলে আহ্বান জনাইছে।

জিলাদুখনক লৈ বিভিন্ন জনে ৰাজনৈতিক ভাৱে বিভিন্ন মতামত কৰিলেও মন্ত্ৰী গৰাকীয়ে বাংলাদেশী বিতাড়নক লৈ জিলাদুখনৰ ৰাইজৰ সহমত দেখা পোৱা বুলিও দাবী কৰে। লক্ষণীয় যে, দিনৰ প্ৰায় ১ বজাত মন্ত্ৰী গৰাকী হাটশিঙিমাৰীত উপস্থিত হৈ প্ৰথমে জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে।

জিলাখনত বিগত দিনত কি কি চৰকাৰী আঁচনি ৰূপায়ন হৈছে আৰু কিদৰে জিলা উন্নয়ন কৰিব পাৰি তাক লৈ পৰ্যোলচনা সভাত আলোচনা কৰা হয়। বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত জিলাখনত ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। জিলা আযুক্ত ৰাহুল কুমাৰ গুপ্তাৰ ততপৰাতৰ বাবে জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা সফল ৰূপায়ন হোৱা বুলি পৰ্যালোচনা সভাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত দাবী কৰে।

বৰ্তমানলৈকে জিলাখনত ৮০ হেজাৰ ৰেচন কাৰ্ড হিতাধিকাৰী আছে। ইয়াৰে ৬০ হেজাৰ হিতাধিকাৰীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী গৃহ লাভ কৰিছে। বিপৰীতে নতুনকৈ আৰু ৯ হেজাৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে চৰকাৰে অনুমোদন দিয়াৰ লগতে বাকী থকা ১০ হেজাৰ ৰেচন কাৰ্ড হিতাধিকাৰীক চৰকাৰী আৱাস যোজনাৰ গৃহ দিবলৈ চৰকাৰে ব্যৱস্থা কৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জানিবলৈ দিয়ে। জিলাখনত যাতে কোনো এজন লোকৰ ঘৰত এটাও কেচাঘৰ নাথাকে তাৰ প্ৰতি গুৰুত্ব দিয়া বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰতিজন মন্ত্ৰীক দুই মাহৰ ভিতৰত প্ৰতিখন জিলাত উপস্থিত হৈ বিভিন্ন বিভাগত জিলাখনৰ কি কি সমস্যা আছে তাক সমাধান কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰি কয় যে, মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাচত মই জিলায় জিলায় মোৰ বিভাগত কৰিবলগীয়া কামক লৈ জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা কৰিবলৈ আৰম্ভ কৰিছো।

একেদৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লাইফ লাইন সদৃশ হাটশিঙিমাৰী-মানকাচৰ পথটো যুগ যুগ ধৰি বিধস্ত হৈ থকাৰ পাচতো পথটো কিয় পুনৰ নিৰ্মাণ কৰা হোৱা নাই বুলি সাংবাদিকো সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, অসমমালা আঁচনিৰ জৰিয়তে এই পথটো পুনৰ নিৰ্মাণৰ বাবে ইতিমধ্যে জিলা আয়ুক্ত গৰাকীয়ে চৰকাৰলৈ প্ৰতিবেদন দাখিল কৰিছে। অসমমালা আঁচনিৰ জৰিয়তে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হব বুলিও মন্ত্ৰী গৰাকীয়ে দাবী কৰে।

পৰ্যালোচনা সভাৰ অন্তত দিনৰ প্ৰায় ৪ বজাত হাটশিঙিমাৰী আৱৰ্ত ভৱনত দূপৰীয়া আহাৰ গ্ৰহন কৰি দয়াৰচৰ আৰু ভেদাইমাৰীত দুখন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ মুকলি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আনহাতে গজাৰিকান্দিতো এখন চিচি ব্লকৰ পথৰ কামৰ শুভাৰাম্ভ কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাচত জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ সৈতে এক ভিডিঅ কনফাৰেন্সত অংশগ্ৰহন কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। আজি নিশা হাটশিঙিমাৰী আৱৰ্ত ভৱনত কটোৱাৰ পাচত কাইলৈ পুৱা স্থালপথেৰে গুৱাহাটীলৈ ৰওনা হব বুলি জিলা প্ৰশাসনৰ পৰা জানিব পৰা গৈছে।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস