হাটশিঙিমাৰীত কিশোৰীক নিৰ্যাতন চলোৱা অভিযুক্তক ২০বছৰ কাৰাদণ্ড...

মানকাচৰৰ পাথুৰীয়া এলেকাত সংঘটিত ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতে আজি ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
77d36b8d-5c22-45a7-a73c-5c99a4a173af

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ পাথুৰীয়া এলেকাত সংঘটিত ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতে আজি ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে বাংলাদেশ সীমান্তবৰ্তী মানকাচৰ থানা এলেকাৰ পাথুৰীয়া গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক পাশ্বৱৰ্তী ঝাওডাঙ্গা কন্যামতী গাঁৱৰ আব্দুল ছামদৰ পুত্ৰ ছাজিদুল ইছলাম বিভিন্ন প্ৰলোভন দি ঘৰৰ পৰা অপহৰণ কৰে।

Advertisment

নিশা কুকুৰমাৰা এলেকাত লোক এজনৰ ঘৰত আশ্ৰয় লৈ কিশোৰী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰি যৌন নিৰ্যাতন চলাই ঘৰখনতে কিশোৰী গৰাকীক এৰি যুৱকজন পলায়ন কৰে। ঘটনাক লৈ ভুক্তভূগী পৰিয়ালে মানকাচৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ লগতে যৌন নিৰ্যাতন চলোৱা যুৱকটোক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে।

প্ৰায় ১ বছৰ ৩ মাহৰ অন্তত আজি হাটশিঙিমাৰী জিলা সত্ৰ ও ন্যায়াধীশ আদালতৰ এজনীয়া বিচাৰপীঠ ন্যায়াধীশ সঞ্জয় হাজৰিকাই লোক অধিবক্তা বিশ্বজিত মহন্তৰ তথ্য, প্ৰমাণ আৰু যুক্তিৰ ওপৰত ভিত্তি কৰি অভিযুক্ত ছাজিদুলক দোষী সাব্যস্ত কৰে। আদালতে কিশোৰী গৰাকীক যৌন নিৰ্যাতন চলোৱাৰ বাবে ২০ বছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰি ২ হেজাৰ টকা জৰিমনা বিহিছে।

৫০ হেজাৰ টকা আদায় দিব নোৱাৰিলে যৌন নিৰ্যাতনকাৰী ছাজিদুল অতিৰিক্ত ভাৱে আৰু তিনি মাহৰ কাৰাবাস ঘাটিব লাগিব বুলি লোক অধিবক্তা বিশ্বজিত মহন্তই এক সংবাদমেলযোগে প্ৰকাশ কৰে। লক্ষণীয় যে, কিশোৰী গৰাকীক ঘৰৰ পৰা অপহৰণৰ পাচত মানকাচৰ থানাত 366/(A)/ 376(3) IPC RW  Section 4 (i) Pocso Act ৰ অধীনত 40/2024 নম্বৰত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।

জিলা সত্ৰ ও ন্যায়াধীশ আদালৰ এই গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰায়দানক লৈ ভূক্তভূগী পৰিয়ালটো সন্তষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আনহাতে দোষী সাব্যস্ত হোৱা যুৱকটোৰ পৰিয়ালৰ মাজত শোকাকূল পৰিৱেশৰ সৃষ্টি হয়। পৰিয়ালটো উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলিও জানিব পৰা গৈছে।

যৌন নিৰ্যাতন