নগাঁও আৰু হোজাই জিলাত বিকশিত কৃষি সংকল্প অভিযান

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে বৃহস্পতিবাৰৰ পৰা ১২ জুনলৈ "বিকশিত কৃষি সংকল্প অভিযান" শীৰ্ষক দেশজোৰা প্ৰাক খাৰিফ কৃষি অভিযান ৰূপায়ন কৰিছ। "ভাৰতৰ ৭০০ জিলাৰ ১ ৰ পৰা ১.৫

author-image
Asomiya Pratidin
New Update
নগাঁও আৰু হোজাই জিলাত বিকশিত কৃষি সংকল্প অভিযান

নগাঁও আৰু হোজাই জিলাত বিকশিত কৃষি সংকল্প অভিযান

ডিজিটেল সংবাদ, বটদ্ৰৱা : ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে বৃহস্পতিবাৰৰ পৰা ১২ জুনলৈ "বিকশিত কৃষি সংকল্প অভিযান" শীৰ্ষক দেশজোৰা প্ৰাক খাৰিফ কৃষি অভিযান ৰূপায়ন কৰিছ। "ভাৰতৰ ৭০০ জিলাৰ ১ ৰ পৰা ১.৫ কোটি কৃষকক কৃষি আৰু আনুসাংগিক বিষয়ত সজাগতা সৃষ্টি কৰা, খাৰিফ শস্যৰ ঠাই বিশেষে বহনক্ষম প্ৰযুক্তিৰ বিষয়ে কৃষক সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই অভিযান ৰূপায়ণ কৰা হৈছে।

Advertisment

তাৰোপৰি মাটিৰ স্বাস্থ্য কাৰ্ড ভিত্তিত সাৰ প্ৰয়োগৰ ব্যৱস্থা প্ৰসাৰ কৰা, বিভিন্ন চৰকাৰী আচনিৰ বিষয়ে অৱগত কৰা, কৃষকসকলৰ পৰা কৃষি আৰু আনুসাংগিক খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ সন্দৰ্ভত মতামত প্ৰদান কৰা," এই সমূহ উদ্দেশ্য আগত ৰাখি ৰূপায়ন কৰা হৈছে এই কাৰ্য্যসূচী। ইয়াৰ অধীনত আজি নগাঁও জিলাৰ শেনচোৱা আঞ্চলিক সাৰ্বজনীন কলাক্ষেত্ৰ কদমতলত প্ৰথমটি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত জিলা কৃষি বিভাগ, পশু চিকিৎসা বিভাগ, মীন বিভাগৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ সভাপতি অমিতাভ বৰাই "কৃষকৰ জীৱনধাৰণৰ মান উন্নত কৰা, তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰা, আয় বৃদ্ধি কৰা আৰু তেওঁলোকৰ জীৱনযাত্রাক উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, আঁচনিৰ" বিষয়ে আলোচনা কৰে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকাই আদৰণি ভাষণ প্ৰদান কৰি, কৃষি আৰু আনুসাংগিক ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থাৰ বিশ্লেষণ কৰে। অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং, সহকাৰী আয়ুক্ত তেজশ অগ্ৰীহোত্ৰি, নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, জিলা পশুপালন বিষয়া শান্তনু কুমাৰ খাউণ্ড, জিলা মৎস্য উন্নয়ন বিষয়া হিমাংশু তালুকদাৰ, নাবাৰ্ডৰ নগাঁও আৰু হোজাই জিলা উন্নয়ন প্ৰৱন্ধক ৰাজেন্দাৰ ৰাজমাউলি পাৰনা(perna)ই ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে, এই বিকশিত কৃষি সংকল্প অভিযানৰ অধীনত নগাঁও আৰু হোজাই জিলাৰ ১৮ টা খণ্ডৰ ৫০০০ কৃষকক সামৰি, প্ৰতিদিনে দুটাকৈ বিশেষজ্ঞৰ দলে ৮০০ গৰাকী কৃষকৰ সৈতে মত-বিনিময় কৰি সজাগতা সৃষ্টি কৰিব।

batadraba