গৌৰৱ গগৈৰ উপস্থিতিত একাংশ কংগ্ৰেছ কৰ্মীৰ উদ্ভণ্ডালি! মহিলা সাংবাদিকক অভদ্ৰ আচৰণ...

কংগ্ৰেছ দলৰ সাংসদ তথা নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ আজি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী মহিলা সাংবাদিকক

author-image
Asomiya Pratidin
New Update
tyyss

ডিজিটেল ডেস্কঃ কংগ্ৰেছ দলৰ সাংসদ তথা নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ আজি যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী মহিলা সাংবাদিকক অভদ্ৰ আচৰণ কৰাতে ক্ষান্ত নাথাকি একাংশ কংগ্ৰেছ কৰ্মীয়ে মহিলা সাংবাদিকগৰাকীক গতিয়া-গতি কৰি গাৰ কাপোৰ পৰ্যন্ত ফালি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা সাংবাদিকগৰাকীয়ে। এই ঘটনাই সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Advertisment

জানিব পৰা মতে, আজি গৌৰৱ গগৈৰ যোৰহাট আগমনক লৈ বাতৰি পৰিৱেশনৰ বাবে সাংবাদিকসকলক কংগ্ৰেছ দলে নিমন্ত্ৰণ কৰিছিল। সেই অনুসৰি মহিলা সাংবাদিকগৰাকীও যথা সময়ত উক্ত স্থানত উপস্থিত হৈছিল। কিন্তু গৌৰৱ গগৈ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে মহিলা সাংবাদিকগৰাকীক একাংশ কংগ্ৰেছ কৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰাতে ক্ষান্ত নাথাকি গাৰ কাপোৰ পৰ্যন্ত ফালি দিয়ে।

কংগ্ৰেছীৰ গতিয়া-গতিত বিমানবন্দৰৰ চৌহদতে পৰি যায় সাংবাদিকগৰাকী। এই ঘটনাৰ পিছত লাজ-অপমানত জৰ্জৰিত মহিলা সাংবাদিকগৰাকীছ’চিয়েল মিডিয়াত তীব্ৰ ক্ষোভ উজাৰে। কংগ্ৰেছীসকলক উদ্দেশ্যি তেওঁ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে, 'আজি একাংশ কংগ্ৰেছীৰ অভদ্ৰামি দেখি লাজ লাগিছে.... এতিয়াই এনেকুৱা পৰিস্থিতি, শাসনলৈ আহিলে কি কৰিব আপোনালোকে, আজিয়েই বুজা গৈছে...।

গৌৰৱ গগৈ APCC ৰ সভাপতি হ'ল, কংগ্ৰেছীসকল আনন্দিত, সেয়া সকলোৱে বুজি পাইছে...। কিন্তু আজি ৰৰৈয়া বিমানবন্দৰত গৌৰৱ গগৈ উপস্থিত হোৱাৰ পাছত একাংশ কংগ্ৰেছীয়ে যেনেদৰে মহিলা সাংবাদিকক গতিয়া-গতি কৰিলে সেয়া কেতিয়াও গ্ৰহণ যোগ্য নহয়...। মোৰ পিন্ধি যোৱা কাপোৰ পৰ্যন্ত ফালিছে একাংশ কংগ্ৰেছীয়ে...।

 এনে পৰিৱেশ কেতিয়াও কামনা নকৰোঁ...। কংগ্ৰেছীৰ গতিয়া-গতিত বিমানবন্দৰৰ চৌহদতে পৰিবলগীয়া হৈছে....। যদি আপোনালোকৰ বাতৰি কৰিব নালাগে, তেন্তে এইবাৰৰ পৰা সাংবাদিকক নিমন্ত্ৰণ নকৰিব....। আপোনালোকৰ পৰা ইয়াতকৈ বেছি আশা কৰিব নোৱাৰি বুলি বুজিব পৰা গৈছে...।’

গৌৰৱ গগৈ