মায়ং আঞ্চলিক মহাবিদ্যালয়ত ট্ৰেভেল এণ্ড ট্যুৰিষ্ট গাইড শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

মায়ং আঞ্চলিক মহাবিদ্যালয়ত ট্ৰেভেল এণ্ড ট্যুৰিষ্ট গাইড শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

author-image
Asomiya Pratidin
New Update
মায়ং আঞ্চলিক মহাবিদ্যালয়ত ট্ৰেভেল এণ্ড  ট্যুৰিষ্ট গাইড শীৰ্ষক প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, মায়ংঃ পি এন বি গ্রাম্য আত্ম সংস্থাপন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ মৰিগাঁৱৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ং আঞ্চলিক মহাবিদ্যালয়ত ১০দিনীয়াকৈ আৰম্ভ কৰা ট্ৰেভেল এণ্ড ট্যুৰিষ্ট গাইড শীৰ্ষক প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে শুভাৰম্ভ হয়।প্ৰশিক্ষণ শিবিৰত মায়ং অঞ্চলৰ ৩৪গৰাকী নিবনুৱা যুৱক-যুৱতীয়ে যোগদান কৰে।

Advertisment

শুভাৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰাৰ পিছতেই প্ৰশিক্ষাৰ্থীৰ নাম পঞ্জীয়ন কৰা হয়।প্ৰশিক্ষণ শিবিৰটো উদ্বোধন কৰা সময়ত উপস্থিত থাকে জিলা প্ৰবন্ধক নিত্যানন্দ বৈশ্য, মায়ং আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক মনোজ নাথ, মায়ং উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত গাননিক বিষয়া অশোক শইকীয়া, মায়ং গাওঁ পঞ্চায়তৰ কম্পিউটাৰ সহায়ক পাপু নাথ, গাঁও প্ৰধান দুৰ্গেশ্বৰ নাথ আৰু সীমান্ত পাতৰ।

মৰিগাঁও জিলাৰ দায়িত্বত থকা পি এন বি ৰ সঞ্চালক কনক বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটোত সোমবাৰৰ অনুষ্ঠানত উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলৰ সন্মুখত বক্তব্য আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মহানন্দ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দেৱাশীষ শইকীয়া, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথ, সাংবাদিক নজৰুল ইছলাম আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ পৰ্যটন বিভাগৰ প্ৰবক্তা পাৰুল দাসে।

উল্লেখযোগ্য যে পঞ্জাৱ নেচনেল বেংকৰ অধীনত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত এই ধৰণৰ প্ৰশিক্ষণ শিবিৰ চলি আছে। প্ৰশিক্ষণৰ অন্তত পি এন বিৰ জৰিয়তে ঋণ লৈ বহু শিক্ষিত যুৱক-যুৱতীয়ে নিজৰ আত্মসংস্থাপনৰ বাট উলিয়াই ল'বলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে সঞ্চালক কনক বৰ্মনে।

Also Read: লামডিঙত ককাইয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ভগ্নীৰ, গুৰুতৰভাৱে আহত মাতৃ

ASSAM TOURISM