মৰিগাঁৱত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আইমী বৰুৱা...

আজি মৰিগাওঁ জিলাৰ ৫২ নং জাগীৰোড সমষ্টিৰ গড়মাৰি গাওঁ পঞ্চায়তত মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল।

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আইমী বৰুৱা...

ডিজিটেল সংবাদ মৈৰাবাৰীঃ কাষ চাপি আহিছে পঞ্চায়ত নিৰ্বাচন। অহা ২ মেত প্ৰথম পৰ্যায়ৰ আৰু ৭ মেত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্বাচনৰ এনে ভৰপক সময়ত অতি ব্যস্ত হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে পূৰ্ণোদ্যমে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত দেখা গৈছে বহি থকা নাই তেওঁৰ অভিনেত্ৰী পত্নী আইমী বৰুৱাও।

Advertisment

আজি মৰিগাওঁ জিলাৰ ৫২ নং জাগীৰোড সমষ্টিৰ গড়মাৰি গাওঁ পঞ্চায়তত মন্ত্ৰী পীযুষ হাজৰীকাৰ পত্নী আইমী বৰুৱাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা পৰিলক্ষিত হল। ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ একাংশ জ্যেষ্ঠ কৰ্মীৰ সৈতে তেওঁ পঞ্চায়ত নিৰ্বাচনত বিজেপিক কিয় ভোট দিব লাগে সেই বিষয়ে ভাষণ ৰখা দেখিবলৈ পোৱা গল।

আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত আইমী বৰুৱাই কয় যে, আমি সমষ্টিৰ ৰাইজৰ লগত এটা পৰিয়ালৰ দৰেই সদায়েই আছো। আগন্তুক দিনবোৰতো এটা পৰিয়ালৰ দৰেই থাকিম। উন্নয়নৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে অগ্ৰণী ভূমিকা লৈ আহিছে আৰু আগলৈয়ো সেই ভূমিক অব্যাহত থাকিব।

উল্লেখ্য যে, এই প্ৰচাৰ সভাত আইমী বৰুৱাৰ সৈতে উপস্থিত থাকে জ্যেষ্ঠ বিজেপি কৰ্মী নগেন দাস, দ্বীপেন দাসকে ধৰি কেইবাজনো নেতা। এই প্ৰচাৰ সভাত সহস্ৰাধিক ৰাইজো উপস্থিত থকা দেখিবলৈ পোৱা গল। আইমী বৰুৱাৰ এই নিৰ্বাচনী সভাই সমষ্টিটোত বিশেষ চৰ্চাও লাভ কৰিছে।

পঞ্চায়ত নিৰ্বাচন বিজেপি আইমী বৰুৱা