/asomiyapratidin/media/media_files/2025/05/17/J859fDiC095RYoU7VBJ9.jpg)
ডিজিটেল সংবাদ,মৈৰাবাৰী: মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ এলেকাধীন বৰচাপৰি গাঁৱত কালি জেলৰ পৰা মুকলি হৈ অহা ড্ৰাগছ ব্যৱসায়ী নিজাম উদ্দীন, তেওঁৰ পত্নী আৰু কেইজনমান গুণ্ডা প্ৰকৃতিৰ লোকে বৰচাপৰি গাঁওৰক্ষী বাহিনীৰ সভাপতি মাজাহৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালক বাঁহেৰে মৰিয়াই গুৰুতৰভাবে আহত কৰে।
গাঁওৰক্ষী বাহিনীৰ সভাপতি হিচাপে নিজৰ দায়িত্ব পালন কৰি ড্ৰাগছ ব্যৱসায়ী নিজাম উদ্দীন আৰু ব্যৱসায়ী পত্নী মিনাৰা খাতুনক আৰক্ষীয়ে হাতে লোটে ধৰা কাৰ্যত অলপ দিন আগত সহায় কৰিছিল সভাপতি মাজাহৰুল ইছলামে।
সেয়ে কালি জেলৰ পৰা ওলাই অহা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নিজাম উদ্দীন আৰু তেওঁৰ পত্নী মিনাৰা খাতুনে আজি সন্ধিয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি জনক ঘৰলৈ গৈ থকা অৱস্থাত আক্ৰমণ কৰে।ইতিমধ্যে আহত লোক কেইজনক মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে পলাতক হৈ আছে আক্ৰমণকাৰী ড্ৰাগছ ব্যৱসায়ী কেইজন।