/asomiyapratidin/media/media_files/2025/05/05/TGOWhvZhixUEkT7CWGyG.jpg)
ডিজিটেল ডেস্কঃ অসম লেখিকা সমাজে অহা ১১ মে’ত আন্তৰ্জাতিক মাতৃ দিৱস উদযাপনৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছে। জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ পুৱা ৯-১৫ বজাত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ’ব আৰু বিয়লি বিচিত্ৰানুষ্ঠানেৰে সামৰণি পৰিব।
তাৰোপৰি পুৱাৰ ভাগত গছপুলি ৰোপণ, থলুৱা শিল্প প্ৰদৰ্শনী, ‘অতুলনীয় বৈভৱ’ৰ দ্বাৰ উদঘাটন, প্ৰাচীৰ পত্ৰিকা উন্মোচন, ভক্তিমূলক গীতৰ অনুষ্ঠানৰ লগতে দিনৰ ১ বজাত মুকলি সভা অনুষ্ঠিত হ’ব। এই মুকলি সভাত বিভিন্ন ক্ষেত্ৰত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানতে অসম লেখিকা সমাজে প্ৰদান কৰি অহা স্নেহময়ী গান্ধাৰী গগৈ সোঁৱৰণি ‘সফল মাতৃ বঁটা’ প্ৰদান কৰা হ’ব মৰিগাওঁ জিলাৰ জালুগুটি নিবাসী বীণাপ্ৰভা দাসক। তাৰোপৰি উন্মোচন কৰা হ’ব জ্যোতি মালাকাৰ কাকতিৰ এখন কাব্যগ্ৰন্থও। এই আটাইবোৰ অনুষ্ঠানতে ৰাইজৰ উপস্থিতি আশা কৰিছে অসম লেখিকা সমাজৰ মৰিগাওঁ জিলা লেখিকা সমাজে।