/asomiyapratidin/media/media_files/2025/05/23/DouZz3ofjFohAonPR9xc.jpg)
মৃদুল কুমাৰ সন্দিকৈ
দায়িত্বশীল নেতা এচামৰ অদায়িত্বশীল কাণ্ড দেখিলে চকু কপালত উঠে। গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত পাকিস্তান ভ্ৰমণ প্ৰসংগত বাকযুদ্ধ চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সৰ্তকতাৰে এই ৰাজনৈতিক জাল চপাই আনিছে।
বাধ্যত পৰি গৌৰৱ গগৈয়ে কিছু কথা কৈছে যদিও তেওঁৰ প্ৰত্যুত্তৰবোৰ বিশ্বাসযোগ্য বা হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ খণ্ডন কৰিব পৰাকৈ যুক্তিসংগত হোৱা নাই। বৰঞ্চ বিৰোধীৰ এজন সাংসদ হিচাপে তেওঁৰ হৈ বহুলোকে এই সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু কাৰ্যৰ কিছু আসোঁৱাহ আঙুলিয়াই দিছে।
গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ তথ্যসমূহ ১০ছেপ্টেম্বৰত ৰাজহুৱা কৰাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছে। তাৰ সমান্তৰালভাৱে গৌৰৱ গগৈয়ে তেওঁৰ বিৰুদ্ধে গঠন কৰাৰ দৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধেও এছ আই টি গঠনৰ দাবী তুলিছে।
কি পৰিস্থিতিত গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণ কৰিছিল, তেওঁৰ দুই সন্তানৰ নাগৰিকত্ব আৰু শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে সাংসদজনৰ সম্পৰ্ক কি, সেই সত্য অসমৰে নহয় দেশবাসীয়েও জানিব বিচাৰে।
এই সময়চোৱাতে এখন বিশেষ আলোকচিত্ৰক লৈ কংগ্ৰেছ শিবিৰ অসমত তৎপৰ হোৱা দেখা গৈছে। যিখন আলোকচিত্ৰত ‘ড০ হিমন্ত বিশ্ব শৰ্মা’ নামৰ এখন গ্ৰন্থ বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছে হাতত লৈ আছে।
সেই আলোকচিত্ৰখন সামাজিক মাধ্যমত দি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফেচবুক পেইজৰ পৰা প্ৰশ্ন কৰা হৈছিল- ডিঙিত গামোছা, হাতত অসমৰ মুখ্যমন্ত্ৰীৰ কিতাপ লৈ থকা বাংলাদেশী নেতা মহম্মদ ইউনুছৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক কি?
৮মে, ২০২৫ত এই আলোকচিত্ৰখন সামাজিক মাধ্যমত আপলোড কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণক লৈ জবাবদিহি কৰাৰ দৰেই মুখ্যমন্ত্ৰীকো বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ সৈতে সম্পৰ্ক কি বুলি জবাবদিহি কৰাৰ চেষ্টা চলাইছে।
তাৰ পাছত পুনৰবাৰ একেখন আলোকচিত্ৰ গৌৰৱ গগৈয়েও মোবাইলত দেখুৱাই সাংবাদিকক জনালে যে, মহম্মদ ইউনুছক তেওঁ বেয়া পায়, তেওঁৰ কিতাপ ইউনুছে কেনেকৈ পালে?
সেইসময়ত মহম্মদ ইউনুছ ভাল আৰু এতিয়া মহম্মদ ইউনুছ বেয়া বুলি টিপ্পনী দি এই আলোকচিত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সৈতে ইউনুছৰ সম্পৰ্ক থকা এক অভিযোগ উত্থাপন কৰিলে।
দেশৰ বিৰোধী দলৰ উপ-দলপতি এজনে কৰা এই মন্তব্য, দেখুওৱা এই আলোকচিত্ৰৰ নিশ্চয় গুৰুত্ব আছে। কিন্তু এই দায়িত্বশীল নেতাজনে সেই আলোকচিত্ৰখনৰ আঁৰৰ কাহিনী কি, এবাৰো জনাৰ আৱশ্যকতা অনুভৱ নকৰিলে।
এদিন ভাৰতৰ সৈতে বাংলাদেশৰ অতি সুসম্পৰ্ক আছিল। ছাত্ৰ আন্দোলনৰ পৰিণতিত আকস্মিকভাৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল মহম্মদ ইউনুছে। ২০২৪চনৰ ৮আগষ্টত এই দায়িত্ব লোৱাৰ আগলৈকে প্ৰফেচাৰ ইউনুছৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাছিল।
তেতিয়া তেওঁৰ বিশ্বজুৰি এটাই পৰিচয় আছিল সেয়া হল- ২০০৬চনৰ শান্তিৰ নোবেল বিজেতা। বিশ্বৰ ভিন্ন দেশলৈ তেওঁক নিমন্ত্ৰণ কৰা হয়। অসমলৈও এই নোবেল প্ৰাপক গৰাকীক নিমন্ত্ৰণ কৰা হৈছিল।
বড়োলেণ্ড বিশ্ববিদ্যালয়ে আয়োজন কৰা নলেজ ফেষ্টিভেলত অংশ লবলৈ ইউনুছ আহিছিল কোকৰাঝাৰলৈ। এই অনুষ্ঠানত অংশ লৈ ইউনুছে ঘূৰি যোৱাৰ পথত বৰঝাৰ বিমান বন্দৰলৈ যোৱাৰ পূৰ্বে গুৱাহাটীৰ ৰেডিশ্যন ব্লুত কিছু সময়ৰ বাবে অপেক্ষা কৰিছিল।
সেই সময়ত তেওঁক সাক্ষাতৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক, অসমৰ কেইবাজনো সাংবাদিক ৰেডিশ্যন ব্লুলৈ গৈছিল। তেতিয়াই ড০ ইউনুছৰ এক চমু সাক্ষাতকাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত যোগাযোগ কৰাত ৫মিনিটৰ বাবে অনুমতি প্ৰদান কৰিছিল।
১মাৰ্চ, ২০২৩ত ইউনুছক সাক্ষাত কৰি তেওঁৰ প্ৰায় ৯মিনিটৰ এটা সাক্ষাতকাৰ অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাবে লোৱা হৈছিল। লগতে সেই সময়ত তেওঁক এখন গ্ৰন্থ উপহাৰ দিয়া হৈছিল।
যিহেতু বাংলা আৰু অসমীয়া ভাষাৰ মাজত বৰ্ণৰ বিশেষ পাৰ্থক্য নাথাকে, সেয়েহে এই গ্ৰন্থখন তেওঁক আগ্ৰহেৰে প্ৰদান কৰা হৈছিল। ভিডিঅ সাক্ষাতকাৰৰ উপৰিও অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ লেখাত এই সাক্ষাতৰ সবিশেষসহ এটা লেখাও প্ৰকাশ পাইছিল।
৩মাৰ্চ, ২০২৩ত প্ৰকাশ কৰা এই বিশেষ লেখাৰ শিৰোনাম আছিল- আমাৰ কিনে গাড়ী-বাইক, তেওঁলোকৰ....। যিটো লেখাত চুবুৰীয়া দেশখনত মাইক্ৰফাইনেন্সে কেনেদৰে পৰিৱৰ্তন সাধিছে তাৰ সবিশেষ তেওঁৰ সৈতে হোৱা বাৰ্তালাপৰ অন্তত অভিজ্ঞতাৰ ভিত্তিত লিপিৱদ্ধ কৰা হৈছিল।
বাংলাদেশৰ ৰাজনীতিত প্ৰৱেশ কৰি ইউনুছে ভাৰত তথা উত্তৰ-পূবৰ সন্দৰ্ভত পোষণ কৰা মতামত আছিল দুভাৰ্গ্যজনক। আজিৰ তুলনাত সেই সময়ৰ বাংলাদেশৰ এইগৰাকী নোবেল বিজয়ী আছিল সম্পূৰ্ণ পৃথক এজন ব্যক্তি।
আনকি, তেওঁ কোনো ৰাজনৈতিক প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা তেতিয়া বিৰত আছিল। সেইদিনাই নিজ হাতে তোলা এখন আলোকচিত্ৰ যদি কোনোবাই এনেদৰে নিজক ৰক্ষা আৰু উদ্ধাৰ কৰাৰ বাবে ভুল ব্যাখাৰে দাঙি ধৰে, তেনে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক।
১মাৰ্চ, ২০২৩ত ইউনুছৰ হাতত নিজৰ শেহতীয়া গ্ৰন্থখন উপহাৰ হিচাপে দিয়াটো নিশ্চয় অপৰাধ হব নোৱাৰে। ইয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ কোনো সম্পৰ্কই নাছিল। সামাজিক মাধ্যমত দি থোৱা সেই আলোকচিত্ৰখনকে যদি গৌৰৱ গগৈৰ দৰে লোকে এনেদৰে অপব্যৱহাৰ কৰে, তেনে সেয়া এক অপৰাধেই।
উক্ত গ্ৰন্থখন হিমন্ত বিশ্ব শৰ্মাৰ নাছিল। হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত লিখা মোৰ নিজা এখন কিতাপহে আছিল। হিমন্ত বিশ্ব শৰ্মাই নহয়, সেই কিতাপখন নিজ হাতে দি মই তোলা আলোকচিত্ৰ আছিল সেইখন।
এইখন কথাৰ সত্যতা বিচাৰ নকৰাকৈ অতি তৰলভাৱে গৌৰৱ গগৈয়ে পাকিস্তানকেন্দ্ৰিক বিৰ্তকৰ পৰা নিজক পৰিত্ৰাণ পাবলৈ এনে ল’ৰামতীয়া কাৰবাৰ কৰাতো আচৰিতজনক...