বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ জুবিন গাৰ্গৰ : ১০-২০ দিনৰ বিশ্ৰাম লোৱাৰ পৰামৰ্শ চিকিৎসকৰ

সম্প্ৰতি সুস্থ হৈ উঠিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ। বুধবাৰে নিশা হাঠাতে বুকুৰ বিষত আক্ৰান্ত হোৱা শিল্পীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত। 

author-image
Asomiya Pratidin
New Update
জুবিন গাৰ্গ

জুবিন গাৰ্গ

ডিজিটেল ডেস্ক : সম্প্ৰতি সুস্থ হৈ উঠিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গ। বুধবাৰে নিশা হাঠাতে বুকুৰ বিষত আক্ৰান্ত হোৱা শিল্পীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগতখণ্ডৰ হাস্পতালত। 

উক্ত হাস্পতালতে এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত শিল্পীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰি চিকিৎসা কৰা হয়। হাস্পতালত দুদিন থকাৰ পাছত এতিয়া জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসক ডা০ হিতেশ বৰুৱাই জানিবলৈ দিয়ে। 

গ্ৰেষ্টিকৰ সমস্যাত ভোগা জুবিন গাৰ্গক পৰ্যাপ্ত বিশ্ৰামৰ পৰামৰ্শ আগবঢ়ায় ডা০ বৰুৱাই। ডা০ বৰুৱাই কয় যে, জুবিন গাৰ্গৰ টোপনি ক্ষতি, অনিয়মিত খাদ্য আৰু পৰ্যাপ্ত বিশ্ৰামৰ অভাৱৰ বাবে এনে সমস্যাৰ সৃষ্টি হৈছিল। তেওঁৰ স্বাস্থ্য তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে। সকলো এতিয়া ঠিকেই আছে। এতিয়া মাত্ৰ তেওঁক জিৰণিৰ প্ৰয়োজন। কমেও ১০-২০ দিন জিৰণি ল’লে যথেষ্ট উপকৃত হ’ব জুবিন গাৰ্গ। তাৰোপৰি আজি বিয়লিৰ ভাগত তেওঁৰ হাস্পতালৰ পৰা ঘৰলৈ অহাৰ কথাও ব্যক্ত কৰে চিকিৎসকে।

zubeen garg