/asomiyapratidin/media/media_files/2025/05/14/cT5xURaHqXXCHmHqaw6a.jpg)
ডিজিটেল সংবাদ,মৰিগাঁওঃ মৰিগাঁৱৰ অন্তৰ্গত মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অবৈধভাৱে সুৰা বিক্ৰী কৰা কাৰ্যক বাধা দিবলৈ গৈ বিপদত পৰিল এগৰাকী গাঁও প্ৰধান। ঘটন সন্দৰ্ভত জানিব পৰা মতে, মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে সৰবৰাহকাৰীয়ে।
এই অবৈধ সুৰা ব্যৱসায় কাণ্ডক বাধা দিয়া বাবেই সুৰা ব্যৱসায়ী আব্দুল মতালেবে লোহাৰৰ ৰ'ডেৰে বেয়াকৈ মাৰপিট কৰে গাঁও প্ৰধান চহিদুল ইছলামক । লগে লগে আহত গাঁও প্ৰধানক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইতিমধ্যে ঘটনাস্থলিত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাত জড়িত ৩ জনক আটক কৰিছে লগতে আৰক্ষীয়ে অবৈধ সুৰাৰ বটলো জব্দ কৰিছে। ইফালে উক্ত ঘটনাক লৈ সমগ্ৰ মৈৰাবাৰী অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য যে, গাঁও প্ৰধান চহিদুল ইছলামৰ ঘৰ চিতলমাৰী গাঁৱত।