লামডিঙত ককাইয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ভগ্নীৰ, গুৰুতৰভাৱে আহত মাতৃ

লামডিঙত ককাইয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ভগ্নীৰ, গুৰুতৰভাৱে আহত মাতৃ

ডিজিটেল সংবাদ, লামডিংঃ লামডিঙত সংঘটিত হৈছে লোমহৰ্ষক ঘটনা। পুত্ৰই দাৰে ঘপিয়ালে মাতৃসহ নিজ ভগ্নীক। দক্ষিণ লামডিং পঞ্চায়ত অন্তৰ্গত বলোনালা অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

অঞ্চলটোৰ নাৰায়ণ দাস নামৰ এজন ব্যক্তিৰ দাৰ ঘাপত প্ৰাণ গ'ল ভগ্নী সীতা দাসৰ। আনফালে গুৰুত্বভাৱে আহত হৈছে মাতৃ কল্পনা দাস। আহত মাতৃক অতি সংকটজনক অৱস্থাত ডিফু অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, ঘটনাস্থলীত ইতিমধ্যেই লামডিং আৰক্ষীৰ লগতে হোজাই জিলাৰ উপ আৰক্ষী অধীক্ষক উপস্থিত হৈ অভিযুক্ত নাৰায়ন দাসক আটক কৰিছে । হত্যাকাণ্ড সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল নাৰায়ন দাসে। পিছে গাঁৱৰ ৰাইজে অভিযুক্তগৰাকীক আটক কৰি আৰক্ষীক গতাই দিয়ে।

জানিব পৰা মতে সা-সম্পতি আৰু পাৰিবাৰিক কণ্ডলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমতে মাতৃক আক্ৰমণ কৰা নাৰায়ন দাসৰ কবলৰ পৰা মাতৃৰ প্ৰাণ ৰক্ষা কৰিবলৈ অহা ভগ্নীক দাৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰে অভিযুক্তই। লামডিঙৰ এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ লামডিঙতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লামডিঙত ককাইয়েকৰ দাৰ ঘাপত প্ৰাণ গ'ল ভগ্নীৰ, গুৰুতৰভাৱে আহত মাতৃ
নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° পৰীক্ষিত গগৈলৈ ফুলব্ৰাইট-নেহৰু ফেল'শ্বিপ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in