/asomiyapratidin/media/media_files/2025/05/01/GoBu7IqzZynDbc1hGeQe.jpg)
ডিজিটেল সংবাদ জাগীৰোডঃ টোপাতলীৰ ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত আজি অসম সন্মিলিত মহাসংঘৰ প্ৰয়াত প্ৰাক্তন সহকাৰী সচিব সুৰেন্দ্ৰ নাথ ডেকাৰ সোঁৱৰণী সভা অনুষ্ঠিত হয়। আৰম্ভণিতে ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক তুলসী বৰদলৈয়ে।
মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে পৌৰাহিত্য কৰা সভাত নখোলা সাহিত্য চ'ৰাৰ সভানেত্ৰী সাহিত্যিক অকণ দেৱীয়ে বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত এগৰাকী কবি-শিশু সাহিত্যি ক ডেকাৰ সাধনা আৰু সৃষ্টিৰাজীৰ কথা গৌৰৱেৰে সোঁৱৰণ কৰে। সভাত ডিমৰীয়াৰ পূবেৰুণ সাহিত্য সভাৰ সম্পাদক হেমেন্দ্ৰ তহবিলদাৰ, জাগীৰোড শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰা, সাংবাদিক তুলসী মান্তা, সদৌ অসম খিলঞ্জীয়া নাথ পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ, সমাজকৰ্মী মোজাম্মিল হক, সাংবাদিক মন্টু মেধি আদিয়ে ডেকাৰ কৰ্মৰাজী সোঁৱৰণ কৰে।
সভাপতি মতিউৰ ৰহমানে কয় যে, সুৰেন্দ্ৰ নাথ ডেকাই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু হেৰোৱা অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূহক জাগ্ৰত কৰি শুদ্ধ পথেৰে যাবলৈ আহ্বান জনাইছিল অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ জড়িয়তে। খিলঞ্জীয়াৰ সুৰক্ষা সংগ্ৰাম শক্তিশালী কৰিবলৈ ডেকাই আপ্ৰাণ চেষ্টা কৰিছিল।
সভাত প্ৰয়াত ডেকাৰ পৰিয়ালৰ ক্ৰমে ডেকাৰ পত্নী বুলুবালা ডেকা, বোৱাৰী লিপি শইকীয়া ডেকা আদিয়ে যোগদান কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে।