‘যিমান বেছি পানী খাব সিমানেই ভাল’ বুলি পৰামৰ্শ দিলে নুশুনিব

কেতিয়াবা ভাবিছেনে যে জীৱনদায়ক পানীও মাৰাত্মক হ’ব পাৰে ? ভাবিলে আচৰিত যেন লাগিলেও এয়া সত্য। পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হলেও কিছুমান বিশেষ পৰিস্থিতিত একেই পানীয়ে আমাৰ বাবে বিপদ সৃষ্টি কৰিব পাৰে।

author-image
সংগীতা দাস
New Update
seo web পানী

ডিজিটেল ডেস্ক: কেতিয়াবা ভাবিছেনে যে জীৱনদায়ক পানীও মাৰাত্মক হ’ব পাৰে ? ভাবিলে আচৰিত যেন লাগিলেও এয়া সত্য। পানী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হলেও কিছুমান বিশেষ পৰিস্থিতিত একেই পানীয়ে আমাৰ বাবে বিপদ সৃষ্টি কৰিব পাৰে। এটা বিশেষ ৰোগত অতিৰিক্ত পানী খোৱাটোৱে শৰীৰত বিহৰ কাম কৰে।

Advertisment

কি এই ৰোগ?

এই ৰোগৰ নাম হ’ল হাইপ’নাট্ৰমিয়া (Hyponatremia)। শৰীৰত ছ’ডিয়ামৰ পৰিমাণ অতি কম হ’লে এই ৰোগ হয়। ছ’ডিয়াম আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, যিয়ে শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য আৰু পেশীৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। প্ৰয়োজনতকৈ অধিক পানী খালে শৰীৰত পানীৰ মাত্ৰা বাঢ়ি যায় যদিও ছ’ডিয়ামৰ পৰিমাণ পাতল হৈ পৰে। ইয়াৰ ফলত কোষ, বিশেষকৈ মগজুৰ কোষবোৰ ফুলি উঠে। এই অৱস্থাত মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

হাইপ’নাট্ৰেমিয়াৰ লক্ষণ

যদি কোনো ব্যক্তি হাইপ’নাট্ৰেমিয়া ৰোগত আক্ৰান্ত হয়, তেন্তে তেওঁৰ শৰীৰত তলত উল্লেখিত লক্ষণসমূহে দেখা দিব পাৰে-

১) সদায় ভাগৰুৱা অনুভৱ কৰা।

২) বমি হোৱা।

৩) মূৰৰ বিষ বা মূৰ ঘূৰোৱা।

৪) পেশীৰ বিষ।

৫) অত্যধিক ঘাম আৰু দুৰ্বলতা।

৬) গুৰুতৰ ক্ষেত্ৰত কোনো ব্যক্তি অচেতন হৈও পৰিব পাৰে।

এই পৰিস্থিতিৰ সন্মুখীন নহ'বলৈ কি কৰিব?

১) পিয়াহ লাগিলেহে পানী খাব – পিয়াহ অনুভৱ কৰিলেহে পানী খাব, প্ৰয়োজন নোহোৱাকৈ বাৰে বাৰে পানী নাখাব।

২) অলপ অলপকৈ পানী খাব – এবাৰতে বেছিকৈ পানী খাব নালাগে, গোটেই দিনটো কম কমকৈহে পানী খাব লাগে।

৩) যদি আপুনি খেলা-ধূলা কৰে তেন্তে স্বাভাৱিক পানীৰ সৈতে ORS, নেমু পানী বা নাৰিকলৰ পানী খাওঁক, যাতে শৰীৰত প্ৰয়োজনীয় খনিজ পদাৰ্থৰ অভাৱ নহয়। যদি আপুনি বৃক্ক, হৃদযন্ত্ৰ বা যকৃতৰ ৰোগী, তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পানী খাব। 

৪) “যিমান বেছি পানী খাব সিমানেই ভাল”-এই পৰামৰ্শ সকলোৰে বাবে প্ৰযোজ্য নহয়। শৰীৰৰ প্ৰয়োজন অনুসৰি পানী খোৱাটোহে বুদ্ধিমানৰ কাম।

৫) পানীয়েই প্ৰাণীৰ প্ৰাণ যদিও ভাৰসাম্য ৰক্ষা কৰাটো আৰু অধিক গুৰুত্বপূৰ্ণ। আপোনাৰ স্বাস্থ্যক আওকাণ নকৰিব। কোনো পৰিৱৰ্তন লক্ষ্য কৰিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব।