৩১ বছৰ বিনা বেতনে শিক্ষকতা কৰি টিউটৰ হৈ অৱসৰ লোৱা হেমেন্দ্ৰ বিশ্বাসক সম্বৰ্ধনা

৩১ বছৰ বিনা বেতনে শিক্ষকতা কৰি টিউটৰ হৈ অৱসৰ লোৱা হেমেন্দ্ৰ বিশ্বাসক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
৩১ বছৰ বিনা বেতনে শিক্ষকতা কৰি টিউটৰ হৈ অৱসৰ লোৱা হেমেন্দ্ৰ বিশ্বাসক সম্বৰ্ধনা

ডিজিটেল সংবাদ, মায়ংঃ ১৯৯২ চনতে গাঁৱৰ মাজতে কেইজনমান সহকৰ্মীক লৈ ভেন্সাৰ স্কুল এখন খুলি ৩১ টা বছৰ বিনা বেতনে চাকৰি কৰি মাত্ৰ দুটা বছৰ টিউটৰ হৈ অৱসৰ গ্ৰহণ কৰা এজন শিক্ষক। মৰিগাঁও জিলাৰ মায়ঙৰ বৰপাক গাঁৱৰ এইজন প্ৰধান শিক্ষকক বুধবাৰে গাঁৱৰ ৰাইজে ঢোলে ডগৰে আদৰি আনি ৰাজহুৱা ভাবে বিদায় সম্বৰ্ধনা জনায়। বৰপাক গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হেমেন্দ্ৰ বিশ্বাসক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌহদত ৰভা সাজি ব্যাপক আয়োজনেৰে এখন সভা অনুষ্ঠিত কৰে।

Advertisment

অৱসৰপ্ৰাপ্ত শিক্ষক মনমোহন মজুমদাৰৰ সঞ্চালনাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা শিক্ষক নিপন মল্লিকে। সভাত উপস্থিত থাকি সাংবাদিক নজৰুল ইছলামে অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ বিশ্বাসৰ ত্যাগ আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰি কয় যে টকাই সকলো মানুহৰ জীৱনত সুখ আৰু শান্তি আনি দিব নোৱাৰে।কম টকা পইচা থকা মানুহেও জীৱনত অফুৰন্ত সুখ আৰু শান্তি অনুভৱ কৰিব পাৰে। সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমেন্দ্ৰ বিশ্বাসৰ বাবে আজিৰ দিনটো জীৱনৰ অত্যন্ত সুখ আৰু শান্তিৰ দিন। শতবৰ্ষ গৰকা বৰপাক গাঁৱৰ ইতিহাসত এই দিনটো গাঁওবাসীৰ বাবেও স্মৰণীয় হৈ ৰ'ব। আনহাতে সভাত উপস্থিত থাকি কবি, লেখক ৰাজীৱ চহৰীয়াই বৰপাক গাঁও উন্নয়ন সমিতিৰ পদক্ষেপৰ শলাগ লৈ কয় যে সমাজে শিক্ষাগুৰুক আন্তৰিকতাৰে সন্মান দি থকালৈ সমাজ কেতিয়াও বিশৃংখল নহয়।

সভাত মৰিগাঁও জিলাৰ টিউটৰ সন্থাৰ সভাপতি প্ৰসেনজিত কলিতা, অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰহলাদ সৰকাৰ, বীৰেন্দ্ৰ কুমাৰ দাস, ৰতন ৰয়, বৰদলনি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নিখিল মজুমদাৰ, প্ৰধান শিক্ষক গছ বাহাদুৰ ছেত্ৰী, অহাব আলী, অভিনেতা অবিনাশ মহন্ত, সাংবাদিক তথা বৰপাক গাঁও উন্নয়ন সমিতিৰ সভাপতি হৰিপ্ৰসাদ মল্লিক প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বৰপাক গাঁও উন্নয়ন সমিতিয়ে গামোচা, শৰাই জাপি, সম্বৰ্ধনা পত্ৰ, ধৰ্মগ্ৰন্থ,অংগবস্ত্ৰ, ছাতি আদিৰে বৰপাক গাঁৱৰ উচ্চ শিক্ষাৰ বাটকটীয়া হেমেন্দ্ৰ বিশ্বাসক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক,শিক্ষকসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নিপন মল্লিক আৰু কবি,লেখক ৰাজীৱ চহৰীয়াই সভাখনৰ আঁত ধৰে।

উল্লেখযোগ্য যে, ১৯৯৪ চনত স্থাপিত বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হেমেন্দ্ৰ বিশ্বাসে ২০২১ চনত টিউটৰ ৰূপে নিযুক্তি লাভ কৰি ২০২৩ বৰ্ষৰ ৩১ জুলাইত আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এইগৰাকী সদ্য অৱসৰপ্ৰাপ্ত আদৰ্শ শিক্ষকক ঢাক- ঢোলেৰে সভালৈ আদৰি অনাৰ লগতে সভাৰ অন্তত গাঁৱৰ ৰাইজে শোভাযাত্ৰা কৰি শিক্ষকগৰাকীৰ বাসগৃহলৈ লৈ যায়। গাঁৱৰ ৰাইজৰ এনে অভাৱনীয় আদৰত শিক্ষক হেমেন্দ্ৰ বিশ্বাস আৱেগিক হোৱাৰ লগতে অভিভূত হৈ পৰে।

Also Read: বিভিন্ন দাবীৰে কোকৰাঝাৰত নেমছুৰ প্ৰতিবাদ