/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bc516ce6-7a4c-49d2-adf2-38c39eb74f8f/vddxd.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ উচ্ছেদ বন্ধ কৰা, উচ্ছেদৰ পূৰ্বে সংস্থাপন দিয়া, বিটিআৰত প্ৰতিজন লোকক ভূমিৰ অধিকাৰ দিয়া, ভূমিহীন লোকক ভূমি প্ৰদান কৰি ভূমিৰ পাট্টা দিয়াৰ দাবীকে ধৰি আন কেবাটাও দাবীৰ সমৰ্থনত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেমছুৰ উদ্যোগত বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ ৰাসমেলা পথাৰত দুইঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয় । হাতে হাতে বেনাৰ -ফেষ্টুন লৈ নেমছুৰ কৰ্মী-সমৰ্থকসকলে ব্যাপক প্ৰতিবাদ সাৱস্থ্য কৰাৰ লগতে প্ৰমোদ বড়ো লেই লেই ,ছেই ছেই , প্ৰমোদ বড়ো হায়- হায় , হিমন্ত বিশ্ব শৰ্মা হায়- হায় ধ্বনি আদি ইত্যাদি ধ্বনি দি সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।
পিছত সংবাদ মাধ্যমৰ আগত নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিপ্ৰধান প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰে । বিটিচি চুক্তিত সম অধিকাৰ , সম উন্নয়নৰ কথা আছিল যদিও প্ৰমোদ বড়োই এতিয়া সাম্প্ৰদায়িক মনোভাৱেৰে কাম কৰি আছে বুলি মন্তব্য কৰে। লগতে বাক্সাত যি ২২০ টা পৰিয়াললৈ উচ্ছেদৰ জাননি দিছে সেয়া কেতিয়াও মানি লোৱা নহ'ব আৰু প্ৰয়োজন হ'লে গুলী বুকু পাতি ল'বলৈও নেমছু সাজু বুলি উল্লেখ কৰে।
২০০ বছৰ পুৰণি মছজিদো ভাঙি দিবলৈ ওলোৱা কাৰ্যৰ কঠোৰ গৰিহণা দি নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কয় যে তাত বসৱাস কৰা মানুহখিনি কোনো আফগানিস্থান বা পাকিস্থানৰ নহয় বুলি উল্লেখ কৰি শ শ বছৰজুৰি মানুহখিনি তাতেই বসৱাস কৰি আছে বুলি উল্লেখ কৰে। নিৰ্বাচনত প্ৰমোদ বড়োক আমি ওফৰাই দিব পাৰো বুলি ঘোষণা কৰি বদৰুল ইছলামে কয় যে যি উচ্ছেদ হ'ল তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে উচ্ছেদিত ৰাইজৰ ওচৰত গৈ ক্ষমা খুজিব লাগে বুলি মন্তব্য কৰে।
পুনৰাই উচ্ছেদ কৰিলে প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়াই দি ইয়াৰ বাবে জগৰীয়া প্ৰমোদ বড়ো আৰু বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী হ'ব বুলি সদৰি কৰিছে নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে । আজিৰ ধৰ্ণা কাৰ্যসূচীত উপস্থিত সাধাৰণ সম্পাদক জিয়াউল হক , জাকিৰ হুছেইন , উপ সভাপতি গোলাপ ৰাব্বানীকে ধৰি বহু শীৰ্ষ নেতা উপস্থিত আছিল ।
Also Read: ইছলামিক গোড়ামি আৰু উগ্ৰতাৰ বাবে হিন্দু উগ্ৰ হৈছে : শিলাদিত্য