/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d38bceb4-b2c4-40fa-b72b-9b7cc45d48da/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নুমলীগড়ঃ চাহ বাগিচাৰ প্ৰকাণ্ড নলাত পৰি চটফটাই চটফটাই কৰুণ মৃত্যুক আঁকোৱালি ল'লে এটা হাতীৰ পোৱালীৱে। নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ "বিজুলী চাহ বাগিচা"ৰ ঘটনা এয়া। বন বিভাগৰ মতে মাকৰ সৈতে বিচৰণ কৰি থাকোতেই হঠাৎ বাগিচাৰ প্ৰকাণ্ড নলাত সোমাই পৰে হাতীৰ পোৱালিটো।
পোৱালিটোক উদ্ধাৰৰ বাবে মাকে যথেষ্ট চেষ্টা কৰিও বিফল হয়। নিশা সংঘটিত হোৱা এই ঘটনা মঙলবাৰে পুৱাৰ ভাগতহে পোহৰলৈ আহে। উল্লেখ্য যে, ঘটনাস্থলীত বকিয়াল বন বিভাগৰ লোক উপস্থিত হৈ প্ৰায় ছমহীয়া হাতী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা কৰি যাৱতীয় কৰ্তব্য সমাপন কৰে।
Also Read: শীঘ্ৰে সংৰক্ষিত অভয়াৰণ্য ঘোষণা হ'ব গোলাপী স্বৰ্গলৈ পৰিণত হোৱা উৰ্পদ বিল